অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰহা মহাবিদ্যালয়

ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ১৯৬৪ চনত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থায়ী সংযোগপ্ৰাপ্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ২(এফ) আৰু ১২(বি) ধাৰাৰ অধীনত স্বীকৃত।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ১৯৬৪ চনত। ১ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থায়ী সংযোগপ্ৰাপ্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ২(এফ) আৰু ১২(বি) ধাৰাৰ অধীনত স্বীকৃত। এই মহাবিদ্যালয়খন ৰহা বিধানসভা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত একমাত্ৰ সাধাৰণ ডিগ্ৰী মহাবিদ্যালয় হিচাপে বিবেচিত হৈ আহিছে॥

অৱস্থান

মহাবিদ্যালয়খন নগাঁও জিলাৰ ৰহা চহৰৰ নতুন চাৰিআলিৰপৰা প্ৰায় ১.৫ কিঃমিঃ দূৰত্বত অৱস্থিত।২ ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলৰপৰা চাপৰমুখ ৰেলৱে জংচন দিশলৈ প্ৰায় ৪০০ মিটাৰ দূৰত্বত অৱস্থিত। মহাবিদ্যালয়ৰ মূল চৌহদটো ৬.৪৮ একৰজুৰি বিস্তৃত। ৩

মহাবিদ্যালয়খনৰ ইতিহাস

ৰহা অঞ্চলৰ শিক্ষাৰ প্ৰসাৰ আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ১৯৬৪ চনৰ ২৮ জুলাইত ৰহাৰ কেইগৰাকীমান সমাজহিতৈষী ব্যক্তিৰ উদ্যোগত ৰহা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। প্ৰথম অৱস্থাত কেৱল কলা শাখাৰে এই মহাবিদ্যালয়খন আৰম্ভ কৰা হৈছিল। পিছলৈ ২০১৬-১৭ শৈক্ষিক বৰ্ষৰপৰা মহাবিদ্যালয়খনত বিজ্ঞান আৰু বাণিজ্য শাখা প্ৰৱৰ্তন কৰা হয়।৪ ২০১৫ চনত মহাবিদ্যালয়খনে গৌৰৱময় সোণালী জয়ন্তী উদ্‌যাপন কৰে।৫ ৬

শৈক্ষিক বিষয় আৰু পাঠ্যক্ৰম

ৰহা মহাবিদ্যালয়ত নিম্নলিখিত পাঠ্যক্ৰমসমূহ আগবঢ়োৱা হয়:৭

  • উচ্চতৰ মাধ্যমিক (HS): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (AHSEC) অধীনত কলা শাখাত ২বছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম (আসন সংখ্যা: ২০০)।
  • স্নাতক পাঠ্যক্ৰম (UG Degree): গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ৩বছৰীয়া স্নাতক পাঠ্যক্ৰম। ৮
  • ২০২৩-২৪ শৈক্ষিক বৰ্ষৰপৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP 2020 / FYUGP) কাৰ্যকৰী কৰা হৈছে।

দূৰ সংযোগ শিক্ষা

বিভাগসমূহ

মহাবিদ্যালয়খনত তিনিটা মুখ্য শাখাৰ অধীনত বিভিন্ন বিভাগসমূহ পৰিচালনা কৰা হয়:৯

  • কলা শাখা (Arts Stream): অসমীয়া, ইংৰাজী, অৰ্থনীতি, শিক্ষা (১৯৭২ চনত আৰম্ভ, ১৯৯০-৯১ত মেজৰ প্ৰৱৰ্তন), ভূগোল, ইতিহাস, দৰ্শন, ৰাজনীতি বিজ্ঞান, সংস্কৃত, সমাজতত্ত্ব, নৃবিজ্ঞান, হিন্দী।
  • বিজ্ঞান শাখা (Science Stream): উদ্ভিদবিজ্ঞান, ৰসায়নবিজ্ঞান, গণিত, পদাৰ্থবিজ্ঞান, প্ৰাণীবিজ্ঞান।
  • বাণিজ্য শাখা (Commerce Stream): হিচাপৰক্ষণ, বিত্তীয় ব্যৱস্থাপনা, মানৱ সম্পদ ব্যৱস্থাপনা ইত্যাদি।

আন্তঃগাঁথনি আৰু অন্যান্য সুবিধা

  • ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কেন্দ্ৰীয় গ্ৰন্থাগাৰ: ১৯৬৪ চনত প্ৰতিষ্ঠিত এই গ্ৰন্থাগাৰটো ৩,৮৮০ বৰ্গফুট এলেকাত বিস্তৃত। গ্ৰন্থাগাৰটোত ৩০,০০০ তকৈ অধিক পুথি আৰু ১১,১২৪+ শিৰোনাম আছে। ইয়াত SOUL 3.0 আৰু DSpace ডিজিটেল চফ্টৱেৰ ব্যৱহাৰ কৰা হয়।১০
  • শ্ৰেণীকোঠা আৰু পৰীক্ষাগাৰ: মহাবিদ্যালয়খনত ২৩টা শ্ৰেণীকোঠা আছে, যাৰ ৩টা আইচিটি (ICT) প্ৰযুক্তিযুক্ত। RUSA-ৰ অনুদানত বিজ্ঞান শাখাৰ আধুনিক পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।
  • প্ৰেক্ষাগৃহ: মহাবিদ্যালয়খনত ৬০০ জনীয়া আসন ক্ষমতাৰ এখন শব্দ-নিয়ন্ত্ৰিত (Acoustic) আধুনিক প্ৰেক্ষাগৃহ-cum-ইনডোৰ ষ্টেডিয়াম আছে।১১
  • অন্যান্য সুবিধা: ২৫টা কম্পিউটাৰযুক্ত আধুনিক কম্পিউটাৰ লেব, ২৫KVA শক্তিৰ বিদ্যুৎ জেনাৰেটৰ, ইনডোৰ/আউটডোৰ ক্ৰীড়া আৰু জিমনেছিয়াম, কেণ্টিন, ১৮ জনীয়া আসন বিশিষ্ট ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস, আৰু দিব্যাংগবান্ধৱ ৰেম্প ব্যৱস্থা।১২
  • পৰিৱেশ সংৰক্ষণ: ২০২১ চনত মৰিগাঁৱৰ এণ্টি-গ্ল’বেল ৱাৰ্মিং ছ’চাইটিৰপৰা মহাবিদ্যালয়খনে “গ্ৰীন এণ্ড ক্লীন এৱাৰ্ড ২০২০” লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Raha College Website
  2. ↑ ৰহা মহাবিদ্যালয়ত "ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান" শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ
  3. ↑ Raha College Prospectus
  4. ↑ RAHA COLLEGE INFRASTRUCTURE DEVELOPMENT
  5. ↑ About Raha College
  6. ↑ ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰস্তুতি..
  7. ↑ Raha College Prospectus 2023-24
  8. ↑ ৰহা মহাবিদ্যালয়ৰ ‘মহাবিদ্যালয় সপ্তাহ’ উপলক্ষ্যে সাংস্কৃতিক শোভাযাত্ৰা
  9. ↑ Raha College Department Profile
  10. ↑ Raha College Library
  11. ↑ Raha College Website, Rasaraj Lakshminath Bezbaruah Central Library
  12. ↑ collegedunia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰহা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩৪১২৮ (৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।