গৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য।
নিৰ্যাতনৰ ধৰণ
গৃহ নিৰ্যাতনৰ প্ৰধান ধৰণবোৰৰ ভিতৰত আছে:
গৃহ নিৰ্যাতনৰ কাৰণ
গৃহ নিৰ্যাতনৰ প্ৰধান কাৰণবোৰৰ ভিতৰত আছে:
- দাৰিদ্ৰ্য২
- আৰ্থিক সমস্যা২
- মানসিকতাৰ পৰিবৰ্তন২
- যুদ্ধৰ প্ৰভাৱ২
- নৈতিকতাৰ অভাব
- সামাজিক মূল্যবোধৰ অভাব
- অদক্ষ গৃহকৰ্মী
- শিশু গৃহকৰ্মী
গৃহ নিৰ্যাতনৰ প্ৰভাব
- নিৰ্যাতনৰ ফলত নাৰীয়ে কৰ্মস্থল ত্যাগ কৰিব লগা হয়, ফলত উৎপাদনশীলতা ব্যহত হৈছে১;
- নিৰ্যাতিত মহিলাসকল প্ৰায়ে পলমকৈ কৰ্মস্থলিলৈ আহে বা ছুটিৰ পূৰ্বেই কৰ্মস্থল ত্যাগ কৰে১, ফলত কৰ্মস্থলিৰ স্বাভাৱিক কাৰ্যক্ৰমত বিঘ্ন ঘটে;
- নিৰ্যাতিত মহিলাসকলৰ টোপনিত ব্যাঘাত ঘটে১;
- নিৰ্যাতিতা সকলৰ নিজৰ কামৰ উৎসাহ-উদ্দীপনাৰ অভাব আৰু আত্মবিশ্বাসহীনতাত ভোগে১;
- নিৰ্যাতনৰ ফলত নিৰ্যাতিতা সকলৰ মনত সৰ্বদা এক ধৰণৰ ভীতিয়ে প্ৰভাব পেলায়১;
- নিৰ্যাতনৰ চিকাৰ হোৱা নাৰীসকল গৃহ ত্যাগৰ ফলত উৎপীড়ণৰ চিকাৰ হয়৩;
- গৃহ পৰিচালনাত ব্যাঘাত দেখা দিয়ে।
- পতিতা বৃত্তি বৃদ্ধি পায়।
- চুৰিৰ ঘটনা ঘটে।
- শিশু অপহৰণৰ ঘটনা ঘটে।
- অন্যান্য অপৰাধৰ ঘটনা ঘটে।
অঞ্চল ভিত্তিক তথ্য
পৃথিবীৰ বিভিন্ন স্থানত এই ধৰণৰ নিৰ্যাতনৰ ঘটনা অহৰহ ঘটি থাকে; সাধাৰণতে তুলনামূলকভাৱে যুদ্ধ বিদ্ধস্থ অঞ্চল, নিম্ন−উন্নয়নশীল অঞ্চল আৰু শিক্ষাৰ হাৰ যিবোৰ অঞ্চলত কম সেইবোৰ অঞ্চলত এনে নিৰ্যাতনৰ প্ৰকোপ বেছি লক্ষণীয়।
এছিয়া
ইউৰোপ
ৰাছিয়াত প্ৰতিবছৰে ৬ লক্ষ নাৰী নিজৰ গৃহত নিৰ্যাতনৰ চিকাৰ হয়৪। যুদ্ধ-বিদ্ধস্থ ছাৰ্বিয়াত প্ৰতি ৩ গৰাকী নাৰীৰ ভিতৰত এগৰাকী নাৰী এই ধৰণৰ নিৰ্যাতনৰ চিকাৰ হয়২। অন্য ফালে, জাৰ্মানিত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰ মহিলা নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলৰ সাহায্যাৰ্থে গঢ়ি উঠা বিভিন্ন আশ্ৰয় কেন্দ্ৰত আহি আশ্ৰয় লয়।১
বহি:সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰুৱা নিৰ্যাতন” প্ৰবন্ধৰ সংশোধন ৪১৯০৪৪ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।