অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান (OKDISCD) অসমৰ গুৱাহাটীত অৱস্থিত এখন স্বায়ত্বশাসিত গৱেষণা প্ৰতিষ্ঠান। ১৯৮৯ চনত অসম চৰকাৰ আৰু ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ যুটীয়া সহযোগত স্থাপন কৰা হৈছিল। এই প্ৰতিষ্ঠানে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক সমস্যা, পৰিৱৰ্তন আৰু উন্নয়ন বিষয়ক গৱেষণা কৰা তথা এই বিষয়ৰ গৱেষণাক উদগনি দিয়ে।১
ইতিহাস
পূৰ্বতে এই প্ৰতিষ্ঠান খনৰ নাম সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান আছিল। অসমৰ প্ৰথম শিক্ষামন্ত্ৰী লোকনায়ক অমিয় কুমাৰ দাসৰ স্মৃতিত অসম চৰকাৰে ১৯৯৫ চনত উক্ত প্ৰতিষ্ঠানৰ নাম "অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান" হিচাপে নামাকৰণ কৰা হয়।২ ২০০৫ চনৰ ১৩ এপ্ৰিল তাৰিখে সেইসময়ৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ইয়াৰ স্থায়ী ভৱনৰ আধাৰ শিলা গুৱাহাটীৰ হেঙেৰাবাৰীৰ ভিআইপি পথত স্থাপন কৰে। ২০০৯ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ উদ্বোধন কৰা হয়।
গৱেষণা আৰু শৈক্ষিক আঁচনি
- পিএইছডি (PhD Programme)
- ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অধ্যয়নৰ স্নাতকোত্তৰ প্ৰমাণপত্ৰ শিক্ষা (Post Graduate Certificate Course on North East India Studies)
- গৱেষণা পদ্ধতি শিক্ষা (Research Methodology Course)
- কম্পিউটাৰ এপ্লিকেচন শিক্ষা (Computer Application Course)
- পিএইছডি ফেল'শ্বিপ (Ph.D. Fellowship Programme)
- ভিজিটিং ফেল'শ্বিপ (Visiting Fellows Programme)
- প্ৰশিক্ষণ (Training programmes)
- ডাটা কনচাল্টেঞ্চী (Data Consultancy)
- বক্তৃতা, ছেমিনাৰ আৰু কৰ্মশালা (Lectures Seminars and Workshops)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2016). Omeo Kumar Das Institute of Social Change and Development. Karmayog
- ↑ (24 November 2005). Visit to the Omeo Kumar Das Institute of Social Change and Development. Swedish South Asian Studies Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৩৭৯৭১৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।