মুৰ্কট্টা (নেপালী: मुर्कट्टा, ইংৰাজী: Murkatta) চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থকা এবিধ মুণ্ডহীন ভূত। বিভিন্ন নেপালী সংস্কৃতি আৰু পৰম্পৰাত মুৰ্কত্তৰ বিষয়ে উল্লেখ আছে।১২ ইহঁতক মৃত্যুৰ পৰা অহা আত্মা হিচাপে গণ্য কৰা হয়।৩
কেতিয়াবা কেতিয়াবা মুৰ্কটাক মূৰ কাটি পেলোৱা এজন ব্যক্তি বুলিও ব্যাখ্যা কৰা হয়৷ মুৰ্কট্টাক পৰাজয় বা বুদ্ধিমত্তাৰ ক্ষতিৰ প্ৰতীক বুলি গণ্য কৰা হয়।৪
সমসাময়িক সংস্কৃতি আৰু ধৰ্মত
মুৰ্কত্তাৰ ধাৰণাই সমসাময়িক সংস্কৃতি, কলা আৰু সাহিত্যৰ বিভিন্ন ৰচনাত অনুপ্ৰেৰণা যোগাইছে। নেপালৰ কাঠমাণ্ডুত মুৰ্কট্টাৰ ভয় দূৰ কৰিবলৈ আৰু শিশুসকলৰ ওপৰত পৰা কুদৃষ্টি ৰোধ কৰিবলৈ ঘোড়ে যাত্ৰাৰ দিনা এটা উৎসৱ পালন কৰা হয়।৫ ভাৰতৰ বাৰাণসীত পঞ্চম শতিকাৰ বুদ্ধৰ মূৰবিহীন ভাস্কৰ্য্যক মুৰ্কট্টা বাবা বুলি পূজা কৰা হয়।৬ ৰুকুম জিলাৰ সিস্নে পৰ্বতক (নেপালী:सिस्ने हिमाल) স্থানীয় ভাষাত মুৰ্কট্টা বুলি উপনাম দিয়া হৈছে।৭ মুৰ্কট্টা লাছ (Murkatta Lass) দিৰ্গবাহুৰ এখন নেপালী গ্ৰন্থ।৮
তথ্যসূত্ৰ
- ↑ Wilson-Howarth, J. (2013). A Glimpse of Eternal Snows: A Journey of Love and Loss in the Himalayas. BRADT TRAVEL GUIDES. Bradt Travel Guides. ISBN 978-1-84162-435-8
- ↑ Wilson-Howarth.com - - How much is true?
- ↑ nepalese_customs_and_manners.pdf
- ↑ Singh, Rana P. B. (2004). Cultural landscapes and the lifeworld: literary images of Banaras; based on the writings of Kabir, Tulasi, Mirza Ghalib, Bhartendu Harishchandra, Rudra Kashikeya, Bhishma Sahni, Raja Rao, Shivprasad Singh, Abdul Bismillah, Kashinath Singh, Pankaj Mishra. Pilgrimage & cosmology series. Indica Books. ISBN 978-81-86569-45-0
- ↑ घोडेजात्रा पर्व मनाइदै. प्रशासन
- ↑ Sisne Himal - Nepal Travel Guide
- ↑ Sisne Himal - Nepal Travel Guide
- ↑ Madan Puraskar Pustakalaya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুৰ্কট্টা” প্ৰবন্ধৰ সংশোধন ৬৩১৮০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।