অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Indira Gandhi National Open University, চমুকৈ IGNOU) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়।

হালনাগাদ: ১১ জুন ২০২৫ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Indira Gandhi National Open University, চমুকৈ IGNOU) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামাকৰণ কৰি ভাৰতৰ সংসদ ভৱনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আইন, ১৯৮৫ (ইগ্নু আইন ১৯৮৫) গৃহীত হোৱাৰ পাছত ১৯৮৫ চনত ২০ মিলিয়ন বাজেটেৰে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।১ ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ইগ্নু ৩,০৯৩,৫৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় নামভৰ্তিৰে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়। ৬৭টা আঞ্চলিক কেন্দ্ৰ আৰু ২,২৫৭টা শিকাৰু সমৰ্থন কেন্দ্ৰৰ নেটৱৰ্কৰ সমৰ্থনত ইগ্নুয়ে ইয়াৰ ২১খন বিদ্যালয়ৰ জৰিয়তে ৩৩৩টা শৈক্ষিক কাৰ্যসূচী প্ৰদান কৰে।২

ভাষা

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন “আধুনিক ভাৰতীয় ভাষা” (MILs) যেনে মালয়ালম ভাষা, মাৰাঠী ভাষা, ওড়িয়া ভাষা, পঞ্জাবী ভাষা, তামিল ভাষা, তেলুগু ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, ভোজপুৰী ভাষা, গুজৰাটী ভাষা, কন্নড় ভাষা, কাশ্মীৰী, মেইতেই ভাষা (মণিপুৰী) আৰু নেপালী ভাষা ভাষাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আগবঢ়ায়।৩

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ তালিকা

উপাচাৰ্যকাৰ্যকাল
জি. ৰাম ৰেড্ডী১৯৮৫-৯০
ভি. চি. কুলন্দাইস্বামী১৯৯০-৯৫
ৰাম জি. টাকৱালে১৯৯৫-৯৮
এ. ডব্লিউ. খান১৯৯৮-২০০১
এইচ. পি. দীক্ষিত২০০১-০৬
ভি. এন. ৰাজাশেখৰন পিল্লাই২০০৬-১১
এম. আছলম২০১১-১২
গোপীনাথ প্ৰধান২০১২-১৩
এম. আছলম২০১৩-১৭
নাগেশ্বৰ ৰাও২০১৮-২৪
উমা কাঞ্জিলাল২০২৪-বৰ্তমানলৈকে৪৫

তথ্যসূত্ৰ

  1. ↑ (1985). IGNOU Act 1985. Ministry of Human Resource Development. Government of India
  2. ↑ . Indira Gandhi National Open University. IGNOU. Indira Gandhi National Open University
  3. ↑ (2024-02-21). Kashmiri language introduced by IGNOU at under-graduate level. ThePrint. Printline Media Pvt Ltd
  4. ↑ S(h)arma, Gautam. IGNOU appoints Prof Uma Kanjilal as new Acting Vice Chancellor, know about her academic achievements and more. www.msn.com
  5. ↑ Authorities. IGNOU

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১৭১৭৭ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।