ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ভাৰতৰ বৰ্তমান কাৰ্যকৰী শিক্ষানীতি। ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ ২৯ জুলাইত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত ভাৰতৰ নতুন শিক্ষা ব্যৱস্থাৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে।১ এই নতুন নীতিয়ে পূৰ্বৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ১৯৮৬ৰ স্থানত কাৰ্যকৰী হয়। এই নীতি মহাকাশ বিজ্ঞানী কে. কস্তুৰীৰংগনৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ আধাৰত গঠন কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ২৭টা অধ্যায় আৰু ৪টা ভাগত বিভক্ত।
এই নীতি প্ৰকাশ পোৱাৰ কিছু সময়ৰ পিছতে চৰকাৰে স্পষ্ট কৰি দিয়ে যে কোনোৱেই কোনো বিশেষ ভাষা অধ্যয়ন কৰিবলৈ বাধ্য নহ'ব আৰু ইংৰাজীৰ পৰা কোনো আঞ্চলিক ভাষালৈ শিক্ষাৰ মাধ্যম স্থানান্তৰ কৰা নহ'ব।২ এই নীতিৰ ভাষা এক বহল নিৰ্দেশনা আৰু পৰামৰ্শমূলক প্ৰকৃতিৰ আৰু ইয়াক কাৰ্যকৰীকৰণৰ সিদ্ধান্ত লোৱা ৰাজ্য, প্ৰতিষ্ঠান আৰু বিদ্যালয়ৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত শিক্ষা সংবিধানৰ সংযুক্ত সূচীৰ অন্তৰ্গত।৩ অৰ্থাৎ শিক্ষা সম্পৰ্কীয় নীতি কেন্দ্ৰীয় বা ৰাজ্য দুয়ো চৰকাৰে নিৰ্ধাৰণ আৰু ৰূপায়ন কৰিব পাৰে।
এই নীতি খৰখেদাকৈ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ একাধিক পণ্ডিত আৰু শিক্ষাবিদৰ সমালোচনাৰ সন্মুখীন হৈছে। একাংশই ইয়াক ন্যায্য শিক্ষাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। ইয়াৰ কাৰ্যকৰীকৰণৰ ফলত দেশজুৰি প্ৰতিবাদৰ সৃষ্টি হৈছিল।৪৫
পটভূমি
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ স্থান লয়। ২০১৫ চনৰ জানুৱাৰী মাহত প্ৰাক্তন কেবিনেট সচিব টি এছ আৰ সুব্ৰমণ্যমৰ অধীনত এখন সমিতিয়ে নতুন শিক্ষা নীতিৰ বাবে পৰামৰ্শ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ২০১৭ চনৰ জুন মাহত এই সমিতিৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা ২০১৯ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰিৰংগন নেতৃত্বত গঠিত পেনেলে দাখিল কৰিছিল।৬ পিছলৈ খচৰা নতুন শিক্ষা নীতি ২০১৯ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে মুকলি কৰে। তাৰ পিছত কেইবাটাও ৰাজহুৱা পৰামৰ্শ বিচৰা হয়।৭ এই খচৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ৪৮৪ পৃষ্ঠাযুক্ত আছিল।৮ মন্ত্ৰালয়ে খচৰা নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শক্তিশালী পৰামৰ্শ প্ৰক্ৰিয়া হাতত লৈছিল। এই প্ৰক্ৰিয়াত ২.৫ লাখ গাঁও পঞ্চায়ত, ৬,৬০০ খণ্ড, ৬,০০০ নগৰ প্ৰশাসন সংস্থা, ৬৭৬ খন জিলাৰ পৰা দুই লাখতকৈও অধিক পৰামৰ্শ প্ৰাপ্ত হৈছিল।৯
বিধান
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ভাৰতৰ শিক্ষা নীতিত অসংখ্য পৰিৱৰ্তন প্ৰণয়ন কৰা হৈছে। শিক্ষাৰ বাবে ৰাষ্ট্ৰৰ ব্যয় যিমান পাৰি সোনকালে মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৩%ৰ পৰা ৬%লৈ বৃদ্ধি কৰা ইয়াৰ লক্ষ্য।১০
ভাষা
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে মাতৃভাষাক পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে ৰখাৰ লগতে অষ্টম শ্ৰেণী আৰু তাৰ পিছতো ইয়াক অব্যাহত ৰখাৰ পৰামৰ্শ প্ৰদান কৰিছে। সংস্কৃত আৰু বিদেশী ভাষাকো সমানে গুৰুত্ব প্ৰদান কৰা হ’ব। এই নীতিৰ পৰামৰ্শ অনুসৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ত ‘সূত্ৰ’ৰ অধীনত তিনিটা ভাষা শিকিব। এই তিনিটা ভাষাৰ কমেও দুটা ভাৰতৰ থলুৱা ভাষা হ’ব লাগিব। ইয়াৰ উপৰিও এই নীতিত ছাত্ৰ-ছাত্ৰীৰ ওপৰত কোনো ভাষা জাপি দিয়া নহ’ব বুলিও উল্লেখ আছে।
প্ৰকাশৰ কিছু সময়ৰ পাছতে চৰকাৰে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ভাষা নীতি কেৱল নিৰ্দেশনা হয়। ইয়াক কাৰ্যকৰীকৰণৰ সিদ্ধান্ত লোৱাটো ৰাজ্য, প্ৰতিষ্ঠান আৰু বিদ্যালয়ৰ ওপৰত নিৰ্ভৰশীল।১১ লগতে ২০২১ চনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামোত অধিক বিশদ ভাষা কৌশল প্ৰকাশ কৰা হ'ব বুলিও উল্লেখ কৰে।১১ চৰ্দাৰ পেটেল বিদ্যালয়ে ৬০ বছৰ আগতে এই ভাষা নীতি ৰূপায়ণ কৰিছিল।১১ ১৯৮৬ চনৰ শিক্ষা নীতি আৰু ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইন দুয়োটাই মাতৃভাষাৰ ব্যৱহাৰকো পৰামৰ্শমূলক নিৰ্দেশনা হিচাপে প্ৰসাৰিত কৰিছিল।২
বিদ্যালয় শিক্ষা
- মৌলিক সাক্ষৰতা আৰু গণনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা: এই নীতিয়ে "২০২৫ চনৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ত সাৰ্বজনীন মৌলিক সাক্ষৰতা আৰু গণনা কৰাত উপনীত হোৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ" প্ৰদান কৰে। এই লক্ষ্যক "সৰ্বাধিক মৌলিক শিক্ষণ প্ৰয়োজনীয়তা" হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ বাবে ই মৌলিক সাক্ষৰতা আৰু গণনাৰ বাবে ৰাষ্ট্ৰীয় অভিযান গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰক ২০২৫ চনৰ ভিতৰত পৰ্যায়ক্ৰমে লক্ষ্যৰ চিনাক্তকৰণ আৰু উপযুক্ত ব্যৱস্থাসমূহকে ধৰি কাৰ্যকৰীকৰণ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বাধ্য কৰাইছে। এই নীতিৰ অধীনৰ কৰণীয়সমূহৰ অগ্ৰগতি অনুসৰণ আৰু নিৰীক্ষণ কৰিবলৈ চৰকাৰ বাধ্য।১২ এই নীতিৰ অধীনত শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত ৩০:১ৰ তলত নিশ্চিত কৰিবলৈ অতিৰিক্ত নিযুক্তিৰ পৰামৰ্শ দিয়া হৈছে। আৰ্থ-সামাজিকভাৱে বঞ্চিত অঞ্চলত এই অনুপাত ২৫:১ কৰিবলৈ অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰিও ই সম্প্ৰসাৰিত স্কুল, ৰাজহুৱা আৰু ডিজিটেল পুথিভঁৰালৰ নেটৱৰ্কৰ সহায়ত উচ্চমানৰ সম্পদৰ ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল স্থাপন কৰি সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সকলো স্থানীয় ভাষাত "আনন্দদায়ক আৰু প্ৰেৰণাদায়ক" কিতাপৰ বিকাশ সাধন কৰা আৰু শিক্ষক আৰু ছাত্ৰ উভয়ৰে বাবে সম্পদৰ সহজ উপলব্ধতা নিশ্চিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। সঠিক আৰু সময়োপযোগী পুষ্টিৰ জৰিয়তে আৰু সময়ে সময়ে স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে ই ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাৰে সৈতে মোকাবিলা কৰাৰ জটিল প্ৰয়োজনীয়তাক শক্তিশালী কৰাৰ পৰামৰ্শ আগবঢ়ায়।
- ইয়াৰ যোগেদি দেশত প্ৰচলিত "১০ + ২" গঠনক "৫+৩+৩+৪" মডেলৰ সৈতে সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়।১৩ ইয়াক তলত দিয়া ধৰণে কাৰ্যকৰী কৰা হ'ব:১৪১৫
- মৌলিক পৰ্যায়: ইয়াক আৰু দুটা ভাগত বিভক্ত কৰা হৈছে: ৩ বছৰ প্ৰাক-বিদ্যালয় অৱস্থা বা আংগনবাড়ী, তাৰ পিছত প্ৰাথমিক বিদ্যালয়ত ১ম আৰু ২য় শ্ৰেণী। ইয়াৰ দ্বাৰা ৩–৭ বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা হ’ব। কাৰ্য্যকলাপভিত্তিক শিক্ষণ এই স্তৰত অধ্যয়নৰ কেন্দ্ৰবিন্দু হ’ব।
- প্ৰস্তুতিৰ পৰ্যায়: দ্বিতীয় স্তৰত ৩ৰ পৰা ৫ম শ্ৰেণীলৈকে ৮–১০ বছৰ বয়সৰ শিশুসকলক সামৰি লোৱা হ’ব। ইয়াত ক্ৰমান্বয়ে কথন, পঢ়া, লিখা, শাৰীৰিক শিক্ষা, ভাষা, কলা, বিজ্ঞান আৰু গণিত আদি বিষয়ৰ পৰিচয় দিয়া হ’ব।
- মধ্যম পৰ্যায়: এই স্তৰত ৬ৰ পৰা ৮ম শ্ৰেণীলৈ ১১ৰ পৰা ১৩ বছৰৰ শিশুসকলক সামৰি লোৱা হ’ব। ইয়াত ছাত্ৰ-ছাত্ৰীসকলক গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, কলা আৰু মানৱ বিজ্ঞান বিষয়ৰ অধিক বিমূৰ্ত ধাৰণাসমূহৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব।
- মাধ্যমিক পৰ্যায়: এই স্তৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ১৪–১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলক সামৰি লোৱা। ইয়াক পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছে: নৱম আৰু দশম শ্ৰেণীয়ে প্ৰথম পৰ্যায় সামৰি লোৱাৰ বিপৰীতে ১১শ আৰু ১২শ শ্ৰেণীয়ে দ্বিতীয় পৰ্যায় সামৰি লয়। বহুবিষয়ক অধ্যয়ন, গভীৰতা আৰু সমালোচনাত্মক চিন্তাধাৰাৰ সৈতে সংযুক্ত এই ৪ বছৰীয়া অধ্যয়নৰ উদ্দেশ্য। এই স্তৰত বিষয়ৰ একাধিক বিকল্প প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
- প্ৰতিটো শিক্ষাবৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দ্বিতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ মাত্ৰ তিনিটা পৰীক্ষাতহে অৱতীৰ্ণ হ'ব লাগিব।১৩
- দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা অব্যাহত ৰখা হ’ব যদিও ইয়াক পুনৰ ডিজাইন কৰা হ’ব। ইয়াৰ বাবে PARAKH (Performance Assessment, Review and Analysis of Knowledge for Holistic Development) নামৰ মূল্যায়ন সংস্থা গঠন কৰা হ'ব।১৩ ই পৰীক্ষাৰ মানদণ্ড স্থাপন কৰিব এই পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত কৰা হ'ব আৰু শিক্ষাৰ্থীসকলক দুবাৰলৈকে প্ৰচেষ্টা আগবঢ়োৱা হ'ব।১৬ এই পৰীক্ষাত বস্তুনিষ্ঠ আৰু বৰ্ণনামূলক দুটা অংশ থাকিব।
- এই নীতিৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ বোজা হ্ৰাস কৰা আৰু তেওঁলোকক অধিক "আন্তঃশাখা" আৰু "বহুভাষিক" হ'বলৈ সুযোগ প্ৰদান কৰা। যেনে "যদি কোনো ছাত্ৰই পদাৰ্থ বিজ্ঞানৰ সৈতে ফেশ্বন অধ্যয়ন কৰিব বিচাৰে বা যদি কোনোবাই ৰসায়ন বিজ্ঞানৰ সৈতে বেকাৰী শিকিব বিচাৰে তেন্তে এই নীতিৰ অধীনত তেওঁলোকক তেনে কৰিবলৈ অনুমতি দিয়া হ'ব"।১৭ ৰিপৰ্ট কাৰ্ডসমূহ "সামগ্ৰিক" হ'ব আৰু শিক্ষাৰ্থীগৰাকীৰ দক্ষতাৰ বিষয়ে তথ্য প্ৰদান কৰা হ'ব।১
- ষষ্ঠ শ্ৰেণীৰ পৰা ক'ডিং প্ৰৱৰ্তন কৰা হ'ব আৰু অভিজ্ঞতাভিত্তিক শিক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব১৮
- মধ্যাহ্ন ভোজন আঁচনিখনত পুৱাৰ অহাৰৰ ব্যৱস্থা সংযুক্ত কৰা হ'ব। পৰামৰ্শদাতা আৰু সমাজকৰ্মী নিয়োগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য, বিশেষকৈ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব।১৯
তথ্যসূত্ৰ
- ↑ Nandini. (29 July 2020). New Education Policy 2020 Highlights: School and higher education to see major changes. Hindustan Times
- ↑ Vishnoi, Anubhuti. (31 July 2020). No switch in instruction medium from English to regional languages with NEP '20: HRD. The Economic Times
- ↑ Chopra, Ritika. (2 August 2020). Explained: Reading the new National Education Policy 2020. The Indian Express
- ↑ The Hindu Bureau. (2023-07-28). NEP is a threat equitable education, say educationists. The Hindu
- ↑ M, Siksha. (2024-01-12). Student Groups To Stage Nationwide Protests Against NEP At Jantar Mantar. Free Press Journal
- ↑ (22 September 2021). Kasturirangan-led panel to develop new curriculum for schools. indianexpress.com
- ↑ (30 October 2019). State education boards to be regulated by national body: Draft NEP. The Times of India
- ↑ (31 July 2020). Here's Why You Can Rejoice Over the New NEP. And Why You Cannot. The Wire
- ↑ Jebaraj, Priscilla; Hebbar, Nistula. (31 July 2020). Rigorous consultations done before framing new National Education Policy, says Ramesh Pokhriyal Nishank. The Hindu
- ↑ (29 July 2020). Govt approves plan to boost state spending on education to 6% of GDP. Livemint
- ↑ Gohain, Manash Pratim. (31 July 2020). NEP language policy broad guideline: Government. The Times of India
- ↑ Cabinet Approves National Education Policy 2020, paving way for transformational reforms in school and higher education systems in the country. pib.gov.in
- ↑ Srinivasan. (29 July 2020). National Education Policy, NEP 2020: Teaching in Mother Tongue Till Class 5: 10 Points On New Education Policy. NDTV
- ↑ Kulkarni, Sagar. (2020-07-29). New policy offers 5-3-3-4 model of school education. Deccan Herald
- ↑ Kumar, Shuchita. (31 July 2020). New education policy: The shift from 10+2 to 5+3+3+4 system. Times Now
- ↑ (4 November 2019). Easier board exams with two attempts a year: HRD suggests in Draft Education Policy. India Today. Press Trust of India New
- ↑ (29 July 2020). Centre announces new National Education Policy. The Tribune
- ↑ (29 July 2020). New Education Policy: Students To Learn Coding From Class 6. TheQuint
- ↑ Kumar, Prakash. (30 July 2020). National Education Policy 2020 Proposes Breakfast For School Children, Besides Mid-day Meals. Outlook
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০” প্ৰবন্ধৰ সংশোধন ৪৬৭১৫৮ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।