অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (Assam State Electricity Board, চমুকৈ ASEB) হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অসমৰ বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ কামসমূহ পৰিচালনা কৰে।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (Assam State Electricity Board, চমুকৈ ASEB) হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অসমৰ বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ কামসমূহ পৰিচালনা কৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসিমিত (NEEPCO) আৰু Power Grid Corporation of India Ltd (PGCIL)য়ে ক্ৰমে বিদ্যুৎ উৎপাদন আৰু বিদ্যুৎ সৰবৰাহৰ ক্ষেত্ৰত পৰিষদৰ সৈতে পৰিপূৰকৰ ভূমিকা পালন কৰে।

প্ৰতিষ্ঠা

বিদ্যুৎ অধিনিয়ম ১৯৪৮-ৰ অধীনত ১৯৫৮ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ প্ৰতিষ্ঠা কৰা হয়। ১৯৭২ চনত মেঘালয় আৰু মিজোৰাম অসমৰ পৰা ফাটি সুকীয়া ৰাজ্য হিচাপে ঘোষিত হোৱাত ১৯৭৫ চনত এই পৰিষদখন পুনৰ্গঠন কৰা হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. Power Department, Government of Assam - assamgovt.nic.in/departments/electricity_dept.as
  2. www.emt-india.net

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ” প্ৰবন্ধৰ সংশোধন ৫৭০৯০৮ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।