ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমাৰ (পূৰ্বৰ বাৰ্মা বা ব্ৰহ্মদেশ)-ৰ ৰাখাইন (পূৰ্বৰ আৰাকান) প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা১ এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী। ভাষিক জনগোষ্ঠী হিচাপে বৰ্তমান ৰহিঙীয়া হিচাপে জনাজাত হোৱা লোক সকলৰ ভাষাৰ লগত বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলৰ বেঙ্গলী ভাষাৰ যথেষ্ট মিল আছে। আৰাকান অঞ্চলত বহু আগৰে পৰা ইছলাম ধৰ্মীয় লোকৰ বসতি আছিল বুলি জনা যায় যদিও বৰ্তমানৰ ম্যানমাৰৰ চৰকাৰে সেই ঠাইৰ চুন্নী মুছলিম সকলক ৰহিঙীয়া বুলি মান্যতা নিদি বাংলাদেশৰ পৰা ম্যানমাৰত অবৈধ ভাৱে প্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী বুলিহে চিনাক্ত কৰিছে।২
ম্যানমাৰৰ নাগৰিকত্ব আইন মতে ৰহিঙীয়া
ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন৩ অনুসৰি সেই দেশত তিনি প্ৰকাৰৰ নাগৰিকক স্বীকৃতি দিয়া হয়
- বাৰ্মিজ নাগৰিক: কাচিন, কায়াহ, কাৰেন, ছিন, বাৰ্মান, মন, ৰাখেইন বা শান আৰু সেই খিলঞ্জীয়া জনগোষ্ঠীসমূহ যি সকলে বৰ্তমান ম্যানমাৰৰ অন্তৰ্গত কোনো অঞ্চলত ১১৮৫ BE (Burmese Era) (১৮২৩ চন)ৰ আগৰে পৰা আছিল
- সহ-নাগৰিক: ১৮২৩ চনৰ পাছত বৰ্তমান ম্যানমাৰৰত থিতাপি লোৱা সেইসকল লোক আৰু তেওঁলোকৰ বংশধৰ যি ১৯৪৮ চনৰ ইউনিয়ন চিটিজেশ্বিপ এক্টৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰি সহ-নাগৰিকৰ প্ৰমাণ-পত্ৰ পাইছে
- প্ৰকৃত্যভ্যস্ত নাগৰিক: ৪ জুলাই ১৯৪৮ চনৰ আগতে ম্যানমাৰত প্ৰৱেশ কৰি থিতাপি লোৱা সেইসকল লোক আৰু তেওঁলোকৰ বংশধৰ যি সকলে ১৯৪৮ চনৰ ইউনিয়ন চিটিজেশ্বিপ এক্টৰ অধীনত আবেদন কৰিবলৈ থাকি গ'ল আৰু প্ৰমাণ-সহ প্ৰকৃত্যভ্যস্ত নাগৰিক বুলি আবেদন কৰি প্ৰকৃত্যভ্যস্ত নাগৰিক হোৱাৰ প্ৰমাণ-পত্ৰ পাইছে।
ম্যানমাৰৰ ১৯৮২ চনৰ নাগৰিকত্ব আইন অনুসৰি ১৯৪৮ চনৰ ৪ জুলাইৰ আগতেই ম্যানমাৰত প্ৰৱেশ কৰি থিতাপি লোৱাৰ প্ৰমাণৰ অভাৱৰ বাবে নিজকে ৰহিঙীয়া বুলি দাবী কৰা আৰাকানৰ বহু ইছলাম ধৰ্মীয় লোকে নিজ দেশতে চৰকাৰী ভাৱে ভগনীয়া আখ্যা পাই ভগনীয়া শিবিৰত সোমাব লগীয়া হৈছে। এই লোকসকলে নিজকে ম্যানমাৰৰ খিলঞ্জীয়া জনগোষ্ঠী অৰ্থাৎ বাৰ্মিজ নাগৰিক বুলি দাবী কৰে যিটোত ম্যানমাৰৰ চৰকাৰে আপত্তি দৰ্শাইছে। নতুনকৈ অনুপ্ৰৱেশ কৰা চট্টগ্ৰামীয় বেংগলী বা বাংলাদেশী এই লোকসকলে অতীজৰ ৰহিঙীয়া সকলৰ বংশধৰৰ ছদ্মবেশ ধৰিছে বুলি ম্যানমাৰ চৰকাৰে চিনাক্ত কৰিছে।
ৰহিঙীয়া আৰু বাৰ্মিজ ৰুই হাং গ্যা
ব্ৰহ্মদেশ ইংৰাজৰ অধীন হোৱাৰ আগৰে পৰা ৰহিঙীয়া শব্দটোৰ ব্যৱহাৰ হৈ আছে বুলি জনা যায়। এই শব্দটো সেইসময়ৰ ৰুইয়াঙ্গা বা বাৰ্মিজ ৰুই হাং গ্যা শব্দটোৰ পৰা জন্ম হৈছে। আৰাকান প্ৰদেশক পূৰ্বতে ৰাখাঙ্গা বা ৰশ্বাঙ্গা বুলি জনা যায় আৰু বেংগলী ইছলামীয় লোক সকলৰ মুখত ই ৰহাঙ হৈ পৰে। গতিকে ৰহিঙীয়া শব্দটিয়ে ৰহাং প্ৰদেশৰ বাসিন্দা বুলি অৰ্থ বহন কৰে।৪৫
ৰুইয়াঙ্গা ভাষা আৰু ৰহিঙীয়া হানিফি লিপি
ব্ৰিটিছ বাৰ্মিজ সাম্ৰাজ্যত ৰুইয়াঙ্গা ভাষা আৰাকান অঞ্চলৰ আদিম মুছলিম সকলৰ কথিত ভাষা হিচাপে লিপিবদ্ধ হৈ আছে। আৰবী লিপিত এই ভাষাটিৰ লিখনিৰ ২০০ বছৰ মান পুৰণি উদাহৰণ আছে। বৰ্তমানৰ ৰহিঙীয়া লোকসকলে আৰবী লিপিত তেওঁলোকৰ কথিত ভাষাতো লিখিবলৈ অসুবিধা বুলি অনুভৱ কৰি মৌলানা হানিফ নামৰ এজন লোকৰ উদ্যোগত ১৯৮৩ চনত হানিফি লিপি তৈয়াৰ কৰি লৈছে।৬
ৰহিঙীয়াৰ জনসংখ্যা
ম্যানমাৰত ৰহিঙীয়া বুলি দাবী কৰা এনে ধৰণৰ লোক প্ৰায় ১০ৰ পৰা ১৩ লাখ আছিল যদিও বিদেশী বুলি চৰকাৰী ভাৱে আখ্যা পোৱাৰ বাবে তাৰে প্ৰায় ৯ লাখ লোকে ম্যানমাৰ ত্যাগ কৰি সীমান্ত পাৰ হৈ বাংলাদেশ, ভাৰত আৰু আন দক্ষিণ-পূব এচিয়াৰ কিছুমান ইছলামিক দেশৰ পিনে ধাপলি মেলিছে। বাংলাদেশত ৰহিঙীয়াৰ দৰে ভাষিক আৰু ধৰ্মীয় গুণাগুণ বিশিষ্ট লোকৰ সংখ্যা বৰ্তমান ১৩ লাখ মান হ'ব বুলি অনুমান কৰা হৈছে।৭ বাংলাদেশৰ ভগনীয়া শিবিৰত থকা এই লোক সকলে ম্যানমাৰলৈ উভতি যোৱাত আপত্তি কৰিছে কিয়নো ম্যানমাৰত তেওঁলোকে পুনৰ ভগনীয়া শিবিৰতে সোমাব বুলি আশংকা কৰে। তদুপৰি তেওঁলোকে ম্যানমাৰত সাম্প্ৰদায়িক হিংসাৰ বলি হ'ব বুলিও আশংকা কৰে।
২০১৩ চনত ম্যানমাৰ চৰকাৰে ৰাখাইনৰ চহৰাঞ্চলত বসবাস কৰা এই লোক সকলক দুটাতকৈ অধিক সন্তান জন্ম দিয়াত বাধা আৰোপ কৰি কয় যে তাৰ অন্যথা স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আক্ৰোশৰ পৰা তেওঁলোকক ৰক্ষা কৰাত অসুবিধা আছে। ৰাখাইনত এইলোকসকলে চৰকাৰী তথ্য অনুসৰি স্থানীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহতকৈ দহগুন অধিক হাৰত সন্তান জন্ম দিয়ে।৮
তথ্যসূত্ৰ
- ↑ (10 June 2015). Will anyone help the Rohingya people?. BBC News
- ↑ (2 June 2013). Why Myanmar's Rohingya are forced to say they are Bengali. Christian Science Monitor
- ↑ আৰ্কাইভ কপি
- ↑ Rohingya etymology at Oxford Dictionary. Oxford University Press
- ↑ Leider, Jacques P. (August 26, 2012). Rohingya: A historical and linguistic note. Network Myanmar
- ↑ Pandey, Anshuman. (2012-06-20). Preliminary Proposal to Encode the Rohingya Script. Expanding Unicode. Anshuman Pandey
- ↑ (29 March 2018). WHO appeals for international community support; warns of grave health risks to Rohingya refugees in rainy season. ReliefWeb
- ↑ www.theguardian.com/world/2013/may/25/burma-musl
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰহিঙীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৬০৯৫ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।