অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা।

হালনাগাদ: ৩০ মে’ ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল।১

ASFFDC-এ বিগত বৰ্ষবোৰত অন্য প্ৰযোজনা সংস্থাৰ সৈতে যুটীয়াভাবে জাহ্নু বৰুৱাৰ 'বান্ধোন' (২০১২), ৰজনী বসুমতাৰীৰ 'ৰাগ' (২০১৪) আদিকে ধৰি বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰিছে।২৩

কাৰ্যাৱলী

ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।

  • অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান
  • শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক সহযোগিতা আগবঢোৱা
  • চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয় সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
  • ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
  • ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা
  • ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ যোগান৪

প্ৰযোজনা কৰা ছবিৰ তালিকা

মুক্তিৰ বৰ্ষছবিৰ নামসহযোগী প্ৰযোজকপৰিচালকবঁটা-বাহন
২০০০নিষিদ্ধ নদী-বিদ্যুৎ চক্ৰৱৰ্তী২০০৫ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা
২০১৩বান্ধোন-জাহ্নু বৰুৱাশ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
২০১৪ৰাগৰজনী বসুমতাৰীৰজনী বসুমতাৰী
২০১৪পানীযদুমণি দত্তযদুমণি দত্ত
২০১৪শৃংখলপ্ৰবীন হাজৰিকা, প্ৰীতি শইকীয়াপ্ৰবীণ হাজৰিকা
২০১৪টি আৰ পি আৰুজে আৰ এ্ণ্টাৰপ্ৰাইজমৃদুল গুপ্তা
২০১৬সাত নম্বৰৰ সন্ধানত-আব্দুল মজিদ
২০১৬দিকচৌ বনত পলাশ ‍‍‍‍উৎপল দাস (কেনভাস্ক'প)সঞ্জীৱ সভাপণ্ডিত
২০১৭তুমি আহিবানেপ্ৰেৰণা ক্ৰিয়েচনপ্ৰেৰণা বৰবৰুৱা
২০১৭সোণাৰ বৰণ পাখিবসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱাববী শৰ্মা বৰুৱা৫

তথ্যসূত্ৰ

  1. ↑ ASFFDC - Right To Information
  2. ↑ (21 November 2012). Post 'Baandhon', ASFFDC plans to revive Assam film industry. Business Standard. Press Trust of India
  3. ↑ (27 November 2014). Film body works on returns. The Telegraph
  4. ↑ Functions and Objectives. THE ASSAM STATE FILM (FINANCE AND DEVELOPMENT) CORPORATION
  5. ↑ List of Feature Films Produced/Co-produced by ASFFDC. DEPARTMENT OF CULTURAL AFFAIRS, ASSAM GOVT

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰঅসমৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত” প্ৰবন্ধৰ সংশোধন ৫১৩৭৮০ (৩০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।