লেডী আৰউইন কলেজ উত্তৰ কেম্পাছত অৱস্থিত দিল্লী বিশ্ববিদ্যালয়ৰ এখন গঠনমূলক মহাবিদ্যালয়। ১৯৩২ চনত স্থাপিত এই মহাবিদ্যালয়খন ভাৰতৰ নতুন দিল্লীত অৱস্থিত আৰু ইয়াত গৃহ বিজ্ঞান আৰু খাদ্য প্ৰযুক্তিৰ স্নাতক পাঠ্যক্ৰমৰ লগতে গৃহ বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমো আছে। মহাবিদ্যালয়খনে খাদ্য আৰু পুষ্টি, মানৱ বিকাশ আৰু শৈশৱ অধ্যয়ন, সম্পদ ব্যৱস্থাপনা আৰু ডিজাইন প্ৰয়োগ, উন্নয়ন যোগাযোগ আৰু সম্প্ৰসাৰণ আৰু কাপোৰ আৰু পোছাক বিজ্ঞানৰ বিশেষজ্ঞতা প্ৰদান কৰে। মহাবিদ্যালয়খনত খাদ্য বিজ্ঞান আৰু পুষ্টিৰ পেৰামেডিকেল শাখাতো অধ্যয়ন কৰা হয়। কলেজখন গৃহ বিজ্ঞানৰ বাবে শীৰ্ষ ৫খনৰ ভিতৰত, আৰু এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ; মহাবিদ্যালয়খন বিশ্ব মানদণ্ডৰদ্বাৰাও স্বীকৃতিপ্ৰাপ্ত। বিষয় অনুসৰি QS World University Rankings 2021 অনুসৰি লেডী ইৰউইন কলেজে "শিক্ষা" বিষয়ৰ বাবে ২৫১-৩০০ ৰ ভিতৰত স্থান লাভ কৰিছিল।১২৩
ইতিহাস
১৯২৮ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনে মহাবিদ্যালয়খনৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।৪ ১৯৩২ চনত ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ পত্নী লেডী ড’ৰথী আৰউইন আৰু বৰোদা আৰু ভূপালৰ মহাৰাণী, সৰোজিনী নাইডু, ৰাজকুমাৰী অমৃত কৌৰ, এনী বেছাণ্ট, কমলা দেৱী চট্টোপাধ্যায়, মাৰ্গাৰেট এলিজাবেথ কাজিন্স আৰু ছাৰ গংগা ৰাম কৌলৰ পৃষ্ঠপোষকতাত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।
হান্না চেন (১৮৯৪–১৯৫৭) এগৰাকী বাগদাদী ইহুদী মহিলা। ১৯৩২ চনত দিল্লীৰ লেডী ইৰউইন কলেজৰ প্ৰতিষ্ঠাপক আছিল। ১৯৪৭ চনত অৱসৰ লোৱালৈকে সেনে কলেজখনৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লেডী আৰউইন কলেজৰ চৌহদত থকা এটা অট্টালিকাৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।
মহাবিদ্যালয় চৌহদৰ অট্টালিকাসমূহক ঐতিহ্য ক্ষেত্ৰ হিচাপে শ্ৰেণীভুক্ত কৰি সুৰক্ষিত কৰা হৈছে।
১৯৩৮ চনত মহাবিদ্যালয়খন চিকন্দৰ ৰোডত থকা বৰ্তমানৰ চৌহদলৈ স্থানান্তৰিত হয়। ১৯৫০ চনলৈকে ইয়াক অল ইণ্ডিয়া উইমেনছ এডুকেশ্যন ফাণ্ড এছ'চিয়েচনে পৰিচালনা কৰিছিল, তাৰ পিছত ই দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ পৰে আৰু কলেজত অনাৰ্ছ ডিগ্ৰী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হয়।৫
মূলমন্ত্ৰ
কলেজৰ প্ৰতীকৰ শিখৰৰ তলত "বিদ্যা হি সেৱা" (শব্দ অৰ্থত 'শিক্ষাই সেৱা') মূলমন্ত্ৰ দেখা যায়। স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাত লেডী ড’ৰথী আৰউইনৰ সৈতে মোহনদাস কৰমচান্দ গান্ধী আৰু ৰাজকুমাৰী অমৃত কৌৰ আদি বিপ্লৱীসকলৰ ভিতৰত আছিল যিয়ে নাৰী মুক্তিৰ পথেৰে সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। ১৯৩১ চনত মহাবিদ্যালয়খন আহিছিল যদিও উন্নয়নৰ কালছোৱাত ৰাজকুমাৰী অমৃত কৌৰ আৰু মহাবিদ্যালয়ৰ প্ৰতীকটোৰ বাবে মূলমন্ত্ৰ চূড়ান্ত কৰাটোক লৈ গান্ধীয়ে চিঠিৰ আদান-প্ৰদান৬ কৰিছিল।
পাঠ্যক্ৰম
- বি.এছ.চি. (পাছ) গৃহ বিজ্ঞান - ৩ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম।[1]
- বি.এছ.চি. (অনাৰ্ছ) গৃহ বিজ্ঞান - ৩ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম।
- বি এড (গৃহ বিজ্ঞান) -২ বছৰৰ ডিগ্ৰী পাঠ্যক্ৰম
- বি এড বিশেষ শিক্ষা (এম আৰ) - ১ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম।
- বি.এছ.চি. খাদ্য প্ৰযুক্তি
- ডায়েটেটিক্স আৰু জনস্বাস্থ্য পুষ্টিৰ স্নাতকোত্তৰ ডিপ্লমা - ১ বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম
- এম.এছ.চি. গৃহ বিজ্ঞান - ২ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম:
- খাদ্য আৰু পুষ্টি
- মানৱ বিকাশ আৰু শৈশৱ অধ্যয়ন
- কাপোৰ আৰু পোছাক বিজ্ঞান
- উন্নয়ন যোগাযোগ আৰু সম্প্ৰসাৰণ
- সম্পদ ব্যৱস্থাপনা আৰু ডিজাইন প্ৰয়োগ
- পি এইচ ডি. - গৃহ বিজ্ঞানৰ পাঁচোটা বিশেষজ্ঞতাতে
তথ্যসূত্ৰ
- ↑ (30 May 2005). Home Science from Lady Irwin College. দ্য হিন্দু
- ↑ (21 August 2009). There's more to Lady Irwin College than good food. The Hindu
- ↑ (2008-11-29). Campus Hangout: A benign spectator. The Hindu
- ↑ Kumar, Radha. (1997). The History of Doing: An Illustrated Account of Movements for Women's Rights and Feminism in India 1800-1990. Zubaan. পৃ. 68–69. ISBN 9788185107769
- ↑ (15 September 2011). Making history with brick and mortar. হিন্দুস্তান টাইমছ
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডী আৰউইন কলেজ” প্ৰবন্ধৰ সংশোধন ৬৪০২১৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।