ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rupahi Higher Secondary School) অসমৰ বাক্সা জিলাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়।১ এই বিদ্যালয়খন ১৯৭৩ চনত স্থাপিত হৈছিল। বিদ্যালয়খন ৰূপহী বজাৰৰ পূৱ দিশত থকা শিলবাৰীলৈ যোৱা পথত অৱস্থিত। এই বিদ্যালয়খনত বৰ্তমান প্ৰায় ৪০ জনৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী আৰু ৮০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। প্ৰথম অৱস্থাত এই বিদ্যালয়খন কেৱল মাধ্যমিক পৰ্যায়ত আছিল বাবে " ৰূপহী হাইস্কুল" বুলিলে ইয়াকে কোৱা হৈছিল। বিদ্যালয়খনৰ শিক্ষাৰ মাধ্যম হৈছে অসমীয়া আৰু বড়ো। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।২৩
ইতিহাস
১৯৭৩ চনত বাক্সা জিলাৰ উত্তৰ বিজনীৰ বৃহত্তৰ ৰূপহী অঞ্চল শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ দেখি কেইজনমান সমাজসেৱক আৰু শিক্ষিত ব্যক্তিৰ উদ্যোগত এই শিক্ষানুষ্ঠানখন গঢ়লৈ উঠে।
ৰূপহী হাইস্কুল
প্ৰথম অৱস্থাত ১৯৭৩ চনত মাধ্যমিক তথা হাইস্কুলীয়া শিক্ষা প্ৰদানৰ অৰ্থে বিদ্যাল়য়খন স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত নিচেই কাষত থকা ৰূপহী এম.ভি.স্কুল আৰু ৰূপহী এম.ই.স্কুল এই দুয়োখনক বিদ্যালয় একত্ৰীকৰণ কৰি একেলগে ৰূপহী হাইস্কুল হিচাপে নামকৰণ হৈছিল আৰু ১ম শ্ৰেণীৰ পৰা ১০শম শ্ৰেণীলৈ পাঠদান দিবলৈ আৰম্ভ কৰে।
উচ্চতৰ মাধ্যমিক শ্ৰেণীযোগ
অসম চৰকাৰৰ মাধ্যমিক বিদ্যাল়য়সমূহক উচ্চতৰ মাধ্যমিক লৈ উন্নীত কৰাৰ এক বিশেষ আঁচনিৰ জৰিয়তে অসমৰ আন আন বিদ্যাল়য়ৰ লগতে ৰূপহী হাইস্কুল খনকো উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হয়।
বৰ্তমান
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক ভাগটোত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু মাধ্যমিক ভাগটোত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গঠিত। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগ কলা শাখাৰে গঠিত। ৰূপহীৰ ব্যস্ত পথত অৱস্থিত বিদ্যালয়খনৰ দক্ষিণ দিশে পি.ডব্লিও.ডি. পথ, পূবে বিদ্যালয় খেলপথাৰ আৰু পশ্চিম ৰূপহী বজাৰ আৰু উত্তৰে আৱাসিক অঞ্চল আছে। চৌহদৰ ভিতৰত ভালেমান গছ-গছনিৰ উপৰিও এখনি ফুলনি আছে।
তথ্যসূত্ৰ
- ↑ 2 Rupahi High school. Stack schools{{}}
- ↑ Rupahi high school. schools.org.in
- ↑ Rupahi high school. schooldetails.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাক্সা)” প্ৰবন্ধৰ সংশোধন ৫৮৩৬৫১ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।