অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় ( Assam Science and Technology University) জালুকবাৰী,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০১১ চনত সমগ্ৰ অসম ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে "অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আইন ২০০৯"ৰ দ্বাৰা স্থাপন কৰে।১২
প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ ক্ষেত্ৰত উন্নতিৰ বাবে বিশ্ববিদ্যালয়খনে অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰ এক চুক্তি স্বাক্ষৰ কৰিছে। ৩
পাঠ্যক্ৰমসমুহ
- প্ৰযুক্তিবিদ্যাৰ স্নাতক (BTech)
- ফাৰ্মাচীবিদ্যাৰ স্নাতক (BPharm)
- ফাৰ্মাচীবিদ্যাৰ স্নাতকোত্তৰ (MPharm)
- কম্পিউটাৰ ব্যৱহাৰিকবিদ্যাৰ স্নাতকোত্তৰ (MCA)
- প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ (MTech)
- বাণিজ্যিক প্ৰশাসনিকবিদ্যাৰ স্নাতকোত্তৰ (MBA)
- বিজ্ঞানৰ স্নাতক (BSc)
- বিজ্ঞানৰ স্নাতকোত্তৰ (MSc)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪০০৯৬৪ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।