অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱিলিছ হ’

ৱিলিছ হ’ কিট-ৱাং (চীনা: 何潔泓, জন্ম ১৫ জুলাই ১৯৯১) এজনী হং কং-ৰ সাংবাদিক, সক্ৰিয় সমাজকৰ্মী আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ হং কং ছাত্ৰ সন্থা ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক আছিল আৰু লেণ্ড জাষ্টিচ লিগৰ আহ্বায়ক আছিল। ২০১৭ চনত, হং কং ভূমি ন্যায় আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাদণ্ডৰ সন্মুখীন হৈছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৱিলিছ হ’ কিট-ৱাং (চীনা: 何潔泓, জন্ম ১৫ জুলাই ১৯৯১) এজনী হংকং-ৰ সাংবাদিক, সক্ৰিয় সমাজকৰ্মী আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ হং কং ছাত্ৰ সন্থা ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক আছিল আৰু লেণ্ড জাষ্টিচ লিগৰ আহ্বায়ক আছিল। ২০১৭ চনত, হং কং ভূমি ন্যায় আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কাৰাদণ্ডৰ সন্মুখীন হৈছিল।১

জীৱনী

হ’ এগৰাকী একক মাতৃৰ দ্বাৰা লালিত-পালিত হৈছিল আৰু তেওঁৰ এটি যমজ ভগিনী আছে। তেওঁৰ HKALEৰ আগত গ্ৰীষ্মকালত, হ’ আৰু তেওঁৰ ভগিনী হং কং এক্সপ্ৰেছ ৰেইল লিংক আন্দোলনত অংশগ্ৰহণ কৰিছিল।২

হ’য়ে লিংগনান বিশ্ববিদ্যালয়ত দৰ্শন অধ্যয়ন কৰিছিল। ২০১২-১৩ চনত তেওঁ ছাত্ৰ সন্থাৰ ভাইস-প্ৰেছিডেণ্ট (বাহ্যিক) আৰু হং কং ছাত্ৰ সন্থা ফেডাৰেচন কমিটিৰ সদস্য আছিল। পাছত তেওঁ এই ফেডাৰেচনৰ সহ-সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হয়।

২০১৬ চনত, উত্তৰ-পূব নতুন অঞ্চল উন্নয়ন কৰিবলৈ চৰকাৰৰ অৰ্থায়নৰ প্ৰতিবাদ কৰি জুন ২০১৪ত আইনসভালৈ অনধিকৃতভাৱে প্ৰৱেশ কৰাৰ বাবে, তেওঁ আৰু আন ১২ গৰাকী ব্যক্তিক সমাজ সেৱা কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।৩ হং কং ন্যায় বিভাগে আপিল কৰাৰ পাছত, ২০১৭ চনৰ আগষ্টত তেওঁক ১৩ মাহৰ কাৰাদণ্ড দিয়া হয়, যি হংকঙত এনে গোচৰৰ বাবে আটাইতকৈ কঠোৰ শাস্তি হিচাপে গণ্য হৈছিল।৪ হ’য়ে আপিল কৰি ২০১৭ চনৰ নভেম্বৰত জামিন লাভ কৰে।৫ পাছত তেওঁৰ শাস্তি বাতিল কৰা হয়।১

সাংবাদিক হিচাপে, তেওঁ হংকঙৰ সংখ্যালঘুসমূহ সম্পৰ্কে অনুসন্ধানীমূলক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। বৰ্তমানে তেওঁ ২০১৯-২০ হং কং আন্দোলন সন্দৰ্ভত এটি তথ্যচিত্ৰ প্ৰস্তুত কৰি আছে।১

তথ্যসূত্ৰ

  1. ↑ (25 April 2020). Willis Ho Kit Wang. Yerba Buena Center for the Arts
  2. ↑ (19 August 2017). 【反東北發展案·上】何潔泓入獄 媽媽:她比我還倔強得多!. HK01
  3. ↑ (20 February 2020). Community service for 13 New Territories development protesters who stormed LegCo building. Hong Kong Free Press
  4. ↑ (15 August 2017). 13 activists who stormed Hong Kong legislature jailed following successful appeal by Justice Dept.. Hong Kong Free Press
  5. ↑ (24 November 2017). Hong Kong’s top court grants bail to 8 land activists pending leave for appeal over their sentences. Hong Kong Free Press

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকসমাজকৰ্মীনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিলিছ হ’” প্ৰবন্ধৰ সংশোধন ৪৯৯৬৪৪ (২৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।