সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্বতন্ত্ৰ মহিলা মঞ্চ
স্বতন্ত্ৰ মহিলা মঞ্চ (Independent Women's Forum) হৈছে মহিলাসকলৰ বাবে চিন্তা-উদ্ৰেককাৰী অৰ্থনৈতিক নীতি-জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা আমেৰিকাৰ ৰক্ষণশীল, অ-লাভজনক সংস্থা।
-
স্বপুৰীয়া
স্বপুৰীয়া (কেতিয়াবা উচ্চাৰণ স্বানপুৰীয়া) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ লগতে বাংলাদেশতো পোৱা এটা মুছলমান সম্প্ৰদায়। এওঁলোকক বেদিয়া মাল আৰু চানপুই বুলিও কোৱা হয়।
-
স্মাদাৰ লেভি
স্মাদাৰ লেভি (Smadar Lavie) কেলিফৰ্ণিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক এমেৰিটা, আৰু মিজৰাহি নৃতত্ত্ববিদ, লেখক আৰু কৰ্মী। তেওঁ ইজিপ্ত, ইজৰাইল আৰু পেলেষ্টাইনৰ নৃতত্ত্বৰ বিশেষজ্ঞ; জাতি, লিংগ আৰু ধৰ্মৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
সৰ্বভাৰতীয় মহিলা আইনজীৱী সংস্থা
সৰ্বভাৰতীয় মহিলা আইনজীৱী সংস্থা বা অল ইণ্ডিয়া ফেডাৰেচন অৱ উইমেন ল'য়াৰ্ছ হৈছে ভাৰতীয় মহিলা উকীলৰ এটা সংস্থা। ২০০৭ চনত এই ফেডাৰেচন স্থাপন কৰা হয়। ই সমাজ পঞ্জীয়ন আইনৰ অধীনত পঞ্জীয়নভুক্ত সংস্থা। এই ফেডাৰেচন আন্তঃৰাষ্ট্ৰীয় মহিলা আইনজীৱী সংস্থা (ফিডা)ৰ সৈতে জড়িত।
-
হজ আৰু উমৰাৰ মন্ত্ৰালয়
হজ আৰু উমৰাৰ মন্ত্ৰালয় ( Ministry of Hajj and Umrah চমুকৈ, MHU) (আৰবী: وزارة الحج والعمرة) হৈছে ছৌদি আৰৱৰ এটা চৰকাৰী মন্ত্ৰালয় যিয়ে হজ আৰু উমৰাৰ উদ্দেশ্যে দেশত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা প্ৰদানৰ তদাৰক কৰাৰ লগতে তেওঁলোকৰ নিৰাপদ পৰিবহণ আৰু পবিত্ৰ চহৰ মক্কা আৰু…
-
হলপতি
হলপতিসকলে মূলতঃ ভাৰতৰ গুজৰাট ৰাজ্যত বসবাস কৰে। ইয়াৰ উপৰিও ওচৰ-চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহতো তেওঁলোকৰ কম সংখ্যক জনসংখ্যা আছে। তেওঁলোকক তালাভিয়া বা তালৱী ৰাথোড় বুলিও জনা যায়।
-
হা-টোমাৰ
হা-টোমাৰ (ইংৰাজী: Ha-Tomer; হিব্ৰু: התומר; অৰ্থ: দ্য টোমাৰ) হ’ল এটা কলা সমবায় যি ১৯২০ চনত তেল আভিভ-জাফাত সক্ৰিয় আছিল। ইয়াৰ সদস্যসকল ইজৰাইলত আধুনিকতাবাদী শিল্পৰ সমৰ্থন আৰু ৰূপায়ণ কৰা প্ৰথমসকলৰ ভিতৰত আছিল। হা-টোমাৰে অঞ্চলটোৰ প্ৰথমটো আৰ্ট গেলেৰী হিচাপেও কাম কৰিছিল।
-
হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ
হাঁহৰ তেজ আৰু ভাৰ্মিকেলি চুপ (চীনা: 鸭血粉丝汤) হৈছে জাংছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ এক পৰম্পৰাগত সুস্বাদু খাদ্য, আৰু ইয়াক চীনৰ অন্যান্য প্ৰান্ততো খোৱা হয়। পোলেণ্ড, বেলাৰুছ আৰু লিথুৱানিয়াতো ইয়াৰ সৈতে মিল থকা এটা ব্যঞ্জন খোৱা হয়, য’ত ইয়াক জাৰনিনা বুলি কোৱা হয়।
-
হাজং জনগোষ্ঠীৰ সাজপাৰ
হাজং জনগোষ্ঠীৰ সাজপাৰ সাধাৰণতে হাজং জনগোষ্ঠীৰ মহিলাসকলে তৈয়াৰ কৰে। হাজং মহিলাসকলৰ প্ৰত্যেকেই একোগৰাকী পাৰ্গত শিপিনী বুলিব পাৰি। হাজংসকলে সাজপাৰ তৈয়াৰ কৰা তাঁতশালক "বানা" বুলি কয়। বানা প্ৰতিটো হাজং পৰিয়ালৰ এক সাংস্কৃতিক সম্পদ।
-
হাজ্জাম
হিজামা, যাক কাপিং বুলিও কোৱা হয়, ভাৰতৰ কাপিং থেৰাপীৰ বাবে জনাজাত এটা জনগোষ্ঠী। হিজামা শব্দটো আৰবী শব্দ আল হাজমৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "শোহা", একপ্ৰকাৰ চিকিৎসা পদ্ধতিক বুজায়। আৰব দেশত এজন এই পদ্ধতি অনুশীলনকাৰীক হিজামা বুলি কোৱা হৈছিল, আৰু ভাৰততো এই নাম ব্যৱহাৰ কৰা হৈছিল।
-
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া
হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া (Hamidabad College, Satsia) খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত অৱস্থিত।
-
হায়দৰাবাদী বিৰিয়ানী
হায়দৰাবাদী বিৰিয়ানী ( Haydrabadi Biriyani) হায়দৰাবাদৰ এক বিশেষ প্ৰকাৰ বিৰিয়ানী যি সমগ্ৰ ভাৰততে খাদ্যৰসিকসকলৰ প্ৰিয়৷ এই বিৰিয়ানী বাচমতী চাউল আৰু মাংসৰে ৰন্ধা হয়৷ এইবিধ খাদ্য হায়দৰাবাদৰ নিজামৰ ৰন্ধনশালৰ পৰা উৎপত্তি হোৱা আৰু ইয়াত মোগলাই ৰন্ধন শৈলী আৰু হায়দৰাবাদৰ নিজা বৈশিষ্ট সোমাই আছে৷
-
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Halakura H. S. School) হৈছে অসমৰ ধুবুৰী জিলাৰ আগমনি অঞ্চলৰ এক উচ্চ শিক্ষা প্ৰতিষ্ঠান। ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। বৰ্তমান বিদ্যালয়খনত ৬ষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়।
-
হালীম
হালীম বা হালিম হৈছে দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য আৰু মধ্য এছিয়াত বহুলভাৱে খোৱা এক প্ৰকাৰৰ ষ্টু। যদিও অঞ্চলভেদে খাদ্যৰ ভিন্নতা থাকে, তথাপিও ইয়াত ঐচ্ছিকভাৱে ঘেঁহু বা যৱ, মচুৰ দাইল আৰু মাংস আদি মিহলোৱা হয়। মচুৰ দাইল আৰু মছলাত মাংস লাহে লাহে সিজাই তৈয়াৰ কৰা হয়।
-
হিন্দ অল-ইৰায়নী
হিন্দ অল-ইৰায়নী (Hind Al-Eryani) এগৰাকী য়েমেনৰ সমাজকৰ্মী আৰু সাংবাদিক। তেওঁ মহিলাৰ অধিকাৰ, লিংগ সংখ্যালঘুকে ধৰি এলজিবিটিকিউ+ আৰু য়েমেনত শান্তিৰ পোষকতা কৰে৷ তেওঁ এই বিষয়সমূহৰ সমৰ্থনত বহুতো প্ৰবন্ধ লিখিছে। তেওঁ ড্ৰাগছৰ দৰে পদাৰ্থৰ বিৰুদ্ধেও যুঁজিছে।
-
হিন্দী দিৱস
হিন্দী দিৱস (हिन्दी दिवस) প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য।
-
হিন্দুধৰ্মত নাৰী
নাৰীৰ স্থিতি সম্পৰ্কত শাস্ত্ৰকে আদি কৰি হিন্দুধৰ্মৰ বিভিন্ন গ্ৰন্থত পৰস্পৰ সামঞ্জস্য নথকা দৃষ্টিভংগী পোৱা যায়। ইয়াৰে কোনো গ্ৰন্থত নাৰীক সৰ্বোচ্চ নেতৃত্বৰ স্থান দিয়াৰ বিপৰীত অন্য কিছু গ্ৰন্থত লিংগৰ ভিত্তিত ব্যক্তিৰ ভূমিকাৰ সীমাবদ্ধতাৰ বিষয়ে কোৱা হৈছে।
-
হুছেইনী ব্ৰাহ্মণ
হুছেইনী ব্ৰাহ্মণ পঞ্জাৱ অঞ্চলৰ মহীয়াল ব্ৰাহ্মণ সম্প্ৰদায়ৰ ভিতৰত এটা সম্প্ৰদায়। মহীয়াল সম্প্ৰদায়ত বালি, ভীমৱাল, ছিব্বৰ, দত্ত, লাউ, মোহন আৰু বৈদ নামৰ সাতটা উপগোত্ৰ আছে। কিন্তু তেওঁলোকৰ হিন্দু পৰম্পৰাৰ লগত সামঞ্জস্যপূৰ্ণভাবে তেওঁলোকে অ-ভাৰতীয় পৰম্পৰা গ্ৰহণ কৰিছে।
-
হুৰিয়া মাছহৌৰ
হুৰিয়া মাছহৌৰ ( Hooria Mashhour, জন্ম-১৯৫৪) য়েমেনৰ এগৰাকী মানৱ অধিকাৰ আৰু মহিলা অধিকাৰ কৰ্মী। ২০১২ চনৰ পৰা আৰম্ভ হোৱা বিপ্লৱৰ পিছৰ য়েমেনত মানৱ অধিকাৰ মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। সুৰক্ষাৰ চিন্তাত ২০১৪ চনত তেওঁ এই পদ এৰি এডেনলৈ গুচি যায়।
-
হেড টাই
হেড টাই, যাক হেডৰেপ বুলিও কোৱা হয়, মহিলাৰ কাপোৰৰ হেড স্কাৰ্ফ; যি সাধাৰণতে পশ্চিম আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত পৰিধান কৰা হয়। হেড টাইক অলংকাৰিক হেড কভাৰিং বা ফেশ্বন এক্সেচৰিজ হিচাপে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ উপযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়।
-
হেপ্পী টু ব্লিড
হেপ্পী টু ব্লিড (Happy to bleed; অসমীয়া অনুবাদ: ৰক্তক্ষৰণত সুখী) হৈছে এক সামাজিক আন্দোলন। ভাৰতত ঋতুস্ৰাৱৰ সৈতে জড়িত যিকোনো বিষয়কে নিষিদ্ধ বুলি ভবা আৰু ইয়াক লজ্জাজনক, কলংকিত বিষয় বুলি বিবেচনা কৰা মনোবৃত্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবেই এই আন্দোলনৰ সৃষ্টি। এই আন্দোলনটো আৰম্ভ কৰিছিল নিকিতা আজাদে।
-
হেমো আইদেউ
হেমো বা ভামো আইদেউ ( Hemo or Bhamo Aidew) আহোমৰ তুংখুঙীয়া ফৈদৰ এগৰাকী কুঁৱৰী আছিল৷ তেওঁৰ পিতৃৰ নাম আছিল বগা কোঁৱৰ৷ বগা কোঁৱৰ চাৰিং ৰজাৰ ডালৰ আছিল৷ হেমো আইদেউক মান ৰজা বডোফাইলৈ দি মানৰ সৈতে আহোমৰ সন্ধি কৰা হৈছিল৷ হেমো আইদেউ দেখাত বৰ শুৱনী আছিল৷ তেওঁৰ গাৰ বৰণ “হেম’’ অৰ্থাৎ সোণৰ দৰে আছিল বাবে তেওঁক…
-
হোমেইৰা কাদেৰী
১৯৮০ চনত জন্মগ্ৰহণ কৰা হোমেইৰা কাদেৰী (Homeira Qaderi) এগৰাকী আফগান লেখিকা, মহিলা অধিকাৰৰ সমৰ্থক আৰু পাৰ্চী সাহিত্যৰ অধ্যাপিকা৷ তেওঁ বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্সড ৰিচাৰ্চত ৰবাৰ্ট জি জেমছ স্কোলাৰ সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২০১৪ চনত ভাৰতৰ নতুন দিল্লীৰ…
-
হৰিছ(খাদ্য)
হৰিছ বা জৰীছ(Harees) (আৰবী: هريس), বকো বকো বা হাৰিছা (আৰ্মেনিয়ান: հարիսա, ৰোমানীকৃত: হাৰিছা) হৈছে সিজোৱা, ফাটি যোৱা বা মোটাকৈ পিহি লোৱা ঘেঁহু বা বুলগুৰৰ সৈতে মাংস মিহলাই তৈয়াৰ কৰা সুস্বাদু খাদ্য। ইয়াৰ ঘনত্ব লুথুৰী আৰু আঞ্জাৰ মাজত বেলেগ হয়।
-
হ’ৰট
হ’ৰট ( Hwarot) হৈছে গ'ৰিয়েও আৰু জো’চেন যুগত কেৱল ৰাজকীয় মহিলাসকলে আনুষ্ঠানিক অনুষ্ঠানত আৰু পিছলৈ সাধাৰণ লোকে বিয়াৰ বাবে পিন্ধা এক প্ৰকাৰৰ পৰম্পৰাগত কোৰিয়ান কাপোৰ। আধুনিক বিয়াৰ পাইবেক প্ৰথাত এতিয়াও ইয়াক পৰিধান কৰা হয়।
-
১৯৭৯ চনত তেহৰাণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰতিবাদ
১৯৭৯ চনৰ ৮ মাৰ্চত তেহৰানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰতিবাদ ১৯৭৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্য্যে ইৰাণৰ তেহৰাণত মহিলাৰ পদযাত্ৰা অনুষ্ঠিত হৈছিল। এই পদযাত্ৰাটো প্ৰথমে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদ্যাপনৰ উদ্দেশ্য আছিল যদিও ইৰাণ বিপ্লৱৰ সময়ত মহিলাৰ অধিকাৰৰ পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদলৈ…
-
৫০০ মহিলা বিজ্ঞানী
৫০০ মহিলা বিজ্ঞানী হৈছে বিজ্ঞানক মুকলি, সৰ্বজনীন আৰু সুলভ কৰি তোলাৰ বাবে উৎসৰ্গিত এটা অলাভজনক গোট।এই অভিযানত উপনীত হ'বলৈ তেওঁলোকে জনসংযোগৰ জৰিয়তে বৈজ্ঞানিক সাক্ষৰতা বৃদ্ধিৰ কাম কৰে, বিজ্ঞান আৰু সমতাৰ পোষকতা কৰে আৰু আত্মপৰিচয় কৰা মহিলাসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাত উপনীত হ'বলৈ প্ৰয়োজনীয় সঁজুলি…
-
৯৯%ৰ নাৰীবাদ
৯৯% নাৰীবাদ (Feminism of the 99%) হৈছে সমসাময়িক, তৃণমূল পৰ্যায়ৰ, উগ্ৰ নাৰীবাদী আন্দোলন, যিয়ে আন্তঃবিভাজনতাক স্বীকৃতি দিয়ে আৰু অন্যান্য নাৰীবাদী আন্দোলনে উপেক্ষা কৰা মহিলাকে ধৰি সকলো মহিলা আৰু তেওঁলোকৰ সক্ৰিয়তাৰ পোষকতা কৰে।২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ভিউপইণ্ট মেগাজিনত প্ৰকাশিত এক আবেদনত আমেৰিকাৰ…
-
ৰংগিনা হামিদি
ৰংগিনা হামিদি (Rangina Hamidi; জন্ম:- ১৯৭৮) এগৰাকী আফগান-আমেৰিকান লেখিকা, শিক্ষাবিদ, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ। আফগানিস্তানত মহিলাৰ অধিকাৰৰ বক্তা হিচাপে সুপৰিচিত আৰু আফগানিস্তানৰ ছোৱালী আৰু মহিলা সবলীকৰণৰ বাবে বিভিন্ন সামাজিক প্ৰকল্পত তেওঁ জড়িত হৈ আছে।
-
ৰংপুৰ চৰকাৰী মহাবিদ্যালয়
ৰংপুৰ চৰকাৰী মহাবিদ্যালয়, ৰংপুৰ হৈছে বাংলাদেশৰ ৰংপুৰ চহৰৰ এখন চৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন চহৰৰ কেন্দ্ৰস্থল ৰাধাবল্লভ অঞ্চলত অৱস্থিত আৰু ২৫ জুলাই, ১৯৬৩ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান এই মহাবিদ্যালয়ত উচ্চ মাধ্যমিক স্তৰত বিজ্ঞান, মানৱিক আৰু বাণিজ্য শাখাত শিক্ষা দিয়া হয়।