সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি) হৈছে নাগালেণ্ডৰ চুমৌকেদিমাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (NCZCC) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা, যাক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ১১ মাৰ্চ ১৯৮৬ তাৰিখে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত।
-
কামৰূপ অনুসন্ধান সমিতি
কামৰূপ অনুসন্ধান সমিতি (অসম গৱেষণা সমিতি) হৈছে অসমৰ এক প্ৰত্নতাত্বিক আৰু সমাজ বিজ্ঞান গৱেষণা সংস্থা। অসমৰ অতীত, বুৰঞ্জী, সভ্যতা, সংস্কৃতিৰ অধ্যয়নৰ লক্ষ্য আগত ৰাখি ১৯১২ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আলমতে অসম ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠে।
-
দক্ষিণ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (সংক্ষেপে SZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনস্থ এখন স্বায়ত্তশাসিত সংস্থা, যি ১৯৮৬ চনত ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা।
-
দক্ষিণ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (South-Central Zone Cultural Centre) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটি, যাক ১৯৮৬-৮৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত।
-
পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (উদয়পুৰ, ৰাজস্থান) ভাৰত চৰকাৰে স্থাপন কৰা সাতটা সাংস্কৃতিক অঞ্চলৰ ভিতৰত এটা, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
অসম জাতীয় বিদ্যালয়
অসম জাতীয় বিদ্যালয়, নুনমাটী (Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলাৰ নুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।
-
আইটন জনগোষ্ঠী
টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল। তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।
-
কুকি জনগোষ্ঠী
কুকি জনগোষ্ঠী (Kuki Tribe) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ এটা জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।।।
-
গৌহাটী বাণিজ্য মহাবিদ্যালয়
গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল।
-
পনীৰ
পনীৰ হৈছে এবিধ দুগ্ধজাত সামগ্ৰী। গাখীৰৰ পৰা আহৰণ কৰা প্ৰ'টিনত বিভিন্ন ধৰণৰ সুগন্ধি যোগ কৰি পনীৰ উৎপাদন কৰা হয়। ইয়াত গাখীৰত পোৱা প্ৰ'টিন আৰু চৰ্বি থাকে। পনীৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে গৰু, ম'হ, ছাগলী বা ভেড়াৰ গাখীৰ ব্যৱহাৰ কৰা হয়।
-
ভট্টদেৱ বিশ্ববিদ্যালয়
ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ বজালী জিলাৰ পাঠশালাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। বৰপেটাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
মায়ামৰা সম্প্ৰদায়
মায়ামৰা বা মোৱামৰীয়া (Moamariya) সম্প্ৰদায় হৈছে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মায়ামৰা সত্ৰৰ শিষ্যসকল। এওঁলোক বিভিন্ন জনগোষ্ঠীৰ যেনে মৰাণ, মটক, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত্ত আদি। এই শিষ্যসকল অসমৰ বিভিন্ন ঠাইত বিস্তৃত হৈ আছিল। মোৱামৰীয়া শিষ্যসকলৰ ভিতৰত সংখ্যাগৰিষ্ঠ আছিল মৰাণসকল।
-
মিচিমি জনগোষ্ঠী
মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ'ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়।
-
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
দাই জনগোষ্ঠী
দাই জনগোষ্ঠী হৈছে চীনৰ য়ুন্নান প্ৰদেশৰ চিচুৱাংবান্না দাই স্বায়ত্ব প্ৰান্ত আৰু দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তত বাস কৰা কেইবাটাও টাই জাতিৰ ঠাল। চীনৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ৫৬টা নৃগোষ্ঠীয় গোটৰ ভিতৰত দাই জনগোষ্ঠী অন্যতম।
-
বৰপেটা চিকিৎসা মহাবিদ্যালয়
বৰপেটা চিকিৎসা মহাবিদ্যালয় (Barpeta Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত।
-
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয়। বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে। বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে।
-
সদৌ অসম লেখিকা সমাৰোহ সমিতি
সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা দুশতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।
-
সৰিয়হ গুটি
সৰিয়হ এবিধ তেলজাতীয় গোলাকাৰ বীজ, ইয়াৰ ৰং গাঢ় ৰঙা আৰু ক'লা হয়, আন এবিধ সৰিয়হ হালধীয়া বৰণৰ হয়, যাক সাধাৰণতে হালধীয়া বৰণৰ বুলি নকৈ বগা সৰিয়হ বুলিহে জনা যায়। ইয়াৰ ফুলবিলাকৰ ৰং হালধীয়া হয়। সৰিয়হৰ গুটি বিলাকৰ আকাৰ ১ ৰ পৰা ২ মিলিমিটাৰ (০.০৩৯ ৰ পৰা ০.০৭৯ ইঞ্চি) হয়।
-
নাৰিকলৰ গাখীৰ
নাৰিকলৰ গাখীৰ হৈছে কুটি লোৱা নাৰিকলৰ পৰা উলিওৱা তৰল পদাৰ্থ। নাৰিকলৰ গাখীৰ অস্বচ্ছ আৰু সোৱাদযুক্ত হয়। ইয়াত অধিক পৰিমাণে তেল থাকে, যাৰ বেছিভাগেই সংপৃক্ত চৰ্বি। নাৰিকলৰ গাখীৰ দক্ষিণ-পূব এছিয়া, কেৰেবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাত খোৱা এক জনপ্ৰিয় খাদ্য উপাদান।
-
আৰ্নাই
আৰ্নাই একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। হস্তচালিত তাঁতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে। বড়ো পৰম্পৰা অনুসৰি আৰ্নাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰি, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়।
-
উত্তৰ পূৱৰ টাই জনগোষ্ঠীৰ তালিকা
উত্তৰপূব ভাৰতৰ টাই জনগোষ্ঠীসমূহৰ তালিকা তলত দিয়া ধৰণৰ- আহোম জনগোষ্ঠী ফাকে জনগোষ্ঠী খামটি জনগোষ্ঠী আইটন জনগোষ্ঠী খাময়াঙ জনগোষ্ঠী টুৰুঙ জনগোষ্ঠী
-
এলজিবিটি প্ৰতীক
এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে।
-
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান।
-
চুঙাত দিয়া
চুঙাত দিয়া (cooked in bamboo tube) হৈছে ভাৰত, চীন, ভিয়েটনাম আদি এছিয়াৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী। এই পদ্ধতিত বাঁহৰ চুঙাত বিভিন্ন খাদ্য সামগ্ৰী ভৰাই জুইত পুৰি প্ৰস্তুত কৰা হয়। সাধাৰণতে, ইয়াক পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলে প্ৰস্তুত কৰে।
-
ছয়দুৱাৰ মহাবিদ্যালয়
ছয়দুৱাৰ মহাবিদ্যালয় (ইংৰাজী : Chaiduar College) শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ এখন পুৰণি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। গহপুৰ নগৰৰ নিচেই কাষতে মহাবিদ্যালয়খন অৱস্থিত।
-
তিনিচুকীয়া মহাবিদ্যালয়
তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
-
তেজপুৰ চিকিৎসা মহাবিদ্যালয়
তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে।