সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লাংগা ৱনি
লাংগা ৱনি (ইংৰাজী: langa voni) হৈছে দক্ষিণ ভাৰতৰ ছোৱালীয়ে পুষ্পিতা হোৱা আৰু বিবাহ হোৱাৰ মাজৰ সময় খিনিত পৰিধান কৰা এবিধ পৰম্পৰাগত সাজপাৰ। ইয়াক তামিল ভাষাত “পাৱড়ৈ দাৱনি” আৰু কানাড়া ভাষাত “লাংগা দাৱনী” বুলিও কোৱা হয়। ইয়াক দুটুকুৰা শাৰী বা আধা শাৰী বুলিও কোৱা হয়।
-
লিংগ বিশ্লেষণ
লিংগ বিশ্লেষণ Gender Analysis হৈছে এক প্ৰকাৰৰ আৰ্থ-সামাজিক বিশ্লেষণ যিয়ে লিংগ সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত হোৱা উন্নয়নৰ সমস্যাৰ দিশবোৰ উন্মোচন কৰে। লিংগ বিশ্লেষণৰ কাঠামোসমূহে লিংগ বিশ্লেষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে এক পদ্ধতি প্ৰদান কৰে।
-
লেডী আৰউইন কলেজ
লেডী আৰউইন কলেজ উত্তৰ কেম্পাছত অৱস্থিত দিল্লী বিশ্ববিদ্যালয়ৰ এখন গঠনমূলক মহাবিদ্যালয়। ১৯৩২ চনত স্থাপিত এই মহাবিদ্যালয়খন ভাৰতৰ নতুন দিল্লীত অৱস্থিত আৰু ইয়াত গৃহ বিজ্ঞান আৰু খাদ্য প্ৰযুক্তিৰ স্নাতক পাঠ্যক্ৰমৰ লগতে গৃহ বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমো আছে।
-
লেবাননৰ নাৰী
লেবাননত মহিলাৰ ভূমিকা বিগত সময়ত বিকশিত হৈছে। আৰব অঞ্চলত লেবানন সক্ৰিয় নাৰীবাদী আন্দোলনৰ বাবে পৰিচিত।ব্যক্তিগত মৰ্যাদা আইনত সন্নিৱিষ্ট হৈ থকা আইনী আৰু আৰ্থ-ৰাজনৈতিক বৈষম্য দূৰ কৰাটো তেওঁলোকৰ প্ৰধান লক্ষ্য হিচাপে প্ৰায়েই নিৰ্ণীত হয়।১৭ অক্টোবৰ বিপ্লৱত বিশেষকৈ মহিলাসকলে লেবাননৰ সাম্প্ৰদায়িক…
-
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১০ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল।
-
শক্তি মিল দলবদ্ধ ধৰ্ষণ
২০১৩ চনৰ মুম্বাইৰ দলবদ্ধ ধৰ্ষণ বা শক্তি মিল দলবদ্ধ ধৰ্ষণ বুলিলে মুম্বাইৰ ইংৰাজী ভাষাৰ আলোচনী এখনত শিক্ষানবিচী কৰি থকা এগৰাকী ২২ বছৰীয়া ফটো সাংবাদিকৰ সৈতে হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক বুজায়। সাংবাদিকগৰাকীক এজন নাবালককে ধৰি পাঁচজন লোকে ধৰ্ষণ কৰে।
-
শ্বলাকা পৰীক্ষা
প্ৰাচীন মিথিলাৰ স্নাতক ডিগ্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা আছিল শ্বলাকা পৰীক্ষা।
-
শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ (Shri Ram Janmabhoomi Teerth Kshetra) হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে গঠন কৰা এটা ন্যাস। ১৫ জন ন্যাসৰক্ষীৰে এই ন্যাসটো গঠিত।
-
সদৌ টাই আহোম ছাত্ৰ সন্থা
সদৌ টাই আহোম ছাত্ৰ সন্থা (আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চুম হুম লুক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে।
-
সন্দেশ
সন্দেশ (সন্দেশ) গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে।
-
সমকামিতা আৰু মনোবিজ্ঞান
মনোবিজ্ঞানত সমকামিতাক মানৱ যৌন অভিমুখীতাৰ এটা ভাগ হিচাপে বিস্তৃত ভাবে অধ্যয়ন কৰা হয়। চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।
-
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য
সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য, বা গে'ফ'বিয়া হৈছে বিশেষকৈ সমকামী পুৰুষ, পুং সমকামিতা, বা নিজকে গে' বুলি ধাৰণা কৰা পুৰুষৰ প্ৰতি নিৰ্দেশিত এক প্ৰকাৰৰ হমফ'বিক কুসংস্কাৰ, ঘৃণা, বা পক্ষপাতিত্ব, এই বৈষম্য ফেম্মোফ'বিয়াৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্কিত, যি সমকামী, সমকামী পুৰুষ আৰু নাৰীসুলভ হিচাপে উপস্থাপন কৰা…
-
সামাজিক নাৰীবাদ
সামাজিক নাৰীবাদ (Social feminism) হৈছে নাৰীৰ বাবে সামাজিক অধিকাৰ আৰু বিশেষ বাসস্থানৰ পোষকতা কৰা নাৰীবাদী আন্দোলন। ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে নাৰী আৰু শিশুক প্ৰভাৱিত কৰা সামাজিক সমস্যাৰ প্ৰতি চিন্তিত মহিলা ভোটাধিকাৰ আন্দোলনৰ সদস্যসকলক চিহ্নিত কৰিবলৈ ইয়াক প্ৰথম ব্যৱহাৰ কৰা…
-
সাম্যবাদী সমাজ
সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে। এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন।
-
সূত্ৰধৰ
ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশৰ বিশ্বকৰ্মা সম্প্ৰদায়ৰ ভিতৰত সূত্ৰধৰ এটা বঙালী জাতি। তেওঁলোকৰ পৰম্পৰাগত বৃত্তি হৈছে কাঠমিস্ত্ৰী। হিন্দু সূত্ৰধৰৰ অধিকাংশই বৈষ্ণৱ পন্থাৰ অন্তৰ্গত। বিশ্বকৰ্মাক তেওঁলোকৰ পৃষ্ঠপোষক দেৱতা হিচাপে গণ্য কৰা হয়।
-
স্পেইনৰ নাৰী
স্পেইনত নাৰীৰ (Women in Spain) মৰ্যাদা দেশখনৰ আদিম ইতিহাস, সংস্কৃতি আৰু সামাজিক নীতি-নিয়মৰ পৰাই বিকশিত হৈছে। ২০ শতিকাৰ শেষৰ ফালে স্পেইন ৰাষ্ট্ৰ ফ্ৰাংকোবাদী স্পেইন (১৯৩৯-১৯৭৫)ৰ পৰা (যি সময়ত নাৰীৰ অধিকাৰ অতিশয় বাধাপ্ৰাপ্ত আছিল) এনে এখন গণতান্ত্ৰিক সমাজলৈ পৰিৱৰ্তন ঘটিছে য’ত লিংগ সমতা এক মৌলিক নীতি…
-
সৰ্বভাৰতীয় দলিত মহিলা অধিকাৰ মঞ্চ
অল ইণ্ডিয়া দলিত মহিলা অধিকাৰ মঞ্চ (AIDMAM) হৈছে দলিত সম্প্ৰদায়ৰ মহিলাসকলে ন্যায়ৰ বাবে মাত মাতিবলৈ সৃষ্ট এক মঞ্চ। এই মঞ্চই আত্ম-সন্মান আৰু মৰ্যাদাৰ বাবে কেইবাটাও সংগ্ৰাম আৰু আন্দোলনৰ অৱতাৰণা কৰিছে। এআইডিএমএএম হৈছে ৰাষ্ট্ৰীয় দলিত মানৱ অধিকাৰ অভিযান (এনচিডিএইচআৰ)ৰদ্বাৰা আৰম্ভ হোৱা এটা আন্দোলন।
-
ৰঙা চাহ
ৰঙা চাহ বা লাল চাহ (Black Tea) হৈছে এক প্ৰকাৰৰ চাহ যি উলং, হালধীয়া, বগা আৰু সেউজীয়া চাহতকৈ অধিক অক্সিডাইজ যুক্ত। সাধাৰণতে আন চাহতকৈ লাল চাহৰ সোৱাদ অধিক শক্তিশালী।
-
ৰঙাপৰা মহাবিদ্যালয়
ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) (ইংৰাজী: Rangapara College [Autonomous]) বিজ্ঞান, বাণিজ্য. কলা আৰু শিক্ষক শিক্ষণ শাখাত শিক্ষা গ্ৰহণৰ সুবিধা থকা অসমৰ এখন স্বায়ত্তশাসিত চৰকাৰী উচ্চ শিক্ষানুষ্ঠান।
-
ৰহা মহাবিদ্যালয়
ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ১৯৬৪ চনত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থায়ী সংযোগপ্ৰাপ্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ২(এফ) আৰু ১২(বি) ধাৰাৰ অধীনত স্বীকৃত।
-
ৰহিঙীয়া
ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী।
-
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম বা এনআইডি যোৰহাট অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ডিজাইন প্ৰতিষ্ঠান। ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।
-
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ভাৰতৰ বৰ্তমান কাৰ্যকৰী শিক্ষানীতি। ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ ২৯ জুলাইত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত ভাৰতৰ নতুন শিক্ষা ব্যৱস্থাৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। এই নতুন নীতিয়ে পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ১৯৮৬ৰ স্থানত কাৰ্যকৰী হয়।
-
ৰাষ্ট্ৰীয় শ্ৰম আয়োগ
ৰাষ্ট্ৰীয় শ্ৰম আয়োগ ভাৰত চৰকাৰৰ দ্বাৰা দেশৰ শ্ৰম সমস্যা, শ্ৰম-সম্পৰ্ক আৰু শ্ৰম আইনসমূহ পৰ্যালোচনা কৰি প্ৰয়োজনীয় পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে গঠন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আয়োগ। ভাৰতত এতিয়ালৈকে দুটা ৰাষ্ট্ৰীয় শ্ৰম আয়োগ গঠন কৰা হৈছে।
-
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাক্সা)
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rupahi Higher Secondary School) অসমৰ বাক্সা জিলাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৭৩ চনত স্থাপিত হৈছিল। বিদ্যালয়খন ৰূপহী বজাৰৰ পূৱ দিশত থকা শিলবাৰীলৈ যোৱা পথত অৱস্থিত।
-
ৱাহিদা আমিৰী
ৱাহিদা আমিৰী (Wahida Amiri) এগৰাকী আফগান পুথিভঁৰালী আৰু মহিলা অধিকাৰ কৰ্মী। তালিবান আৰু মহিলাৰ শিক্ষা আৰু কৰ্মৰ অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ প্ৰতিবাদৰ অবিৰত প্ৰচেষ্টাৰ বাবে তেওঁক বিবিচি ১০০ মহিলা ২০২১ৰ তালিকাত স্থান দিয়া হৈছিল।
-
অ'ট
অ'ট বা জই (Oat) এবিধ খাদ্যশস্য। ই ঘেঁহু, যৱ, ৰাই আদি শস্যজাতীয় শস্যতকৈ ই ঠাণ্ডা শীতকাল কম সহ্য কৰে। অ'ট উৎপাদনৰ গ্ৰীষ্মকালীন তাপ কম আৰু অধিক বৰষুণৰ প্ৰয়োজন হয়, যাৰ বাবে উত্তৰ-পশ্চিম ইউৰোপৰ দৰে অঞ্চলত ই গুৰুত্বপূৰ্ণ হৈ পৰে, য'ত শীতল, ভিজা গ্ৰীষ্ম থাকে।
-
অনিতা বি ডট অৰ্গ
অনিতা বি ডট অৰ্গ (পূৰ্বতে অনিতা বৰ্গ ইনষ্টিটিউট ফৰ উইমেন এণ্ড টেকন'লজি (এবিআই), আৰু ইনষ্টিটিউট ফৰ উইমেন ইন টেকন'লজি) হৈছে কেলিফৰ্ণিয়াৰ বেলমণ্টত অৱস্থিত এটা বিশ্বব্যাপী, কাৰিকৰী অলাভজনক সংস্থা।
-
অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান
অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান (OKDISCD) অসমৰ গুৱাহাটীত অৱস্থিত এখন স্বায়ত্বশাসিত গৱেষণা প্ৰতিষ্ঠান। ১৯৮৯ চনত অসম চৰকাৰ আৰু ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ যুটীয়া সহযোগত স্থাপন কৰা হৈছিল।
-
অসম দক্ষতা বিশ্ববিদ্যালয়
অসম দক্ষতা বিশ্ববিদ্যালয় (Assam Skill University) অসমৰ দৰং জিলাৰ সদৰ মংগলদৈত অৱস্থিত। এইখন এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন The Assam Skill University Act, 2020 আইনৰ দ্বাৰা অসম বিধানসভাত গৃহীত কৰে আৰু ৩ ছেপ্টেম্বৰ, ২০২০ তাৰিখে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।