অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক একক পদ্ধতি

আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI (ফৰাচী ভাষাত Système International) একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি।

হালনাগাদ: ১৩ মে’ ২০২০ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI (ফৰাচী ভাষাত Système International) একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি। ১

১৯৬০ চনত SI একক অৰ্থাৎ মিটাৰ-কিলোগ্ৰাম-ছেকেণ্ড (MKS) পদ্ধতি চেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড (CGS) বা Metric এককৰ পৰিবৰ্তে ব্যৱহাৰ আৰম্ভ হয়।

SI মৌলিক একক সমূহ

আন্তৰ্জাতিক একক পদ্ধতিয়ে (International System of Units) (SI) সাতটা মৌলিক ভৌত একক চিহ্নিত কৰিছে যাৰ পৰা অন্যান্য যৌগিক একক সমূহক বৰ্ণনা কৰিব পাৰি। এই সাতটা মৌলিক একক "SI বৰ্ণিত একক (SI derived units)” বা "SI একক” নামে পৰিচিত। তলত উল্লেখিত এককসমূহ হল মৌলিক SI একক। মাত্ৰাৰ দিশৰ পৰা ইহঁত স্বাধীন।

নামচিহ্নৰাশিবৰ্ণনাউৎপত্তি
কিলোগ্ৰামkgভৰফ্ৰান্সৰ সভ্ৰত Bureau International des Poids et Mesures (BIPM) ত সংৰক্ষিত প্লেটিনাম-ইৰিডিয়াম সংকৰ ধাতুৰে তৈয়াৰ কৰা এটা চুঙাৰ ভৰক ১ কিলোগ্ৰাম বোলে। এই চুঙাৰ ব্যাস ৩.৯ চেন্টিমিটাৰ আৰু উচ্চতা ৩.৯ চেন্টিমিটাৰ।২
ছেকেণ্ডsসময়শূন্য কেলভিন তাপমাত্ৰাত এটি অনুত্তেজিত চিজিয়াম ১৩৩ পৰমাণুৰ ৯,১৯২,৬৩১,৭৭০ টা স্পন্দন সম্পন্ন কৰিবলৈ যিমান সময় লাগে তাকে ১ ছেকেণ্ড বোলে। Defined by: 13th CGPM (1967-1968) Resolution 1, CR 103২৪ ঘন্টায় এক দিন, ৬০ মিনিটে এক ঘণ্টা আকৌ ৬০ ছেকেণ্ডে এক মিনিট। এক ছেকেণ্ড হল এদিনৰ ১/(২৪×৬০×৬০) অংশ।
মিটাৰmদূৰত্ব১/২৯,৯৭,৯২,৪৫৮ ছেকেণ্ডত বায়ু শূন্য স্থানত পোহৰে যিমান পথ অতিক্ৰম কৰে তাকে এক মিটাৰ বোলে৩ আৰু ই ১০০ চেন্টিমিটাৰৰ সমান(প্ৰায় ৩৯.৩৭ ইঞ্চি)। Defined by: 17th CGPM (1983) Resolution 1, CR 97পৃথিৱীৰ বিষুৱৰেখাৰ পৰা পেৰিছৰ ওপৰৰ পৰা উত্তৰমেৰুগামী কাল্পনিক ৰেখাৰ ১/১,০০,০০,০০০ অংশ হল এক মিটাৰ।
এম্পিয়াৰAবৈদুতিক প্ৰৱাহবায়ুশূন্য স্থানত এক মিটাৰ দূৰত্বত অৱস্থিত অসীম দৈৰ্ঘ্যৰ আৰু উপেক্ষণীয় প্ৰস্থচ্ছেদৰ দুটি সমান্তৰাল সৰল পৰিবাহীৰ প্ৰত্যেকতে যিমান পৰিমাণৰ বিদ্যুৎ প্ৰৱাহ ঘটালে পৰস্পৰৰ মাজত প্ৰতি মিটাৰ দৈৰ্ঘ্যত ২×১০−৭ নিউটন বল উৎপন্ন হলে তাক ১ এম্পিয়াৰ বোলে।৪
কেলভিনKতাপমাত্ৰাপানীৰ তিনি বিন্দুয় (অৰ্থাৎ যি তাপমাত্ৰাত পানী কঠিন, তৰল আৰু গেছীয় - এই তিনিওটা অৱস্থাতেই থাকে) তাপমাত্ৰাৰ ১/২৭৩.১৬ অংশ হল এক কেলভিন। Defined by: 13th CGPM (1967) Resolution 4, CR 104সমুদ্ৰ পৃষ্ঠত পানীৰ হিমাংক আৰু উতলাংকৰ মধ্যবৰ্তী তাপমাত্ৰাৰ ১/১০০ অংশ হল ১ কেলভিন।
ম'লmolপদাৰ্থৰ পৰিমাণযিমান পৰিমাণ ০.০১২ কিলোগ্ৰাম কাৰ্বন ১২ ত অৱস্থিত পৰমাণুৰ সমান সংখ্যক প্ৰাথমিক একক(যেনেঃ পৰমাণু, অণু, আয়ন, ইলেকট্ৰন ইত্যাদি বা এইবোৰৰ নিৰ্দিষ্ট কোনো গ্ৰুপ) থাকে, তাকে ১ ম'ল বোলে। এই সংখ্যাটি(NA) হল প্ৰায় ৬.০২২১৪১৫×১০২৩ মল।
কেণ্ডেলাcdদীপন তীব্ৰতাকোনো ৫৪০×১০১২ হাৰ্টজ কম্পনাংকৰ শুদ্ধ এক-কম্পনাংক পোহৰ উৎসৰ দীপ্তিৰ বিকিৰণ তীব্ৰতা ১/৬৮৩ ৱাট/ষ্টেৰেডিয়ান হলে তাৰ দীপন তীব্ৰতাক এক কেণ্ডেলা বোলা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Essentials of the SI: Introduction
  2. ↑ New Techniques in the Manufacture of Platinum-Iridium Mass Standards, T. J. Quinn, Platinum Metals Rev., 1986, 30, (2), pp. 74–79
  3. ↑ 17th General Conference on Weights and Measures (1983), Resolution 1.
  4. ↑ Bodanis, David. (2005). Electric Universe. Three Rivers Press. ISBN 978-0‐307‐33598‐2
  5. ↑ Base unit definitions: Candela. The NIST Reference on Constants, Units, and Uncertainty

সম্পৰ্কিত শ্ৰেণী

জোখ-মাখ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক একক পদ্ধতি” প্ৰবন্ধৰ সংশোধন ২২৭৩৭৫ (১৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।