অসম দক্ষতা বিশ্ববিদ্যালয় (Assam Skill University) অসমৰ দৰং জিলাৰ সদৰ মঙলদৈত অৱস্থিত। এইখন এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন The Assam Skill University Act, 2020 আইনৰ দ্বাৰা অসম বিধানসভাত গৃহীত কৰে আৰু ৩ ছেপ্টেম্বৰ, ২০২০ তাৰিখে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।১ ২০২০ চনৰ ১২ অক্টোবৰত অসমৰ ৰাজ্যপালসকলৰ তালিকাৰ সন্মতি লাভ কৰে।২২০২১ চনৰ ৭ আগষ্টত অসমৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন IAS বিষয়া সুভাষ চন্দ্ৰ দাসক বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়।৩অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাৰ কাৰ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যভাৰ চলি আছে।
শৈক্ষিক বিষয়
বিশ্ববিদ্যালয়খনে কৃষি, অভিযান্ত্ৰিক, স্বাস্থ্যসেৱা, আতিথ্য, পৰ্যটন, সংবাদ মাধ্যম, যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা, আৰু প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম আগবঢ়ায়। বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন সা-সুবিধা আৰু সেৱা, যেনে- ক্ৰীড়াৰ সুবিধা, হোষ্টেলত থকাৰ ব্যৱস্থা, চিকিৎসাৰ সুবিধা, কেৰিয়াৰ কাউন্সেলিং সেৱা আদিও প্ৰদান কৰে।
ইতিহাস
২০২১ চনৰ ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালয়ে দৰঙ জিলাৰ মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁৰ লগত দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিও উপস্থিত থাকে।৪এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে বহিঃসাহায্যযুক্ত প্ৰকল্পৰ অধীনত অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপন কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ Assam Skill University Bill 2020 passed in the Assembly. Nenow.in
- ↑ (19 October 2020). The Assam Skill University Act, 2020. PRSIndia
- ↑ Former bureaucrat Subhash Chandra Das appointed as VC of Assam Skill University. nktv.in
- ↑ CM Sonowal lays foundation stone of Rs 1000-crore Assam Skill University in Mangaldai. sentinelassam.com
- ↑ ADB to help set up skill development university in Assam. hindustantimes.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম দক্ষতা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬৮২৯৩ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।