সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
একে লিংগৰ অভিভাৱকত্ব
একে লিংগৰ অভিভাৱকত্ব বা ৰামধেনু পৰিয়াল সাধাৰণতে নাগৰিক মিলন, বা সমলিংগীয় বিবাহত আবদ্ধ থকা একে লিংগৰ দম্পতি (গে’, লেচবিয়ান, বা বাইছেক্সুৱেল) ব্যক্তিৰ দ্বাৰা সন্তান লালন-পালন কৰা কাৰ্য। সমলিংগী পিতৃ-মাতৃত্বৰ বিৰোধীসকলে যুক্তি দিয়ে যে ইয়াৰ ফলত সন্তানৰ ওপৰত কু প্ৰভাৱ পৰে।
-
এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন
এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন (AUW) বাংলাদেশৰ চিটাগঙত অৱস্থিত এখন স্বতন্ত্ৰ, আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়। AUW এ ছাত্ৰ-ছাত্ৰীক কেৱল মেধাৰ ভিত্তিতহে নামভৰ্তি কৰে, তেওঁলোকৰ পৰিয়ালৰ আয়ৰ স্তৰ যিয়েই নহওক কিয়।
-
এলজিবিটি অভিভাৱক
এলজিবিটি অভিভাৱক (LGBT Parenting) মানে এলজিবিটি সমাজৰ লোকসকলে এজন বা ততোধিক সন্তানক অভিভাৱক বা পোষক হিচাপে ডাঙৰ-দীঘল কৰা বা যত্ন লোৱা। ইয়াৰ ভিতৰত আছে: দুজন পুৰুষ বা দুগৰাকী মহিলা দম্পতীয়ে ডাঙৰ-দীঘল কৰা শিশু (সমকামী অভিভাৱকত্ব), একক এলজিবিটি পিতৃ-মাতৃৰ দ্বাৰা ডাঙৰ-দীঘল কৰা শিশু বিপৰীত লিংগৰ…
-
এলজিবিটি যুৱচামৰ আত্মহত্যা
গৱেষণাৰ দ্বাৰা সমকামী, উভকামী, ট্ৰান্সজেণ্ডাৰ (এলজিবিটি) যুৱচামৰ মাজত আত্মহত্যাৰ চেষ্টাৰ হাৰ আৰু আত্মহত্যাৰ ধাৰণা সাধাৰণ জনসংখ্যাতকৈ যথেষ্ট বেছি বোলি জনা গৈছে।
-
কইনা ক্ৰয়
কইনা ক্ৰয় (Bride-buying) হৈছে এক প্ৰকাৰৰ সম্পত্তি হিচাপে কইনা ক্ৰয় কৰাৰ উদ্যোগ বা ব্যৱসায়। ই ক্ৰেতাৰ পছন্দত কইনাৰ পুনৰ বিক্ৰী বা পুনৰ ক্ৰয়ৰ সৈতেও জড়িত। চীন, উত্তৰ কোৰিয়া, ভিয়েটনাম আৰু আফ্ৰিকাৰ দৰে বিশ্বৰ কিছু অংশত এই প্ৰথাই দৃঢ় ভাৱে খোপনি পুতি আছে। বিপৰীতে বহুতো দেশত এই প্ৰথা অবৈধ।
-
কবীৰ কলা মঞ্চ
কবীৰ কলা মঞ্চ এটা সাংস্কৃতিক সংগঠন আছিল, যাক ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ পিছত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুণেত গঠন কৰা হৈছিল। সংগঠনটোৱে সংগীত, কবিতা আৰু নাটকৰ জৰিয়তে বৰ্ণবিভেদ-বিৰোধী আৰু গণতন্ত্ৰ-পোষক বাৰ্তা প্ৰচাৰ কৰাৰ লক্ষ্য লৈছিল।
-
কমৰবন্ধ
কমৰবন্ধ বা কমৰধনি হৈছে কঁকালত পিন্ধা এক প্ৰকাৰৰ শিকলি সদৃশ গহনা। বা সূতাৰ জৰী। কমৰবন্ধক ইংৰাজীত বেলী চেইন বুলি কোৱা হয়। কিছুমান কমৰবন্ধ নাভি বিন্ধাৰ লগত সংলগ্ন হৈ থাকে। ইয়াক প্ৰায়ে ৰূপ বা সোণেৰে তৈয়াৰ কৰা হয়। কেতিয়াবা শিকলিৰ সলনি কঁকালৰ চাৰিওফালে সূতা ব্যৱহাৰ কৰা হয়।
-
কলৰ চিপচ
কলৰ চিপচ (ইংৰাজী: Banana chip) হৈছে কলৰ টুকুৰা শুকুৱাই বা তেলত দকৈ ভাজি প্ৰস্তুত কৰা এবিধ মচমচীয়া খাদ্য। ই সাধাৰণতে কিছু টান আৰু কঠিনপ্ৰকাৰৰ কলৰ (যেনে ৰান্ধি খোৱা কল বা কাঁচকল) পৰা তৈয়াৰ কৰা হয়, যাৰ ভিতৰত চাবা আৰু নেণ্ড্ৰান জাতৰ কল অন্যতম।
-
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (Kasturba Gandhi Balika Vidyalaya) ভাৰতৰ পিছপৰা শ্ৰেণীৰ বাবে ভাৰত চৰকাৰে স্থাপন আৰু পৰিচালনা কৰা আৱাসিক ছোৱালী মাধ্যমিক বিদ্যালয়।
-
কামৰূপী ব্ৰাহ্মণ
কামৰূপী ব্ৰাহ্মণ, যাক কামৰূপীয়া বামুণ বুলিও কোৱা হয়, সেইসকল ব্ৰাহ্মণ যিয়ে কামৰূপত (বৰ্তমানৰ অসম) বসতি স্থাপন কৰে আৰু কনৌজী ব্ৰাহ্মণ আৰু মৈথিল ব্ৰাহ্মণৰ বংশধৰ বুলি দাবী কৰে। তেওঁলোকে নিজৰ লগত বিভিন্ন হিন্দু মহাকাব্য লৈ আহিছিল আৰু এই অঞ্চলৰ ইন্দো-আৰ্য্য সংস্কৃতিৰ ধ্বজাবাহী হৈ পৰিছিল।
-
কালি ফৰ উইমেন
কালি ফৰ উইমেন আছিল উৰ্বশী বুটালিয়া আৰু ঋতু মেননে প্ৰতিষ্ঠা কৰা ভাৰতৰ এখন ষ্টাৰ্ট আপ নাৰীবাদী প্ৰকাশক। কালি শব্দৰ অসমীয়া প্ৰতিশব্দ চিঞাহী। তৰ্কহীনভাৱে ই আছিল মহিলাৰ, মহিলাৰ বাবে আৰু মহিলাৰ বিষয়ে ৰচনা প্ৰকাশৰ বাবে উৎসৰ্গিত প্ৰথম ভাৰতীয় প্ৰেছ।
-
কাশ্মীৰী চাদৰ
কাশ্মীৰ চাদৰ হৈছে ইয়াৰ স্বকীয় কাশ্মীৰী বয়ন আৰু মিহি শ্বাহতুছ বা পশমিনা উলৰ দ্বাৰা নিৰ্মিত এক প্ৰকাৰৰ চাদৰ। সমসাময়িক প্ৰকাৰভেদ সমূহৰ ভিন্নতাসমূহৰ ভিতৰত আছে পশমিনা আৰু শ্বাহতুছ চাদৰ (প্ৰায়ে একনামভাৱে কেৱল পশমিনা আৰু শ্বাহতুছ বুলি কোৱা হয়)।
-
কাৰাণী বংশ
বংগাছ জিলাৰপৰা অহা কাৰ্লানি জনগোষ্ঠীৰ এজন জনগোষ্ঠীয় আফগান তাজ খান কাৰাণীয়ে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰিছিল কাৰাণী বংশ। এই অঞ্চলটো মোগল সাম্ৰাজ্যৰ চুবহ হোৱাৰ আগতেই বংগৰ চুলতানত্বত শাসন কৰা শেষ বংশটোৱেই আছিল এই বংশ।
-
কিংখাপ
কিংখাপ বা সিংখাপ হৈছে হৈছে সোণ, ৰূপ আৰু ৰেচমৰ সূতাৰে অলংকৃত কাপোৰ বোৱাৰ এক প্ৰাচীন ভাৰতীয় কলা। ইয়াক কিমখোৱাব, কামখাব, হিৰণ্য আৰু পুষ্পলতা নামেৰেও জনা যায়। ইয়াৰ অলংকৰণক কোৱা হয় জাৰ-বাফ্ট। অসমতো মধ্যযুগৰে পৰা কিংখাপৰ সাজ-পোছাক প্ৰচলিত হৈ আহিছে। কিমখোৱাব মূলতঃ পাৰ্ছী ভাষাৰ শব্দ।
-
কিণ্ডাৰগাৰ্টেন
তিনিৰপৰা সাত বছৰৰ বয়সৰ শিশু সকলৰ বাবে কিণ্ডাৰগাৰ্টেন (Kindergarten)-ৰ শ্ৰেণীসমূহ সজেৱা হয়। বিদ্যালয়সমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্ধদিন বা সম্পূৰ্ণদিনৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হয়।
-
কিমচি
কিমচি (/ˈkɪmtʃiː/; কোৰিয়ান: 김치, ৰোমানাইজড: gimchi, IPA: [kim.tɕʰi]), হৈছে নিমখীয়া আৰু কিণ্বন কৰা শাক-পাচলি, যেনে নাপা কবি আৰু কোৰিয়ান মূলাৰ এক পৰম্পৰাগত কোৰিয়ান চাইড ডিচ।
-
কিৰিবাথ
কিৰিবাথ (Kiribath) চাউলৰ পৰা তৈয়াৰী শ্ৰীলংকাৰ এক পৰম্পৰাগত খাদ্য। ইয়াক নাৰিকলৰ গাখীৰ(ৰস)ৰ সৈতে চাউল সিজাই প্ৰস্তুত কৰা হয়; সেয়ে এইবিধক কিৰিবাথ নাম দিয়া হয় আৰু ইয়াক চাউলৰ পিঠা বা চাউলৰ পুডিঙৰ এটা প্ৰকাৰ বুলি ধৰিব পাৰি। শ্ৰীলংকাৰ খাদ্যত কিৰিবাথ এক অপৰিহাৰ্য খাদ্য।
-
কুমাৰী নাম আৰু বিবাহিত নাম
যেতিয়া কোনো ব্যক্তিয়ে (পৰম্পৰাগতভাৱে বহু সংস্কৃতিত পত্নী) নিজৰ দাম্পত্য সংগীৰ পৰিয়ালৰ নাম গ্ৰহণ কৰে, তেতিয়া কিছুমান দেশত সেই নামে ব্যক্তিজনৰ পূৰ্বৰ উপাধিৰ ঠাই লয়, যিটো পত্নীৰ ক্ষেত্ৰত কুমাৰী নাম বা "জন্মৰ নাম" বুলি পৰিচিত।
-
কুৱেইটৰ নাৰী
২০ শতিকাৰ আৰম্ভণিৰ পৰাই কুৱেইটৰ নাৰীসকলে (Women in Kuwait) বহু প্ৰগতিশীল পৰিৱৰ্তন দেখিবলৈ পাইছে। তেতিয়াৰ পৰাই মহিলাসকলৰ মাজত শিক্ষাৰ সুবিধা বৃদ্ধি পাইছে, তেওঁলোকে ৰাজনৈতিক আৰু লগতে অৰ্থনৈতিক অধিকাৰ, আৰু আৰ্থিক ক্ষমতা লাভ কৰিছে।
-
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় Krishnaguru Adhyatmik Vishvavidyalaya) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন-সত্ৰত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়।
-
কেইজেন বিশ্ববিদ্যালয়
কেইজেন বিশ্ববিদ্যালয় হৈছে জাপানৰ টকিঅ’ৰ টামাত ১৯৮৮ চনত স্থাপিত এখন ব্যক্তিগত মহিলা মহাবিদ্যালয়। ১৯২৯ চনত জাপানৰ ইয়ং উইমেন খ্ৰীষ্টান এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সম্পাদক মিচি কাৱায়ে প্ৰতিষ্ঠা কৰা কেইজেন স্কুল ফৰ ইয়ং উইমেনৰ সৈতে এই বিশ্ববিদ্যালয়খনৰ সম্পৰ্ক আছে।
-
কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান
কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান, লাডাখৰ লেহ চহৰত অৱস্থিত। ইয়াক পূৰ্বতে বৌদ্ধ দৰ্শনৰ বিদ্যালয় বুলি জনা গৈছিল। প্ৰতিষ্ঠানখণ ডিমড বিশ্ববিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু সংস্কৃতি মন্ত্ৰালয়(ভাৰত)ৰ অধীনত অন্তৰ্গত।
-
কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়
কে চি দাস কমাৰ্চ কলেজ (ইংৰাজী: K.C. Das Commerce College)কামৰূপ (মহানগৰ) জিলাৰ এখন অন্যতম পুৰণি মহাবিদ্যালয়। গুৱাহাটী মহানগৰীৰ আঠগাওঁ অঞ্চলৰ ছাত্ৰীবাৰীত বাণিজ্য মহাবিদ্যালয়খন অৱস্থিত।
-
কেৰিয়াৰ নাৰী
কেৰিয়াৰ নাৰী (Career Woman) হৈছে এটা পৰিভাষা যাৰ জৰিয়তে এনে এগৰাকী মহিলাক বুজোৱা হয়, যাৰ জীৱনৰ লক্ষ্য হৈছে নিজৰ বাবে এটা কেৰিয়াৰ সৃষ্টি কৰা।১৯৩০ চনৰ আমেৰিকাৰ প্ৰেক্ষাপটত নিৰ্দিষ্ট শব্দটো সেই সময়ত ঘৰত কাম কৰা মহিলা অথবা ঘৰৰ বাহিৰত কাম কৰি নিম্ন পৰ্যায়ৰ চাকৰিত অৰ্থনৈতিক প্ৰয়োজনীয়তা হিচাপে কাম…
-
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ( Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
কোৰ্মা
কোৰ্মা বা কৰ্মা (হিন্দী: কৰ্মা; উৰ্দু: কৰ্মা) ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা খাদ্য, ই মাংস বা শাক-পাচলিৰে দৈ (দাহি), পানী বা জোল আৰু মছলাৰ সৈতে ব্ৰেইজ কৰি ডাঠকৈ তৈয়াৰ কৰা খাদ্য চচ বা গ্ৰেভি।
-
কৌপিন
কৌপিন, কৌপিনম, কোভানাম, লেংগোট বা লুংগুটি বা লেংটি ভাৰতীয় উপমহাদেশৰ পুৰুষে অন্তৰ্বাস হিচাপে কঁকালত পিন্ধা কাপোৰ। দক্ষিণ এছিয়াত এতিয়াও ইয়াক সাধাৰণতে মল্লযুঁজাৰুসকলে ব্যায়াম বা ডাংগলত স্পাৰিং কৰাৰ সময়ত পিন্ধে।
-
ক্ৰমা
ক্ৰমা (Krama) কম্বোডিয়াৰ এবিধ অতি মজবুত পৰম্পৰাগত কাপোৰ, যাক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়; যেনে, মুখখন ঢাকিবলৈ স্কাৰ্ফ, ৰুমাল বা চৌখিন সজ্জাৰ বাবে আৰু শিশুক ওমলাবলৈ ঝুলনা হিচাপে ব্যৱহাৰ কৰা হয়।
-
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা বা ই.এছ.আই.চি. চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা অসমৰ গুৱাহাটীৰ বেলতলা অঞ্চলত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়।
-
খিচিৰি
খিচিড়ি বা খিচিৰি হৈছে দক্ষিণ এছিয়াৰ খাদ্যত চাউল আৰু মচুৰ দাইলৰ দ্বাৰা তৈয়াৰী এবিধ খাদ্য আৰু ইয়াৰ অসংখ্য সংস্কৰণ আছে। এই সংস্কৰণসমূহৰ ভিতৰত বাজৰা আৰু মগু দাইলৰ খিচিৰি অন্তৰ্ভুক্ত।