ভাবী ( Bhabhi ) ১৯৫৭ চনৰ কৃষ্ণন–পাঞ্জুৱে এভিএম প্ৰডাকচনৰ বাবে পৰিচালনা কৰা এখন হিন্দী ভাষাৰ ছবি। ইয়াত বলৰাজ সাহনী, পাণ্ডাৰী বাই আৰু নন্দাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
এই ছবিখনে বছৰৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি হিচাপে পৰিগণিত হয়। এই ছবিখন ১৯৫৪ চনৰ বাংলা ছবি “ভাঙাগঢ়া”ৰ১ পুনৰ্নিৰ্মাণ আছিল, যিখন প্ৰভাৱতী দেৱী সৰস্বতীৰ “বিজিতা” নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াৰ পূৰ্বে বাংলা ছবিখন তামিল ভাষাত “কুলদেৱম” নামেৰে আৰু পিছলৈ কানাড়া ভাষাত “জেনু গুডু” হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল। বাংলা ভাষাৰ বাহিৰে সকলো সংস্কৰণতে পাণ্ডাৰী বায়ে পুনৰ অভিনয় কৰিছিল।
মনোনয়ন
|- | ১৯৫৪ | নন্দা | শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন | |}
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (23 April 2018). Tamil cinema's bong connection. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাবী (১৯৫৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৯৬১৪ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।