অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সদৌ টাই আহোম ছাত্ৰ সন্থা

সদৌ টাই আহোম ছাত্ৰ সন্থা (আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চুম হুম লুক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সদৌ টাই আহোম ছাত্ৰ সন্থা (টাই-আহোম ভাষা: 𑜋𑜪𑜤 𑜑𑜪𑜤 𑜎𑜤𑜀𑜫 𑜑𑜦𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤 𑜄𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 চুম হুম লুক হেন টাই আহোম টাং মু'ঙ, ইংৰাজী ভাষা: All Tai Ahom Students union) বা চমুকৈ আটাছু হ'ল অসম আৰু অৰুণাচল প্ৰদেশৰ এটা আগশাৰী জনগোষ্ঠীয় ছাত্ৰ সংগঠন। ই টাই-আহোম জনগোষ্ঠীৰ ছাত্ৰ সমাজ মিলিত হৈ গঠন হৈছে। ই বৰ্তমান অসমৰ এটা বৃহৎ টাই-আহোম জনগোষ্ঠীয় সংগঠন।১

সংগ্ৰাম

সদৌ টাই আহোম ছাত্ৰ সন্থা মূলতঃ টাই আহোম জনগোষ্ঠীৰ জনজাতীকৰণৰ কাৰণে দাবী জনাই আহিছে।২.৩৪ ইয়াৰ উপৰি অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰতো সংগঠনটোৱে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায়। শেহতীয়া সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধেও সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদ কৰিছে।

সাংগঠনিক বিভাগ

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৰ্তমানৰ জিলা পৰ্যায়ৰ সমিতিসমূহ হৈছে-

  1. সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি
  2. সদৌ টাই আহোম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতি
  3. সদৌ টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি
  4. সদৌ টাই আহোম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি
  5. সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি
  6. সদৌ টাই আহোম ছাত্ৰ সন্থাচৰাইদেও জিলা সমিতি
  7. সদৌ টাই আহোম ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি
  8. সদৌ টাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি
  9. সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতি
  10. সদৌ টাই আহোম ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি
  11. সদৌ টাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতি
  12. সদৌ টাই আহোম ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি
  13. সদৌ টাই আহোম ছাত্ৰ সন্থা পাছিঘাট জিলা সমিতি (অৰুণাচল প্ৰদেশ)

সংগঠনটোৱে অসম দিৱস, বিহু সন্মিলন,লাচিত দিৱস, মে ডাম মে ফি আদি উদযাপন কৰে। প্ৰদ্যুৎ পৱন গগৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰথম শিক্ষা সচিব আছিল। আৰু তেওঁ কটন মহাবিদ্যালয়ৰ সদৌ টাই আহোম ছাত্ৰ সন্থা সমিতি গঠন কৰাৰ লগতে অধিকাৰীক ৱেবছাইট এটাও গঠন কৰিছিল।

বুৰঞ্জী

১৯৮৮ চনৰ জুলাই মাহত সদৌ টাই আহোম ছাত্ৰ সন্থা স্থাপন কৰা হৈছিল। প্ৰতিস্থাপক সমিতিৰ সদস্য সমূহ হল অমৃত কুমাৰ চেতিয়া, প্ৰমোদ বৰুৱা, পুষ্পধৰ শইকীয়া আৰু অৰুণ গগৈ।

লগতে চাওক

উৎস প্ৰসংগ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ All Tai Ahom Students' Union (ATASU) on Saturday urged the state government to give the Ahom community tribal status and also demanded the inclusion of Assam's history and geography in the school syllabus up to class X and make them compulsory for students., Times of India
  2. ↑ Tai Ahom students back CM, The Telegraph
  3. ↑ Tai Ahom students stage dharna, Assam Tribune
  4. ↑ ATASU protests over ST status, The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সদৌ টাই আহোম ছাত্ৰ সন্থা” প্ৰবন্ধৰ সংশোধন ৬২৫৪৯৯ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।