অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ৰঙাপৰা মহাবিদ্যালয়

ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) (ইংৰাজী: Rangapara College [Autonomous]) বিজ্ঞান, বাণিজ্য. কলা আৰু শিক্ষক শিক্ষণ শাখাত শিক্ষা গ্ৰহণৰ সুবিধা থকা অসমৰ এখন স্বায়ত্তশাসিত চৰকাৰী উচ্চ শিক্ষানুষ্ঠান।

হালনাগাদ: ৮ মে’ ২০২৬ ৬৬৩ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰঙাপৰা মহাবিদ্যালয় (স্বায়ত্তশাসিত) (ইংৰাজী: Rangapara College [Autonomous]) বিজ্ঞান, বাণিজ্য. কলা আৰু শিক্ষক শিক্ষণ শাখাত শিক্ষা গ্ৰহণৰ সুবিধা থকা অসমৰ এখন স্বায়ত্তশাসিত চৰকাৰী উচ্চ শিক্ষানুষ্ঠান। ৰঙাপৰা বিধান সভা সমষ্টিৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয় শোণিতপুৰ জিলাৰ এক সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। ১০৫ বিঘা ভূমি চৌহদৰ মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত। ২০২৩ চনত মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (NAAC)ৰ B ++ গ্ৰেড লাভ কৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত মহাবিদ্যালয় খনে সংহত শিক্ষক শিক্ষণ (ITEP) পাঠ্যক্ৰমৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ (NCTE) ৰ পৰা স্বীকৃতি লাভ কৰে। ২০২৫ চনৰ ২১ এপ্ৰিল তাৰিখে মহাবিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা শোণিতপুৰ জিলাৰ প্ৰথমখন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰে।১ ৰঙাপৰা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত লেখক, গৱেষক, শিক্ষাবিদ তথা সমাজকৰ্মী ড° ৰঞ্জন কলিতা।২৩

ইতিহাস

ৰঙাপৰাৰ আঞ্চলিক মহাবিদ্যালয়খনে ১৯৭৯ চনৰ ১৬ আগষ্টৰ পৰা ৰঙাপৰা টাউন হলৰ পৰা ইয়াৰ শৈক্ষিক যাত্ৰা আৰম্ভ কৰে। ১৯৮৭ চনৰ ১ জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনক ঘাটি অনুদান-সাহায্য ব্যৱস্থাৰ অধীনলৈ অনা হয়, আৰু ১৯৯৬ চনৰ ২০ মাৰ্চৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৫ৰ ধাৰা ২ (চ) আৰু ১২ (বি)ৰ অধীনত অন্তৰ্ভুক্ত কৰা হয়।১৯৮৮ চনৰ ৮ আগষ্টত বাণিজ্যৰ ব্যৱস্থা হিচাপে প্ৰৱৰ্তন কৰা হয়। ২০০৪ চনত কলেজখনে বি+ গ্ৰেডৰ সৈতে স্বীকৃতি লাভ কৰে আৰু পুনৰ ২০২৩ চনত মহাবিদ্যালয়খনেৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ (NAAC)ৰ B ++ গ্ৰেড লাভ কৰে। ইতিমধ্যে ৰঙাপৰা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ বাবে স্বীকৃতি লাভ কৰিছে। ২০২৫ বৰ্ষত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনত কেইবাটাও প্ৰকল্প উদ্বোধন কৰে।২

পাঠ্যক্ৰমসমূহ

ৰঙাপৰা মহাবিদ্যালয়ত বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ নিয়মীয়া পাঠ্যক্ৰমসমূহত নামভৰ্তিৰ সুবিধা থকাৰ উপৰিও বিভিন্ন সময়োপযোগী পাঠ্যক্ৰমসমূহে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশ নিশ্চিত কৰিছে। মহাবিদ্যালয়খনত চলিত বৰ্ষৰ পৰা কৃত্ৰিম বুদ্ধিমত্তা, শাৰিৰীক শিক্ষা আৰু বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰম আৰম্ভ কৰা হয়। তথ্য প্ৰযুক্তিৰ শিক্ষাৰ দিশত মহাবিদ্যালয়খনে অসম ইলেকট্ৰনিক উন্নয়ন নিগম দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ICT মহাবিদ্যালয়। অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ দ্বাৰা অসম ইলেকট্ৰনিক উন্নয়ন নিগমৰ সহযোগত SOPD আঁচনিৰ অধীনত ৮০ গৰাকী শিক্ষাৰ্থীক ছমহীয়া Advanced Certificate in Computerized Office Management (ACCOM) পাঠ্যক্ৰমৰ যোগেদি তথ্য প্ৰযুক্তিৰ দক্ষতা বিকাশৰ বাবে পাঠদান কৰি থকা হৈছে। শেহতীয়াকৈ মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। সেই অনুসৰি মহাবিদ্যালয়খনত NIFLIT এই অফিচ অটোমেচন আৰু আই টি এছিছটেন্টৰ এটা ছমহীয়া পাঠ্যক্ৰম আৰম্ভ কৰিছে। য'ত অনুসূচিত জাতি আৰু জনজাতিৰ ছাত্ৰ- ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছে। জুবিন গাৰ্গৰ কৰ্মৰাজিক ৰঙাপৰা মহাবিদ্যালয়ৰ বি এ, বি এড পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।১

পাঠ্যক্ৰম সমূহ হ'ল-

উচ্চতৰ মাধ্যমিকঃ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত।

স্নাতক শাখাতঃ বিএ (মেজৰ) (BA-Major), বি কম (মেজৰ) (BCom-Major) বি এচ চি (মেজৰ) BSc (Major) বি এ বি এড (ডাবল মেজৰ) (BA-BEd Double Major) ITEP

স্নাতকোত্তৰ শাখাতঃ এম এ, এম কম (MA & MCom)

সা- সুবিধাসমূহ

ৰঙাপৰা মহাবিদ্যালয়ত আধুনিক পুথিভঁৰাল, ডিজিটেল শ্ৰেণীকক্ষ, আইচিটি সুবিধা, সক্ৰিয় এন এছ এছ, উপযুক্ত শাৰীৰিক শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আদি আধুনিক সা- সুবিধা উপলব্ধ। ছাত্ৰ সংসদৰ নিৰ্বাচন ই ভোটিং ব্যৱস্থাৰে সম্পন্ন কৰা ৰঙাপৰা মহাবিদ্যালয় শোণিতপুৰ জিলাৰ একমাত্ৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰথমটো গোট ২০১৮ চনত গঠন হয়। ড° অশ্বনী কুমাৰ ডেকাই আঁচনি বিষয়াৰূপে দায়িত্ব গ্ৰহণ কৰি কম সময়ৰ ভিতৰতে মহাবিদ্যালয়ৰ গোটটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে এটি উল্লেখযোগ্য গোটৰূপে কাৰ্যক্ষম কৰি তোলে।১

মহাবিদ্যালয়ৰ গৌৰৱ

ৰঙাপৰা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ হৈছে ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত লেখক, গৱেষক, বিশিষ্ট সমাজকৰ্মী ড° ৰঞ্জন কলিতা। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰঞ্জন কলিতাৰ অধীনত গৱেষণা কৰি ২০২৫ চনত তিনি গৰাকী গৱেষকে পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ উপৰি আন এগৰাকী গৰাকী গৱেষকে গুৱাহাটী বিশ্ববিদ্যালয় পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা পত্ৰ দাখিল কৰিছে। কেইবাগৰাকী গৱেষকে তেখেতৰ অধীনত গৱেষণা কৰি আছে। গৱেষণাৰ দিশত ৰঙাপৰা মহাবিদ্যালয়ৰ ২০২৫ শৈক্ষিক বৰ্ষত মহাবিদ্যালয়ৰ শিক্ষকসকলে মুঠ ২৮খন গৱেষণা পত্ৰ, ২৫ টা গ্ৰন্থ অধ্যায়, ৭ খন শৈক্ষিক গ্ৰন্থ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰকাশকৰ দ্বাৰা প্ৰকাশ কৰে। ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন কলিতা এই বৰ্ষত দ্বিতীয় কাৰ্যকালৰ বাবে অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে। মহাবিদ্যালয়খনৰ গণিত বিভাগৰ অধ্যাপক ড° আজিজুল হক বিদেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত হৈছে। ২০২০- ২১ বৰ্ষত কভিডকালীন সময়ত আগবঢ়োৱা সেৱা আৰু অন্যান্য সামাজিক কল্যাণমূলক কামৰ বাবে স্বেচ্ছাসেৱক শুভাকৰ দে প্ৰথমে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক, ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক ৰূপে স্বীকৃতি লাভ কৰাৰ পাছত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১ একেদৰে আঁচনি বিষয়া ড° অশ্বিনী কুমাৰ ডেকাই ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ আঁচনি বিষয়া ৰূপে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ পৰা বঁটা লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী ২০২৬, তেজপুৰ সংস্কৰণ, পৃষ্ঠা নং ৭
  2. ↑ ৰঙাপৰা মহাবিদ্যালয়ৰ (স্বায়িত্বশাসিত) ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
  3. ↑ ৰঙাপৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ পদত যোগদান ড০ ৰঞ্জন কলিতাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙাপৰা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৫২১০ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।