অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৱাইজ কেম্পেইন

ৱাইজ কেম্পেইন (ইংৰাজী: WISE Campaign - Women into Science and Engineering) হ’ল যুক্তৰাজ্য ভিত্তিক এটা সংস্থা যিয়ে মহিলা আৰু ছোৱালীক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) সম্পৰ্কীয় পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰিবলৈ আৰু সেই সম্পৰ্কীয় পেচাত জড়িত হ’বলৈ উৎসাহিত কৰে।

হালনাগাদ: ৩০ জুন ২০২৬ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৱাইজ কেম্পেইন (ইংৰাজী ভাষা: WISE Campaign - Women into Science and Engineering) হ’ল যুক্তৰাজ্য ভিত্তিক এটা সংস্থা যিয়ে মহিলা আৰু ছোৱালীক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) সম্পৰ্কীয় পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰিবলৈ আৰু সেই সম্পৰ্কীয় পেচাত জড়িত হ’বলৈ উৎসাহিত কৰে। ইয়াৰ লক্ষ্য হ’ল মহিলা আৰু ছোৱালীৰ মাজত এই বিষয়সমূহৰ গুৰুত্ব তথা পেছাদাৰী পৰ্যায়ত এইবোৰে প্ৰদান কৰা সুযোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ই 'ইউকেআৰচি' নামৰ সংস্থাটোৰ দ্বাৰা ৱাইজ (WISE) নামেৰে পৰিচালিত হয় (কোম্পানী নম্বৰ ০৭৫৩৩৯৩৪)।১

গঠন

এই অভিযান ১৯৮৪ চনৰ ১৭ জানুৱাৰীত আৰম্ভ হৈছিল।২ ইয়াৰ নেতৃত্ব দিছিল এগৰাকী অৰ্হতাসম্পন্ন মেকানিকেল ইঞ্জিনীয়াৰ বেৰোনেছ প্লেট অৱ ৰিটলে। সেই সময়ত যুক্তৰাজ্যৰ স্নাতক ইঞ্জিনীয়াৰসকলৰ ৭% আৰু পেচাদাৰী ইঞ্জিনীয়াৰসকলৰ মাত্ৰ ৩% মহিলা আছিল। এইটো ইঞ্জিনিয়াৰিং কাউন্সিল আৰু ইকুৱেল অপৰচুনিটিছ কমিছনৰ মাজত এক সহযোগিতামূলক প্ৰচেষ্টা আছিল, যাক প্ৰথমে ৱাইজ'৮৪ (WISE'84) নামৰ এবছৰীয়া অভিযান হিচাপে গণ্য কৰা হৈছিল।৩৪

কাৰ্যকলাপ

ৱাইজৰ এটা অন্যতম মূল উদ্দেশ্য হ’ল এই খণ্ডসমূহত অধ্যয়নৰত বা কৰ্মৰত ছাত্ৰী আৰু মহিলাসকলৰ কথা শুনা আৰু তেওঁলোকৰ মতামত শৈক্ষিক প্ৰতিষ্ঠান, নীতি নিৰ্ধাৰক আৰু নিয়োগকৰ্তাসকলৰ ওচৰত উপস্থাপন কৰা। ই বিভিন্ন সংস্থাৰ সৈতে কাম কৰি তেওঁলোকক পৰম্পৰাগত দৃষ্টিভংগীক প্ৰত্যাহ্বান জনোৱাত সহায়ক হোৱাকৈ আৰ্হি আৰু সঁজুলি যোগান ধৰে, যাতে সম-অংশগ্ৰহণ নিশ্চিত কৰিব পৰা যায়। যিবোৰ কেৰিয়াৰত এসময়ত মহিলাৰ অংশগ্ৰহণ প্ৰায় অসম্ভৱ বুলি গণ্য কৰা হৈছিল, তেনে ক্ষেত্ৰত অধিক ছোৱালী আৰু মহিলাক জড়িত কৰিবলৈ ৱাইজে লিংগভিত্তিক গতানুগতিক ধাৰণাৰ বিৰুদ্ধে যুঁজ দিয়ে।

১৯৮৬ চনত ৱাইজৰ কামৰ অংশ হিচাপে থেমছ পলিটেকনিকৰ প্ৰবক্তা পামেলা মৰ্টনে এক গৱেষণা চলাইছিল। তেওঁ পাইছিল যে ৱাইজ অভিযান চলি থকা সত্ত্বেও যোৱা এটা দশকত কম্পিউটাৰ ছায়েন্স ডিগ্ৰীত নামভৰ্তি কৰা মহিলাৰ সংখ্যা আধালৈ হ্ৰাস পাইছে আৰু এই ধাৰা অব্যাহত আছে। তেওঁ আইটি উদ্যোগত মহিলাৰ সংখ্যা বৃদ্ধিৰ বাবে এক অভিযানৰ আয়োজন কৰিবলৈ আইটি স্কিলছ এজেন্সিৰ কাষ চাপিছিল। এই প্ৰচেষ্টাসমূহে ১৯৮৯ চনৰ 'ৱমেন ইন আইটি' অভিযানৰ বিকাশত অৰিহণা যোগাইছিল।৫

ৱাইজে সমগ্ৰ যুক্তৰাজ্যতে কাম কৰে আৰু ওৱেলছ, উত্তৰ আয়াৰলেণ্ড তথা স্কটলেণ্ডত ইয়াৰ বিশেষজ্ঞ সমিতি আছে। উদ্যোগ আৰু প্ৰাসংগিক প্ৰতিষ্ঠানসমূহৰ স্বেচ্ছাসেৱকসকলে ৱাইজৰ বিভিন্ন সমিতিৰ বৈঠকত অংশ লয় আৰু প্ৰকল্পসমূহ ৰূপায়ণ কৰে।

২০১১ চনত 'ইউকেআৰচি' নামৰ বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত লিংগ সমতাৰ বাবে কাম কৰা বিশেষজ্ঞ সংস্থাটো ৱাইজৰ অংশ হৈ পৰে। ২০০৭ চনৰ পৰা ইউকেআৰচিৰ অধ্যক্ষ হিচাপে থকা ট্ৰুডি নৰিছ-গ্ৰে তেতিয়া ৱাইজৰ অধ্যক্ষ হয়।৬ ৱাইজে ৰাজকুমাৰী এনী, ডেম জুলিয়া হিগিন্স, কেট বেলিংহাম আৰু জোয়ানা কেনেডীক ইয়াৰ পৃষ্ঠপোষক হিচাপে গণ্য কৰে। প্ৰতিষ্ঠাপক অধ্যক্ষ তথা পৃষ্ঠপোষক বেৰোনেছ প্লেট অৱ ৰিটলৰ ২০১৫ চনৰ ১ ফেব্ৰুৱাৰীত ৯১ বছৰ বয়সত মৃত্যু হয়।৭

বাহ্যিক সংযোগ

  • of WISE Campaign
  • UK Parliament Business, Innovation and Skills Committee: Written evidence submitted by the Women into Science and Engineering (WISE) Campaign 11 Oct 2012

তথ্যসূত্ৰ

  1. ↑ WISE website About us
  2. ↑ History of WISE
  3. ↑ Georgina Ferry, New Scientist 12 January 1984 pp 10–11 "WISE Campaign for Women Engineers"
  4. ↑ The Times, Wednesday, 18 January 1984 p 3 "More women urged to work in science"
  5. ↑ Virgo, Philip; Beech, Carol; Pearce, Pat. (1991). The Women into Information Technology (WIT) Campaign. Women into Computing. Springer. পৃ. 276–285. ISBN 978-1-4471-3875-4
  6. ↑ WISE website Board and Team
  7. ↑ Obituary: Baroness Platt of Writtle

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাইজ কেম্পেইন” প্ৰবন্ধৰ সংশোধন ৬১৫০২৩ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।