মালৱাই গিদ্ধা (ਮਲਵਈ ਗਿੱਧਾ) হৈছে পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষৰ লোকনৃত্য।১২৩৪৫ এই নৃত্যটো প্ৰথমে বাবেই (বয়সিয়াল)-ৰ দ্বাৰা পৰিবেশন কৰা হৈছিল আৰু সেয়েহে ইয়াক বাবেয়ান দা গিদ্ধা বুলিও কোৱা হয় যদিও বৰ্তমান এই নৃত্যটো কম বয়সৰ পুৰুষেও পৰিবেশন কৰে। ইয়াৰ ভিতৰত বোলিয়ান (লোক কবিতা)ত আন্য লোকক জোকোৱা বৈশিষ্ট্যও অন্তৰ্ভুক্ত আছে। এই নৃত্যৰ উৎপত্তি পঞ্জাৱ অঞ্চলৰ মালৱা অঞ্চলত হৈছিল আৰু ইয়াৰ সৈতে মুক্তসাৰ, বাথিণ্ডা, ফৰিদকোট, সংগ্ৰুৰ, ফিৰোজপুৰ, মানছা আৰু পাটিয়ালা জিলাৰ সম্পৰ্ক আছে।১
বাদ্যযন্ত্ৰ
মালৱাই গিদ্ধাত ব্যৱহৃত বাদ্যযন্ত্ৰ কেৱল দেখুৱাবলৈকে ব্যৱহাৰ নহয় বৰঞ্চ এজন পৰিবেশকে ইয়াক নিৰ্দিষ্ট ছন্দত বজাব লাগে তথা সেইটো কঢ়িয়াই ফুৰাৰ উপায়ো জানিব লাগিব।
সৰ্বাধিক ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হ'ল:
- টুম্বি
- চিমতা
- কাটো
- কৰতৰা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Walia, Aarohi. (2008). Folk Dances of Punjab. Unistar Books. পৃ. 64–65. ISBN 9788171426027
- ↑ Roy, Anjali Gera. (April 2020). Gendering Dance. Religions. পৃ. 202
- ↑ David, Ann R. (10 December 2015). Embodied cultural memories of the Punjab: Giddha dance and song in migrant London space. Traditiones. পৃ. 149–171
- ↑ Singh, Nahar; Gill, R.S. (2004). Folk Practices in Punjab. Journal of Punjab Studies. পৃ. 171–196
- ↑ Mooney, Nicola. (September 19, 2008). Aaja Nach Lai (Come Dance): Performing and Practicing Identity among Punjabis in Canada. Ethnologies. পৃ. 103–124
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালৱাই গিদ্ধা” প্ৰবন্ধৰ সংশোধন ৩৮২৬০৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।