সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে।১২ এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন।৩ এই সমাজত সেয়েহে শ্ৰমিকক শোষণ কৰা নহয়।. নিজৰ ক্ৰিটিক অৱ গথা প্ৰগ্ৰেমত কাৰ্ল মাৰ্ক্সে বিকাশৰ এই স্তৰক উচ্চ-স্তৰীয় সাম্যবাদ আখ্যা দিছে।৪
সাম্যবাদ আৰ্থ-সামাজিক বিকাশৰ এক স্তৰ য'ত ভৌতিক স্মপদৰ উভৈনদী দেখা যায়, কোৱা হয় উৎপাদন প্ৰযুক্তিৰ বিকাশ আৰু সমসাময়িকভাৱে উৎপাদনৰ সামাজিক সম্বন্ধৰ পৰিৱৰ্তনৰ বাবে। ই প্ৰয়োজন-ভিত্তিক বিতৰণ আৰু মুক্ত-সহযোগী ব্যক্তিত্বৰ ওপৰত আধাৰিত সামাজিক সম্বন্ধ সম্ভৱপৰ হৈ উঠিব।৪৫
"সাম্যবাদী সমাজ" বা "কমিউনিষ্ট চচাইটি" পশ্চিমীয়া চিন্তাধাৰাৰ "সাম্যবাদী ৰাজ্য" বা "কমিউনিষ্ট ষ্টেট"ৰ সৈতে একে নহয়। সাম্যবাদী ৰাজ্যই মাৰ্ক্সবাদী-লেনিনবাদী আদৰ্শৰ নামত শাসন কৰা কোনো ৰাজনৈতিক দলৰ দ্বাৰা শাসিত ৰাজ্যকহে বুজাই।৬৭
অৰ্থনীতি
সাম্যবাদী প্ৰণালীক আগবঢ়া প্ৰযুক্তিৰে চিহ্নিত কৰা যাব যিয়ে ভৌতিক যথেষ্টতা আনে। ই প্ৰায় বা সকলো উৎপাদিত সামগ্ৰীৰ মুক্ত বিতৰণ সম্ভৱপৰ কৰি তুলিব। সৰ্বসাধাৰণে এই উৎপাদনৰ মাধ্যমৰ গৰাকী হ'ব। এই ক্ষেত্ৰত সাম্যবাদ সমাজবাদতকৈ পৃথক। সমাজবাদত আৰ্থনৈতিক প্ৰয়োজনৰ বাবে অৱদানৰ ওপৰত ভিত্তি কৰিহে উৎপাদিত সামগ্ৰী ভাগ কৰা হয়।৮
সাম্যবাদত পুঁজিবাদৰ দৰে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানে সম্পদ দখল নকৰিব, আৰু সমাজবাদৰ দৰে ৰাজহুৱা বা ক'অপাৰেটিভসমূহেও সম্পদৰ মুক্ত বিতৰণত বাধা নিদিব। তাৰ বিপৰীতে সাম্যবাদী সমাজত সামগ্ৰীৰ উভৈনদীৰ বাবে আৰ্থনৈতিকভাৱে উৎপাদনৰ মাধ্যম বা সম্পত্তি নিজৰ বাবে দখল কৰাৰ কোনো যুক্তিয়েই নাথাকিব।
কাৰ্ল মাৰ্ক্সৰ মতে সমাজবাদী সমাজৰপৰা সাম্যবাদী সমাজলৈ গতি কৰিব পাৰি। সমজুৱাকৈ চালিত উৎপাদন প্ৰণালীৰ সমাজখনে প্ৰযুক্তিৰ উন্নতি সাধন কৰি অধিকতকৈ অধিক কাৰ্য স্বচালিত কৰি অধিকতকৈ অধিক উৎপাদিত সামগ্ৰী মুক্তভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু ই এক সম্পূৰণ সাম্যবাদী সমাজ গঢ়াৰ দিশত অগ্ৰসৰ হ'ব।৯
লগতে চাওক
অধিক পঢ়ক
- Ollman, Bertell. "Marx's Vision of Communism" Dialetical Marxism, New York University.
- Rigi, Jakob. "Peer to Peer Production as the Alternative to Capitalism: A New Communist Horizon" Journal of Peer Production.
তথ্যসূত্ৰ
- ↑ Steele, David Ramsay. (September 1999). From Marx to Mises: Post Capitalist Society and the Challenge of Economic Calculation. Open Court. পৃ. 66. ISBN 978-0875484495
- ↑ Busky, Donald F. (July 20, 2000). Democratic Socialism: A Global Survey. Praeger. পৃ. 4. ISBN 978-0275968861
- ↑ O'Hara, Phillip. (September 2003). Encyclopedia of Political Economy, Volume 2. Routledge. পৃ. 836. ISBN 0-415-24187-1
- ↑ Critique of the Gotha Programme, Karl Marx
- ↑ Full Communism: The Ultimate Goal
- ↑ Busky, Donald F. (July 20, 2000). Democratic Socialism: A Global Survey. Praeger. পৃ. 9. ISBN 978-0275968861
- ↑ Wilczynski, J. (2008). The Economics of Socialism after World War Two: 1945-1990. Aldine Transaction. পৃ. 21. ISBN 978-0202362281
- ↑ Gregory and Stuart, Paul and Robert. (2003). Comparing Economic Systems in the Twenty-First. South-Western College Pub. পৃ. 118. ISBN 0-618-26181-8
- ↑ Wood, John Cunningham. (1996). Karl Marx’s Economics: Critical Assessments I. Routledge. পৃ. 248. ISBN 978-0415087148
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাম্যবাদী সমাজ” প্ৰবন্ধৰ সংশোধন ৪০২২৪০ (১৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।