অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱমেন ইন ৰেড

ৱমেন ইন ৰেড (Women in Red, আক্ষৰিকভাবে 'ৰঙা ৰঙত মহিলা') ৱিকিপিডিয়াৰ সমলত বৰ্তমানৰ লিংগ পক্ষপাতিত্বৰ মোকাবিলা কৰিবলৈ আৰম্ভ কৰা এক ৱিকিপ্ৰকল্প। এই প্ৰকল্পটোৱে মহিলাৰ জীৱনী, মহিলাৰ কাম-কাজ আৰু মহিলাৰ লগত জড়িত অন্যান্য অনুসংগিক বিষয় সম্পৰ্কে সমল সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৪ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৱমেন ইন ৰেড (Women in Red, আক্ষৰিকভাবে 'ৰঙা ৰঙত মহিলা') ৱিকিপিডিয়াৰ সমলত বৰ্তমানৰ লিংগ পক্ষপাতিত্বৰ মোকাবিলা কৰিবলৈ আৰম্ভ কৰা এক ৱিকিপ্ৰকল্প। এই প্ৰকল্পটোৱে মহিলাৰ জীৱনী, মহিলাৰ কাম-কাজ আৰু মহিলাৰ লগত জড়িত অন্যান্য অনুসংগিক বিষয় সম্পৰ্কে সমল সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰকল্পটোৰ নাম বৰ্তমানৰ ৱিকিপিডিয়া প্ৰবন্ধৰ হাইপাৰলিংকৰ নামেৰে নামকৰণ কৰা হৈছে। সংযোজিত প্ৰবন্ধটো এতিয়াও সৃষ্টি হোৱা নাই বুলি সূচিত কৰিবলৈ ৱিকিপিডিয়াৰ হাইপাৰলিংকে ৰঙা ৰঙত প্ৰদৰ্শন কৰে। ইয়াৰ পৰায়ে 'ৱমেন ইন ৰেড' নাম গ্ৰহণ কৰা হৈছে।১২৩

ইতিহাস

২০১৫ চনত ৱিকিপিডিয়াৰ স্বেচ্ছাসেৱী সম্পাদক ৰজাৰ বামকিনে 'ৱমেন ইন ৰেড'ৰ ধাৰণাৰ অৱতাৰণা কৰিছিল। তাৰ পিছতে স্বেচ্ছাসেৱক সম্পাদক ৰোজি ষ্টিফেনচন-গুডনাইটে বাহিনীত এই যোগদান কৰিছিল। বামকিনে প্ৰথমতে "প্ৰজেক্ট এক্সএক্স" প্ৰকল্পটোৰ বাবে এটা নাম প্ৰস্তুত কৰিছিল। কিন্তু পিছলৈ এই ৱিকিপ্ৰজেক্ট ৱমেন ইন ৰেড নামেৰে জনাজাত হয়।৪ প্ৰকল্পটো চলি থকাৰ সময়ত স্বেচ্ছাসেৱক সম্পাদক এমিলি টেম্পল-উডে স্বাক্ষৰ কৰিছিল। তেওঁৰ বিশেষত্ব হৈছে যেতিয়াই কোনোবাই তেওঁক তেওঁৰ স্বেচ্ছাসেৱী সম্পাদনাৰ প্ৰচেষ্টাৰ বিষয়ে হাৰাশাস্তি কৰে তেতিয়ায়ে তেওঁ এগৰাকী মহিলা বিজ্ঞানীৰ বিষয়ে এটা নতুন ৱিকিপিডিয়া প্ৰবন্ধ আৰম্ভ কৰে।৪

২০১৬ চনত ইটালীৰ এচিনো লাৰিঅ'ত অনুষ্ঠিত ৱিকিমেনিয়াত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেলছে ষ্টিফেনচন-গুডনাইট আৰু টেম্পল-উডক তেওঁলোকৰ যোৱা ১২ মাহৰ কামৰ বাবে 'দ্য ৱিকিপিডিয়ানছ অফ দা ইয়েৰ' অৰ্থাৎ 'বৰ্ষশ্ৰেষ্ঠ ৱিকিপিডিয়ান' নাম দিছিল। তেওঁলোকে এই প্ৰকল্পৰ জৰিয়তে ৱিকিপিডিয়াৰ লৈংগিক ব্যৱধান পূৰণ কৰাৰ চেষ্টা কৰিছিল।৪

পদ্ধতিসমূহ

ৰোজি আৰু ৰজাৰে (স্কাইপৰ জৰিয়তে উপস্থিত হৈ) মেক্সিকো চিটিত ৱিকিমেনিয়া ২০১৫ৰ সময়ত ৱমেন ইন ৰেড গঠনৰ কথা ঘোষণা কৰিছিল।
ৰোজি আৰু ৰজাৰে (স্কাইপৰ জৰিয়তে উপস্থিত হৈ) মেক্সিকো চিটিত ৱিকিমেনিয়া ২০১৫ৰ সময়ত ৱমেন ইন ৰেড গঠনৰ কথা ঘোষণা কৰিছিল।ছবি: Luisalvaz · CC BY-SA 4.0

ৱমেন ইন ৰেডে বিশ্বৰ বিভিন্ন চহৰসমূহত ৱিকিপিডিয়া এডিটাথন পৰিচালনা কৰে। লগতে নিৰন্তৰভাৱে ইয়াৰ এক অনলাইন ভাৰ্চুৱেল সংস্কৰণৰো আয়োজন কৰে।৫ নতুন অৱদানকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে আয়োজিত গোটেই দিনৰ ব্যক্তিগত সম্পাদনা মেলাসমূহ কেন্দ্ৰীভূত অনুষ্ঠান। ৱিকিপিডিয়াৰ লৈংগিক ব্যৱধান সংকীৰ্ণ কৰিবলৈ আৰু উল্লেখযোগ্য মহিলাৰ ওপৰত অধিক সমল অন্তৰ্ভুক্ত কৰিবলৈ নতুন স্বেচ্ছাসেৱী সম্পাদকক উদগনি যোগোৱা ইয়াৰ অন্যতম প্ৰধান উদ্দেশ্য। ৩ ইয়াৰ আন এটা উল্লেখযোগ্য লক্ষ্য হৈছে মহিলা স্বেচ্ছাসেৱী সম্পাদকৰ সংখ্যা বৃদ্ধি কৰা। যদিও ৱিকিপিডিয়া হৈছে "যিকোনো লোকে সম্পাদনা কৰিব পৰা মুক্ত বিশ্বকোষ", ২০১৫ চনলৈকে ইয়াত প্ৰায় মাত্ৰ ১০ শতাংশ সম্পাদক মহিলা আছিল।৬

ৱমেন ইন ৰেড প্ৰকল্পৰ অংশগ্ৰহণকাৰীসকলে ৰঙা লিংক প্ৰস্তুত কৰা প্ৰবন্ধবোৰৰ ১৫০টা কৰ্ম তালিকা একত্ৰিত কৰাত সহায় কৰে যাতে হেৰাই যোৱা প্ৰবন্ধবিলাক বিচাৰি উলিওৱা আৰু সৃষ্টি কৰা সহজ হয়।৭

২০১৬ চনৰ ২২ ডিচেম্বৰ তাৰিখলৈকে ৱমেন ইন ৰেড প্ৰকল্পৰ স্বেচ্ছাসেৱক সম্পাদকসকলে ৪৫,০০০ তকৈও অধিক প্ৰবন্ধ যোগ দিছিল। ২০১৫ চনৰ জুলাই মাহত ১৫ শতাংশ প্ৰবন্ধৰ তুলনাত ইংৰাজী ভাষাৰ জীৱনীবোৰৰ সামান্য বৃদ্ধি হৈ ১৬.৮ শতাংশ হৈছিল।৮

বঁটা আৰু সন্মান

২০১৬ চনৰ আইটিইউ/ইউএন মহিলা জিইএম-টেক বঁটাৰ শ্ৰেণী: মহিলা সশক্তিকৰণ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে প্ৰযুক্তি প্ৰয়োগ শিতানত ৱমেন ইন ৰেড প্ৰকল্প তালিকাভুক্ত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Statistics based on Wikimedia Foundation Wikipedia editor surveys 2011 (Nov. 2010-April 2011) and November 2011 (April – October 2011)
  2. ↑ Hill, Benjamin Mako; Shaw, Aaron; Sánchez, Angel. (June 26, 2013). The Wikipedia Gender Gap Revisited: Characterizing Survey Response Bias with Propensity Score Estimation. PLOS ONE. পৃ. e65782
  3. ↑ Wikipedia editing marathons add women's voices to online resource. Houston Chronicle
  4. ↑ Redden, Molly. (March 19, 2016). Women in science on Wikipedia: will we ever fill the information gap?. The Guardian
  5. ↑ Chemistry, The Royal Society of. (August 18, 2017). Improving gender balance on Wikipedia. www.rsc.org
  6. ↑ Andrew Lih. (June 20, 2015). Can Wikipedia Survive?. www.nytimes.com
  7. ↑ Stein, Lucia. (December 9, 2016). Wikipedia edit-a-thon tackles internet gender gap. ABC News
  8. ↑ Kessenides, Dimitra; Chafkin, Max. (December 22, 2016). Is Wikipedia Woke? The ubiquitous reference site tries to expand its editor ranks beyond the Comic Con set. Bloomberg.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱমেন ইন ৰেড” প্ৰবন্ধৰ সংশোধন ৪০৪৬১২ (৬ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।