মাণিকে মাগে হিথে হৈছে যোহানী আৰু সতীশান ৰথনায়কৰ শ্ৰীলংকাৰ সিংহল ভাষাৰ এটি গীত।১২
গীতটোৰ এটা অফিচিয়েল কভাৰ যোহানী আৰু সতীশানে প্ৰস্তুত কৰি ২০২১ চনৰ ২২ মে'ত মুক্তি দিছিল।৩ গীতৰ কথা লিখিছিল দুলান এ আৰ এক্সে। তিনিমাহত ইউটিউবত এই কভাৰ গীতটোৱে ১৯ কোটি দৰ্শন অতিক্ৰম কৰিছিল। গীতটো কেইবাটাও ভাষাত ডাব কৰা হৈছিল। গীতটোৱে সমগ্ৰ দক্ষিণ এছিয়াৰ লগতে বিশ্বজুৰি চৰ্চ্চা লাভ কৰিছিল।৪৫৬
ভিডিঅ' গীতটোৱে শ্ৰীলংকাত প্ৰথমটো বৃহৎ অগ্ৰগতি মূলক ভাইৰেল মাৰ্কেটিঙৰ সূচনা কৰে।৭
অন্তৰালৰ কাহিনী
মূল
২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ত জুলাই মাহত শ্ৰীলংকাৰ চামথ সংগীতে প্ৰযোজনা কৰিছিল মূল গীত মাণিকে মাগে হিথে। মূল গীতটোৰ পৰিচালক আছিল হাচিথ আৰিয়ান আৰু কণ্ঠদান কৰিছিল সতীশান আৰু দুলান এ আৰ এক্সে। ২০২১ চনৰ ২২ মে'ত শ্ৰীলংকাৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ইউটিউবত এই কভাৰ গীতটো আপলোড কৰা হৈছিল।৮৯
তথ্যসূত্ৰ
- ↑ Amerasinghe, Nilanthi. (7 August 2021). Please welcome…Yohani!. Daily News
- ↑ (2021-08-23). SJB wants Govt to learn from Yohani's 'Menike mage hithe" song. NewsWire
- ↑ (31 August 2021). Global recognition for local artiste!. The Island. Upali Newspapers
- ↑ Jena, Suryakant. (16 August 2021). Manike Mage Hithe: Sinhala Song Breaking The Internet, Music Lovers Can't Get Enough #WATCH. Odisha TV
- ↑ (29 August 2021). 'Manike Mage Hithe' Yohani's Manike Mage Hithe touches the heart of 60 million. The Sunday Times, Sri Lanka
- ↑ (2021-09-11). ‘Manike Mage Hithe’: The Sri Lankan song that has bewitched Indian hearts. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Abeysekera, Nalin. (31 August 2021). Manike Mage Hithe and creative economy. The Island. Upali Newspapers
- ↑ (2021-08-20). Amitabh Bachchan shares edited video from 'Kaalia' showing him grooving to Sri Lankan hit song. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Dasgupta, Priyanka. (31 August 2021). Sinhala runaway hit 'Manike Mage Hithe' gets a Bengali folk touch. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানিকে মাগে হিথে” প্ৰবন্ধৰ সংশোধন ৪৩৫৫৮৫ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।