শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ (Shri Ram Janmabhoomi Teerth Kshetra) হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে গঠন কৰা এটা ন্যাস।১ ১৫ জন ন্যাসৰক্ষীৰে এই ন্যাসটো গঠিত।২৩
ইতিহাস
এম চিদ্দিক (ড) বনাম মহন্ত সুৰেশ দাস এণ্ড অৰছ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি এই ন্যাসখন সৃষ্টি কৰা হৈছিল। ৰায়দানৰ তিনি মাহৰ ভিতৰত মন্দিৰ নিৰ্মাণৰ তদাৰক আৰু পৰিচালনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আদালতে ন্যাস গঠন কৰিবলৈ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত লোকসভাত এই ন্যাস গঠনৰ কথা ঘোষণা কৰে।৪
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ১৯৯৩ চনৰ অযোধ্যাত নিৰ্দিষ্ট এলেকা অধিগ্ৰহণ আইনৰ অধীনত অধিগ্ৰহণ কৰা ৬৭.৭০৩ একৰ মাটিৰ লগতে বিতৰ্কিত ২.৭৭ একৰ মাটি ন্যাসক প্ৰদান কৰা হয়।৫
কেন্দ্ৰীয় চৰকাৰে ন্যাসৰ ১৫ জন সদস্যৰ ভিতৰত ১২ জন সদস্যক মনোনীত কৰে। অযোধ্যা গোচৰত শ্ৰী ৰাম লাল্লা বিৰাজমানক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন এটৰ্নী জেনেৰেল কেশৱ পৰাছাৰণক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।৬ ২০২০ চনৰ ১৯ ফেব্ৰুৱাৰীত ন্যাসে ইয়াৰ বাকী সদস্যসকলক মনোনীত কৰি মহন্ত নৃত্যগোপাল দাসক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।৭
১৯৯২ চনত চি.বি.সোমপুৰাৰ সৈতে জ্যেষ্ঠ ন্যাসৰক্ষীসকলে স্থাপত্য নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হয় আৰু অতিৰিক্ত বিধানৰ সৈতে তেওঁলোকক পুনৰ বৈধতা প্ৰদান কৰে। ২০২০ চনৰ নৱেম্বৰ মাহত ন্যাসে লাৰ্ছন এণ্ড টৌব্ৰ’ কোম্পানীক আৰ্হি আৰু নিৰ্মাণৰ ঠিকাদাৰী আৰু টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছক প্ৰকল্প ব্যৱস্থাপনা উপদেষ্টা হিচাপে মন্দিৰ নিৰ্মাণৰ বাবে নিযুক্তি দিয়ে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ এণ্ড ডিজাইন এছ’চিয়েটছ ইনকৰ্পৰেশ্যনৰ সৈতে ৬৭ একৰ মন্দিৰ প্ৰাংগণৰ উন্নয়নৰ বাবে কেতবোৰ নতুন চুক্তি স্বাক্ষৰিত হয়।৮
ন্যাসৰক্ষী গঠন
ন্যাসখন ১৫ জন সদস্যৰ৷ ইয়াৰে ৯ জন স্থায়ী আৰু ৬ জন মনোনীত সদস্য আৰু প্ৰতিজন সদস্যই এজন অনুশীলনকাৰী হিন্দু হ'ব লাগিব।৯
স্থায়ী সদস্য:
- কে পৰছাৰণ: শ্ৰী ৰাম লাল্লা বিৰাজমানক প্ৰতিনিধিত্ব কৰিছিল
- সমগ্ৰ ভাৰতৰ বিভিন্ন মন্দিৰৰ চাৰিজন ধৰ্মগুৰু
- নিৰ্মোহী আখৰাৰ এজন প্ৰতিনিধি
- অযোধ্যা জিলাৰ দুই বিশিষ্ট সাধাৰণ নাগৰিক
- এজন দলিত প্ৰতিনিধি
মনোনীত সদস্য:
- ন্যাসৰ অংশ হ’বলৈ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত ন্যাসৰ দ্বাৰা নিৰ্বাচিত হ’বলগীয়া দুজন বিশিষ্ট ব্যক্তি৷
- কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰিব এজন প্ৰতিনিধি, যিজন হ’ব অসামৰিক সেৱাৰ বিষয়া, অন্ততঃ যৌথ সচিব পৰ্যায়ত কৰ্মৰত৷
- ৰাজ্য চৰকাৰে মনোনীত কৰিবলগীয়া এজন প্ৰতিনিধি আৰু ৰাজ্য চৰকাৰৰ অধীনত অসামৰিক সেৱাৰ বিষয়া হিচাপে কৰ্মৰত৷
- অযোধ্যাৰ জিলা দণ্ডাধীশ পদমৰ্যাদাৰ ন্যাসৰক্ষী (ex-officio trustee) হ’ব (যদি সেৱা আগবঢ়োৱা জিলা দণ্ডাধীশ হিন্দু নহয়, তেন্তে অতিৰিক্ত দণ্ডাধীশজনে ব’ৰ্ডত বহিব)৷
- ৰাম মন্দিৰ প্ৰাংগণৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষগৰাকীকো ন্যাস পৰিষদে বাছনি কৰিব আৰু তেওঁ পদমৰ্যাদা ন্যাসৰক্ষী হ’ব৷
চৰকাৰে গঠন কৰা মন্দিৰ ন্যাসৰ প্ৰথমগৰাকী নেতৃত্বপ্ৰদানকাৰী কে পৰছাৰণক বাকী তিনিগৰাকী সদস্যক মনোনীত কৰাৰ দায়িত্ব দিয়া হৈছিল৷ ১৯ ফেব্ৰুৱাৰী ২০২০ তাৰিখে পৰছাৰণৰ বাসগৃহত অনুষ্ঠিত হোৱা প্ৰথমখন আস্থা সভাত ৰাম জন্মভূমি ন্যাসৰ মুৰব্বী মহন্ত নৃত্যগোপাল দাস জী মহাৰাজক অধ্যক্ষ আৰু বিশ্ব হিন্দু পৰিষদৰ উপ-সভাপতি আৰু চম্পট ৰায়ক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।১০১১ দুয়োজনেই সৰ্বসন্মতিক্ৰমে ন্যাসলৈ নিৰ্বাচিত হয়। প্ৰাক্তন অসামৰিক সেৱাৰ বিষয়া আৰু প্ৰধান সচিব নৃপেন্দ্ৰ মিশ্ৰক নিৰ্মাণ সমিতিৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হয়।১২ বৰ্তমান স্বামী গোবিন্দ দেৱ গিৰিজী মহাৰাজ কোষাধ্যক্ষ আৰু কে পৰছাৰন ন্যাসৰ জ্যেষ্ঠ মুখপাত্ৰ।১৩
১৫ জনৰ ভিতৰত মাত্ৰ ১১ জন ন্যাসৰক্ষীৰ ভোটাধিকাৰ আছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া বিষয়া দুজন, অযোধ্যাৰ জিলা উপায়ুক্ত আৰু নিৰ্মোহী আখৰাৰ প্ৰতিনিধিৰ হাতত ন্যাসৰ কাৰ্য্যবিধিত ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ নাথাকিব।১৪
মুখ্য অধ্যক্ষৰ তালিকা
তথ্যসূত্ৰ
- ↑ (2020-02-05). Explained: What is the Trust set up to build Ram Temple in Ayodhya?. The Indian Express
- ↑ (5 February 2020). Notification. Ministry of Home Affairs.. egazette.nic.in. The Gazette of India
- ↑ Saha, Poulomi. (February 5, 2020). Sri Ram Janmabhoomi Teerth Kshetra: PM Modi announces formation of Ayodhya temple trust. India Today
- ↑ Varma,Anuja, Gyan. (February 5, 2020). Modi announces 15-member trust for temple in Ayodhya. Livemint
- ↑ Chishti, Seema. (7 February 2020). Explained: Story of 67 acres in Ayodhya adjoining Babri site, now with Ram temple trust. The Indian Express
- ↑ Gupta, Moushumi Das. (2020-02-05). Lawyer K Parasaran, 92, who represented Hindus in SC, to head Ram temple trust. ThePrint
- ↑ Uprety, Ajay. (6 November 2019). Who is Mahant Nritya Gopal Das, head of Ram Janmabhoomi Nyas. The Week
- ↑ Shri Ram Janmbhoomi Teerth Kshetra Official Web Site. Shri Ram Janmbhoomi Teerth Kshetra
- ↑ Singh, Jitendra Bahadur; Sharma, Sanjay. (5 February 2020). Ram Temple Trust: God's advocate, Nirmohi Akhara, Dalit get seat on board, check full list - India News. India Today
- ↑ Hebbar, Nistula. (2020-02-19). Ram temple trust elects Nritya Gopal Das as president. The Hindu
- ↑ (2020-09-15). Ayodhya saints at loggerheads with Champat Rai for comment on Shiv Sena chief. Hindustan Times
- ↑ www.ETGovernment.com. Former IAS Nripendra Misra to head committee for Ram Mandir construction in Ayodhya - ET Government. ETGovernment.com
- ↑ Members. Shri Ram Janmbhoomi Teerth Kshetra
- ↑ (2020-02-06). Ram temple in Ayodhya: Parasaran first trustee, 15-member Trust office has his home address. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৪০৩৮০৭ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।