ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ১ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়।২৩ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে। ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত স্থাপিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।৪
ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল হিন্দু সংস্কাৰ আৰু নীতিৰে চৰিত্ৰ গঠন কৰি হিন্দু সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰা আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰা।৫৬ এই সংস্থায়ে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায় আৰু হিন্দুত্ব বিচাৰধাৰাৰ সহায়ত হিন্দু সম্প্ৰদায়ৰ সৱলীকৰণ কৰিবলৈ চেষ্টা কৰে।৭৮ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে প্ৰথমতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সোঁপন্থী গোটৰ পৰা অনুপ্ৰাণিত হৈছিল।৬ পিছলৈ ই এক বৃহৎ হিন্দু ৰাষ্ট্ৰবাদী অনুষ্ঠানত পৰিণত হল। বৰ্তমান ইয়াৰ অধীনত বহুতো অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ক্লাৱ আদি আছে আৰু ইয়াৰ জৰিয়তে সংঘয়ে নিজৰ বিচাৰধাৰা বিস্তাৰ কৰে।৬
ব্ৰিটিছৰ শাসন কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ নিষিদ্ধ ঘোষিত হৈছিল।৬ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এতিয়ালৈকে ই তিনিবাৰ নিষিদ্ধ ঘোষিত হৈছে। প্ৰথমে ১৯৪৮ চনত মোহনদাস কৰমচান্দ গান্ধীৰ হত্যাৰ লগত পূৰ্বৰ সংঘৰ সদস্য জড়িত থকা বুলি গম পোৱাৰ পিছত৯৬১০১১ দ্বিতীয়বাৰ ১৯৭৫-৭৭ চনৰ আপাতকালৰ সময়ত আৰু তৃতীয়বাৰ ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসৰ পিছত।
তথ্যসূত্ৰ
- ↑ Rashtriya Swayamsevak Sangh (RSS)
- ↑ Andersen Damle 1987, পৃ. 111
- ↑ Jeff Haynes. (2 September 2003). Democracy and Political Change in the Third World. Routledge. পৃ. 168–. ISBN 978-1-134-54184-3
- ↑ Rashtriya Swayamsevak Sangh: National Upsurge
- ↑ Andersen Damle 1987, পৃ. 2
- ↑ Atkins, Stephen E. (2004). Encyclopedia of modern worldwide extremists and extremist groups. Greenwood Publishing Group. পৃ. 264–265. ISBN 978-0-313-32485-7
- ↑ Dina Nath Mishra. (1980). RSS: Myth and Reality. Vikas Publishing House. পৃ. 24. ISBN 978-0706910209
- ↑ Jaffrelot, Christophe. (2010). Religion, Caste, and Politics in India. Primus Books. পৃ. 46. ISBN 9789380607047
- ↑ Krant M. L. Verma Swadhinta Sangram Ke Krantikari Sahitya Ka Itihas (Part-3) p.766
- ↑ (18 August 2004). RSS releases 'proof' of its innocence. The Hindu
- ↑ Gerald James Larson. (1995). India's Agony Over Religion. State University of New York Press. পৃ. 132. ISBN 0-7914-2412-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।