শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১০ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল। এই বিদ্যালয়খন অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনস্থ৷ বিদ্যালয়খন বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত আৰু বৰ্তমানৰ প্ৰধান-শিক্ষকৰ নাম গোবিন্দ চুতীয়া। বিদ্যালয়খনত বৰ্তমান ২৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছে৷ বৰ্তমান বিদ্যালয়খনত প্ৰাক-প্ৰাথমিক (অংকুৰ শ্ৰেণী)ৰপৰা দশম শ্ৰেণীলৈকে প্ৰায় ৪০০ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে৷১
ইতিহাস
১৯৯৬ চনত ঘিলামৰা অঞ্চলৰ কেইগৰাকীমান শিক্ষাবিদ আৰু সমাজ সচেতক বিপিন বৰুৱা, বাবুলাল আগৰৱালা, গগন চন্দ্ৰ হাজৰিকা, মূলান দিহিঙ্গীয়া, মামণি চিৰিং আদিৰ পৃষ্ঠপোষকতাত বিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক কাৰ্যাৱলী আৰম্ভ হয়৷
১৯৯৭ চনৰ তদৰ্থ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক বাবুলাল আগৰৱালাই এই সম্পৰ্কে লেখিছে,
বৰদৈবাম চাহ বাগিচাৰ কাষত থকা সতীশ চন্দ্ৰ গগৈ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কালতে মোৰ সহকৰ্মী মূলান দিহিঙ্গীয়া আৰু মামণি চিৰিং বাইদেৱে ঘিলামৰাত এখন শঙ্কৰদেৱ শিশু নিকেতন স্থাপন কৰিব পৰা যাব নেকি সেই বিষয়ে মোক অৱগত কৰে৷ কাৰণ তেওঁলোকে মোৰ লক্ষীমপুৰ শঙ্কৰদৱে শিশু নিকেতনত থকা অৰিহণা আৰু আৰ.এচ.এচ.ৰ লগত থকা সুসম্পৰ্কৰ কথা জানিছিল৷.. নিকেতন স্থাপনৰ জল্পনা-কল্পনা কৰি থকাৰ সময়তে ৰাইজৰপৰা এইদৰে সঁহাৰি পাই মনত সাহস গোট খায় আৰু ২২/১২/১৯৯৬ তাৰিখে ৰাইজৰ পৰামৰ্শ, অনুমতি আৰু তদৰ্থ কমিটি গঠনৰ বাবে শ্ৰীযুত বিপিন বৰুৱাদেৱ আৰু এই অভাজনক আহ্বায়ক হিচাপে লৈ এখনি সাধাৰণ সভা আহ্বান কৰা হয়৷ ২
ৰাজহুৱা সভাত সঁহাৰি লাভ কৰি বিদ্যালয় প্ৰতিষ্ঠাৰ বিষয়টো ঘিলামৰাত প্ৰচাৰ কৰা হয় আৰু সেই অনুসৰি বিদ্যালয়খন প্ৰতিষ্ঠাৰ সিদ্ধান্তটো চূড়ান্ত কৰা হয়৷ নিকেতন প্ৰতিষ্ঠাৰ বিষয়টোৱে ঘিলামৰা সচেতন লোকৰ মাজত কেনে ভাৱে ক্ৰিয়া কৰিছিল, তাক জানিবলৈ নৰ্থ বেংক কলেজৰ তদানীন্তন অসমীয়া বিভাগৰ অধ্যাপক দীপালী বৰুৱাই মন্তব্য আগবঢ়াইছে,
লক্ষীমপুৰৰ পৰা ঘিলামৰালৈ বাছত অহা যোৱা কৰি থকা সময়ত ১৯৯৭ চনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচৰ ওচৰত শংকৰদেৱ শিশু নিকেতনৰ নাম ফলক এখন দেখি মোৰ বৰ আনন্দ লাগিছিল৷ মোৰ অনুভৱ হৈছিল যে ঘিলামৰাতো বৌদ্ধিক, নৈতিক, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শিক্ষাৰ শিক্ষিত কিছু ছাত্ৰ-ছাত্ৰীক গঢ় দিব পৰা যাব৷৩
তাৰপিছতে ঘিলামৰা বৰাজান চাপৰিৰ নিবাসী অনিল গোহাঁই আৰু দিপ্তী গোহাঁইৰ পুত্ৰ সুধন্য বৰগোহাঁইক প্ৰধান-শিক্ষক ৰূপে নিৰ্বাচিত কৰি শিশু শিক্ষা সমিতি অসমে প্ৰতিবছৰে প্ৰদান কৰি অহা প্ৰধানাচাৰ্য প্ৰশিক্ষণলৈ পঠিওৱা হয়৷৪ ১৯৯৭ চনৰ জানুৱাৰী মাহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডল কাৰ্যালয়লৈ যোৱা পথৰ বাওঁহাতে থকা কৃষি বিভাগৰ এটি সৰু পকী কোঠাত বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিলে৷
১৯৯৭ চনৰ ১০ জানুৱাৰী তাৰিখে অংকুৰ, মুকুল আৰু প্ৰথম শ্ৰেণীত মুঠ ৪৫ গৰাকী শিক্ষাৰ্থীৰে বিদ্যালয়খনৰ পাঠদান আৰম্ভ কৰা হয়৷ সেই সময়ত প্ৰধানাচাৰ্য সুধন্য বৰগোহাঁইৰ লগতে প্ৰতিষ্ঠাপক তিনিগৰাকী আচাৰ্য আছিল- কুঞ্জলতা দত্ত, গোবিন্দ চুতীয়া আৰু মঞ্জুমণি বৰুৱা৷ ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দক্ষিণ-পশ্চিম দিশত থকা পশু চিকিৎসা বিভাগৰ এটি পুৰণি গৃহলৈ ১৯৯৮ চনত বিদ্যালয়খন স্থানান্তৰ কৰা হয়৷ সেই বছৰতে তদৰ্থ বিদ্যালয় পৰিচালনা সমিতিখন ভংগ কৰি তীৰ্থনাথ বৰুৱাক সভাপতি আৰু কিৰণ চন্দ্ৰ গগৈক সম্পাদক হিচাপে লৈ প্ৰথমখন পূৰ্ণাংগ পৰিচালনা সমিতি গঠন কৰা হয়৷ ১৯৯৮ চনৰ ব’হাগ বিহুত শিক্ষক, অভিভাৱক আৰু ৰাইদঙ্গীয়া গাঁৱৰ যুৱ সমাজ লগ হৈ বিদ্যালয়খনৰ সাহাৰ্যাৰ্থে হুঁচৰি গাই পুঁজি পঠন কৰা হয়৷ ২০০৬ চনত বিদ্যালয়খন বৰ্তমান স্থাপিত ঠাইলৈ স্থানান্তৰ কৰা হয়৷
ঘিলামৰা শংকৰদেৱ শিশু নিকেতনৰ বৰ্তমানৰ অৱস্থানত থকা বাওঁফালৰ গৃহটো ২০০৮ চনৰ ব’হাগ বিহুত শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ উদ্যোগত গঠিত হুঁচৰিৰ দলৰ যোগেদি পুঁজি সংগ্ৰহ কৰি পকীকৰণ কৰা হয়৷

বিদ্যালয়খনত ২০০৭ চনত পঞ্চম আৰু ২০১০ চনত অষ্টম শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা আৰম্ভ হয়৷ ২০১৩ চনত বিদ্যালয়খনৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে৷ তাৰপিছতে ধাৰাবাহিকভাৱে তিনিবছৰ (২০১৩, ২০১৪, ২০১৫) বিদ্যালয়খনৰপৰা তিনিগৰাকী শিক্ষাৰ্থীয়ে ঢকুৱাখনা মহকুমাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই শিক্ষাৰ মানচিত্ৰত বিদ্যালয়খনক জিলিকাই তোলে৷৫ এইদৰে ২০১৫-২০১৯ৰ কালছোৱাত বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা হয়গৈ প্ৰায় ৬০০ গৰাকী৷
২০১০-২০ৰ সময়ছোৱাত বিদ্যালয়খনে শৈক্ষিক আৰু আন্তঃগাঁথনিগত দিশত যথেষ্ট উন্নতি লাভ কৰে৷ ২০১৪-১৭ বৰ্ষত কাৰ্যভাৰ গ্ৰহণ কৰা হোমেন বুঢ়াগোহাঁই (সভাপতি) আৰু মনোৰঞ্জন গগৈ (সম্পাদক)ৰ নেতৃত্বৰ বিদ্যালয় পৰিচালনা সমিতিখনে সুমিত্ৰা চুতীয়া (সভানেত্ৰী) আৰু ৰুণু শইকীয়া (সম্পাদক)ৰ নেতৃত্বৰ ২০১৩-১৫ বৰ্ষৰ মাতৃভাৰতীৰ যৌথ উদ্যোগত ২০১৩ বৰ্ষত এখন ল’টাৰীৰ আয়োজন আৰু তিনিবাৰকৈ ভ্ৰাম্যমান থিয়েটাৰক আমন্ত্ৰণ কৰি কিছু পুঁজি সংগ্ৰহ কৰি গৃহ পকীকৰণ কৰে৷ তাৰ লগতে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে বিধায়ক পুঁজিৰপৰা ২০১১ চনত পকী চাৰিবেৰ নিৰ্মাণৰ বাবে, ২০১৭ চনত RCC গৃহ নিৰ্মাণৰ বাবে পুঁজি প্ৰদান কৰে৷৬
শিক্ষা ব্যৱস্থা
যোৱা ১২ বছৰত ২০১৩-২৪ৰ সময়ছোৱাত বিদ্যালয়খনৰ পাঁচগৰাকী শিক্ষাৰ্থীয়ে ঢকুৱাখনা মহকুমাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাইছে৷
| +ঢকুৱাখনা মহকুমাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপক৫ | বৰ্ষ | নাম | প্ৰাপ্ত শতাংশ |
| ২০১৩ | বুদ্ধ কোঁৱৰ | ৯২.১৬ | |
| ২০১৪ | সমুদ্ৰ কাশ্যপ দিহিঙ্গীয়া | ৯৩.৩৩ | |
| ২০১৫ | দেৱাশিস বুঢ়াগোহাঁই | ৯৪.৫০ | |
| ২০২২ | ৰাজঙ্গিনী গগৈ৭ | ৯৭.১৬ | |
| ২০২৪ | শ্ৰেষ্ঠা এম. বৰুৱা৮ | ৯৫.৮৩ |
যোৱা দহ বছৰে দহটা শিক্ষাবৰ্ষৰ মুঠ ২৩২ গৰাকী শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়৷ তাৰ ভিতৰত ডিষ্টিংশ্যন পাবলৈ ৫০ গৰাকী (২২ শতাংশ), ষ্টাৰ পাবলৈ ৪৫ গৰাকী (২০ শতাংশ)য়ে সক্ষম হয়৷ মুঠ অৱতীৰ্ণৰ ৭৫ শতাংশ অৰ্থাৎ ১৭৩ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷৯
ছাত্ৰ-ছাত্ৰী
বৰ্তমান বিদ্যালয়খনত প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে৷ ২০০৭ চন মানলৈ এই সংখ্যা ১০০-১৫০ আছিল৷ ২০১০ লৈ এই সংখ্যা ২৫০ লৈ বৃদ্ধি পায়৷ বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০১৫-১৯ৰ কালছোৱাত সৰ্বাধিক ৬০০ লৈ বৃদ্ধি পাইছিল৷
আৰু গায়ত্ৰী মহন্তৰ সৈতে)]]

আন্তঃগাঁথনি
বিদ্যালয়খনত ৰাজহুৱা পুঁজি আৰু বিধায়কৰদ্বাৰা প্ৰদান কৰা পুঁজিৰে বৰ্তমানলৈকে দুটা অসম আৰ্হিৰ দীঘলীয়া ঘৰ, এটা দুমহলাৰ RCC ঘৰ, এটা মুকলি প্ৰেক্ষাগৃহ আৰু অন্য এটা অসম আৰ্হিৰ ঘৰ আছে৷ তাৰ ভিতৰতে প্ৰায় ২৫-টা শ্ৰেণীকোঠা, দুটা শিক্ষকৰ কোঠা, এটা পুথিভঁৰাল, এটা ডিজিটেল শ্ৰেণীকোঠা, এটা প্ৰাৰ্থনা গৃহ অৱস্থিত৷
বিদ্যালয়ৰপৰা প্ৰকাশিত আলোচনী
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠাৰ কালৰেপৰা শিশু শিক্ষা সমিতি, অসমৰদ্বাৰা প্ৰকাশিত আলোচনী- ভাৰতীত লেখা প্ৰকাশ কৰি আহিছে। প্ৰথমাৱস্থাত ভাৰতী বিভাগ স্তৰত আৰু পিছৰ পৰ্যায়ত সংকুল স্তৰত প্ৰকাশিত হ’বলৈ লয়৷
তাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ নিজা উদ্যোগত বিদ্যালয়খনত ভালেমান আলোচনী প্ৰকাশিত হৈছে৷ ২০০৭-চনত আলোক- নামৰ সেই সময়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এখন হাতে-লিখা আলোচনী প্ৰকাশ কৰে, এইখনেই আছিল বিদ্যালয়খনৰ প্ৰথম আলোচনী৷ তাৰপাছৰপৰা ২০২৪ চনলৈকে ভালেমান আলোচনী প্ৰকাশিত হৈ আহিছে৷ বিদ্যালয়খনৰপৰা প্ৰকাশিত আলোচনীসমূহৰ তালিকা উল্লেখ কৰা হ’ল৷
| +বিদ্যালয়ৰপৰা প্ৰকাশিত আলোচনীসমূহ | ক্ৰ. ন. | আলোচনীৰ নাম | প্ৰকাশৰ চন | সম্পাদক |
| ১ | আলোক- প্ৰথম সংখ্যা | ২০০৭ | নেপুৰ ৰঞ্জন হাজৰিকা | |
| ২ | আলোক- দ্বিতীয় সংখ্যা | ২০১০ | ভনিতা গগৈ চুতীয়া | |
| ৩ | আলোক- তৃতীয় সংখ্যা | ২০১১ | নেপুৰ ৰঞ্জন হাজৰিকা | |
| ৪ | ৰোমন্থন | ২০১৫ | দেৱাশিস বুঢ়াগোহাঁই |


সা-সুবিধা
পুথিভঁৰাল
ৰূপালী জয়ন্তীৰ ক্ষণতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পুঁজিৰ ব্যৱস্থা কৰি বিদ্যালয়খনলৈ এটি পুথিভঁৰাল আগবঢ়ায়৷ এই পুথিভঁৰালটো ১৬ জানুৱাৰী, ২০২৩ তাৰিখে উন্মোচন কৰে লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰবীন কাকতিয়ে৷ এই পুথিভঁৰালটোত বৰ্তমান প্ৰায় ১০০০-খন কিতাপ আছে৷
অন্যান্য
বিদ্যালয়খনত ডিজিটেল শ্ৰেণীকোঠা, বিদ্যুৎ যোগান, শিশু বাটিকা আৰু কৰ্মচাৰীসকলৰ বাবে কৰ্মচাৰী ভৱিষ্য নিধিৰ সুবিধা উপলব্ধ।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ তালিকা
| +তালিকা | বৰ্ষ | সভাপতি | সম্পাদক | সাংগঠনিক সম্পাদক |
| ১৯৯৭ | বিপিন বৰুৱা | বাবুলাল আগৰৱালা | সুধন্য বৰগোহাঁই (প্ৰধানাচাৰ্য) | |
| ১৯৯৮-২০০৩ | তীৰ্থনাথ বৰুৱা | কিৰণ চন্দ্ৰ গগৈ | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) | |
| ২০০৩-২০০৬ | বদন চন্দ্ৰ ফুকন | বিষ্ণু প্ৰসাদ গগৈ | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) | |
| ২০০৭-২০১৪ | তীৰ্থনাথ বৰুৱা | হিৰণ্য হাজৰিকা | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) | |
| ২০১৪-২০১৭ | হোমেন বুঢ়াগোহাঁই | মনোৰঞ্জন গগৈ | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) | |
| ২০১৭-২০২১ | হিৰণ্য হাজৰিকা | অনুপ চুতীয়া, লক্ষ্য কুমাৰ বৰুৱা | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) | |
| ২০২১-বৰ্তমান | কিৰণ চন্দ্ৰ গগৈ | অজিত চেতিয়া | গোবিন্দ চুতীয়া (প্ৰধানাচাৰ্য) |
ৰূপালী জয়ন্তী উদযাপন
২০২২ বৰ্ষৰ ৮, ৯ আৰু ১০ জানুৱাৰীৰ কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠান আৰম্ভ হয়।১০ এই বিদ্যালয়খনত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি নতুন শ্ৰেণীকোঠাৰো নিৰ্মাণ কৰা হৈছে৷ ১১ ৰূপালী জয়ন্তীৰ সামৰণি পৰে ২০২৩ বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে৷ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰৌদ্ৰ দীপ নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়৷ ৰূপালী জয়ন্তীৰ ক্ষণতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পুঁজিৰ ব্যৱস্থা কৰি বিদ্যালয়খনলৈ এটি পুথিভঁৰাল আগবঢ়ায়৷
বাহ্যিক সংযোগ
সামাজিক মাধ্যম
তথ্যসূত্ৰ
- ↑ খনিকৰ, কৃষ্ণ (সম্পা.)--- ৰৌদ্ৰ দীপ-ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ঘিলামৰা, ১৮ জানুৱাৰী, ২০২৩, পৃ. ১৫৬
- ↑ চুতীয়া, ভনিতা গগৈ (সম্পা.)-- আলোক- গোগামুখ সংকুল সমাৰোহ ২০১০ আৰু লখিমপুৰ বিভাগ খেলৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ২০১০, পৃ. ১৭
- ↑ চুতীয়া, ভনিতা গগৈ (সম্পা.)--- আলোক- গোগামুখ সংকুল সমাৰোহ ২০১০ আৰু লখিমপুৰ বিভাগ খেলৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ২০১০, পৃ. ২১
- ↑ খনিকৰ, কৃষ্ণ (সম্পা.)--- ৰৌদ্ৰ দীপ-ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ঘিলামৰা, ১৮ জানুৱাৰী, ২০২৩, পৃ. ১
- ↑ গুঃনাঃদঃসোঃ ন্যাস- গুণীন্দ্ৰ নাথ দত্ত সোঁৱৰণী মেধা বঁটা প্ৰদান উপলক্ষে প্ৰকাশিত অভিবাদন গ্ৰন্থ, ২০২৩৷
- ↑ খনিকৰ, কৃষ্ণ (সম্পা.)--- ৰৌদ্ৰ দীপ-ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ঘিলামৰা, ১৮ জানুৱাৰী, ২০২৩, পৃ. ৪
- ↑ ঢকুৱাখনা মহকুমাৰ উত্তীৰ্ণ হাৰ ৮৭’৫৪%,সৰ্বাধিক নম্বৰ প্ৰাপক ৰাজঙ্গিনী গগৈ…, Asomiyapratidin.in. published on 8 June 2022
- ↑ মেট্ৰিকত ঘিলামৰাৰ দুখন বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণঃ ঢকুৱাখনাৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠা এম বৰুৱা..., asomiyapratidin.in, published on 20 April, 2024
- ↑ খনিকৰ, কৃষ্ণ (সম্পা.)--- ৰৌদ্ৰ দীপ-ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, শঃশিঃনিঃঘিলামৰা, ঘিলামৰা, ১৮ জানুৱাৰী, ২০২৩, পৃ. ১২৯-১৩২
- ↑ শংকৰদেৱ শিশু নিকেতন ঘিলামৰাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ… Asomiyapratidin.in. retrieved on 9 July 2022
- ↑ বিধায়ক নৱ কুমাৰ দলেৰ শ্ৰেণীকোঠা উদ্বোধন. পাব্লিক এপ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা” প্ৰবন্ধৰ সংশোধন ৪৪৮২৪৩ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।