ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম বা এনআইডি যোৰহাট অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ডিজাইন প্ৰতিষ্ঠান।১ ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।২৩ ২০১৮ চনত ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰে। ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ বাণিজ্য আৰু উদ্যোগমন্ত্ৰী সুৰেশ প্ৰভুয়ে আনুষ্ঠানিকভাবে ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট ভিডিঅ' টেলিকাষ্টৰ সহায়ত উদ্বোধন কৰে। প্ৰতিষ্ঠানখনে ২০১৯-২০ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম আগবঢ়ায়।৪
চৌহদ
প্ৰতিষ্ঠানখনৰ মূল চৌহদ যোৰহাট জিলাৰ টোকলাইত অৱস্থিত। ইয়াৰ কাষেৰে টোকলাই নদী বৈ গৈছে। ই যোৰহাট বিমানবন্দৰৰ পৰা প্ৰায় ৮ কিঃমিঃ আৰু যোৰহাট ৰে'ল ষ্টেচন ২.৫ কিঃমিঃ নিলগত অৱস্থিত।
শিক্ষা
প্ৰতিষ্ঠানখনে টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া ডিজাইনৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। পূৰ্বতে ই গ্ৰেজুৱেট ডিপ্লমা প্ৰগ্ৰেম ইন ডিজাইন নামৰ টেক্সটাইল আৰু এপিয়াৰেল ডিজাইন, কমিউনিকেচন ডিজাইন আৰু ইণ্ডাষ্ট্ৰীয়াল ডিজাইন বিষয়ত চাৰিবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম বঢ়াইছিল। প্ৰতিটো বিভাগৰ ২০ খনকৈ মুঠ আসনৰ সংখ্যা ৬০ খন।৫ নামভৰ্তিৰ ভাবে ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানে আয়োজন কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।
তথ্যসূত্ৰ
- ↑ Sushanta Talukdar. (2011-02-19). Centre committed to development of Assam, northeast: Manmohan. The Hindu
- ↑ (2014-02-28). Print Release. Pib.nic.in
- ↑ Navadha Pandey. (2013-11-26). ‘Design is not a cost to company, it’s an investment’ | Business Line. Thehindubusinessline.com
- ↑ nenow.in/north-east-news/assam-nid-inaugurated-i
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম” প্ৰবন্ধৰ সংশোধন ৬৪০৩৭৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।