ভাৰতীয় নৃত্য কলা মন্দিৰ (Bharatiya Nritya Kala Mandir) বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত কলা আৰু শিল্প সংগ্ৰহালয় আৰু বহুমুখী সাংস্কৃতিক কেন্দ্ৰ।
ইতিহাস
১৯৫০ চনৰ ৮ ডিচেম্বৰত এই কলা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়।১ মণিপুৰী আৰু কথকলী নৃত্যৰ নিপুণ পদ্মশ্ৰী হৰি উপ্পলে প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠান ১৯৬৩ চনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।২
অৱলোকন
এই ভৱনটোত নৃত্য আৰু নাট্য ষ্টুডিঅ', ৩ এটা গেলেৰীৰ স্থান আৰু এটা কলা সংগ্ৰহালয় আছে।৪ প্ৰদৰ্শনৰ কাৰ্যসূচীয়ে থিয়েটাৰৰ পৰা আৰম্ভ কৰি,৫ লাইভ সংগীত, কমেডী, নৃত্য, দৃশ্যকলা, কথিত শব্দ আৰু শিশুৰ অনুষ্ঠানলৈকে সামৰি লয়।
কলা সংগ্ৰহালয়ত পুৰণি কালৰ, ৫০০ খ্ৰীষ্টপূ্ৰ্বৰ ৫০০ খ্ৰীষ্টাব্দলৈ সামৰি লোৱা বহুতো সম্পদ প্ৰদৰ্শন কৰা হৈছে। প্ৰদৰ্শিত সামগ্ৰীসমূহৰ ভিতৰত আছে টেৰাকোটা, গহনা, ধাতুৰ বস্তু, শিলৰ ভাস্কৰ্য্য, শিলৰ সঁজুলি, মৃৎশিল্প, বাদ্যযন্ত্ৰ, কাঠৰ পালকি, বস্ত্ৰ আৰু মুখা।৬ নৃত্য প্ৰশিক্ষকসকলে ওডিছি, ভাৰতনাট্যম, কথক, লোকনৃত্য ইত্যাদি শিক্ষা দিয়ে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (2011-01-04). The Telegraph — Calcutta (Kolkata) | Bihar | Tributes pour in as Kathakali master leaves dance floor. Telegraphindia.com
- ↑ (2011-04-10). Nritya Kala Mandir to turn into music college — The Times of India. Timesofindia.indiatimes.com
- ↑ (2013-03-15). Literature fest in Patna during Bihar Diwas celebrations — The Times of India. Timesofindia.indiatimes.com
- ↑ Praxis a collective show of kala bhavan faculties | Biharplus. Biharplus.in
- ↑ (2010-12-26). Art & culture to get a big boost: Modi — The Times of India. Timesofindia.indiatimes.com
- ↑ Directorate of Archaeology — Page 6. Yac.bih.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় নৃত্য কলা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৪৮৬৯০৩ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।