ভাৰত কলা ভৱন (Bharat Kala Bhavan) ভাৰতৰ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অৱস্থিত বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ ওপৰত জ্ঞান প্ৰসাৰত ই সহায়ক হৈ আহিছে। ই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বাৰাণসী চহৰৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যটন আকৰ্ষণ।১২৩৪
ইতিহাস
১৯৫০ চনত জৱাহৰলাল নেহৰুৱে বৰ্তমানৰ সংগ্ৰহালয় ভৱনৰ ভেটি স্থাপন কৰাৰ আগত আৰু পিছত ১৯২০ চনৰ পৰা ১৯৬২ চনৰ ভিতৰত সংগ্ৰহালয়টোৰ সংগ্ৰহসমূহ বাৰাণসীৰ ভিতৰৰ কেইবাটাও স্থানলৈ স্থানান্তৰ কৰা হয়। তাৰ পিছত ১৯৬২ চনত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ স্থানলৈ ইয়াক স্থানান্তৰ কৰা হয়।৫৬
সংগ্ৰহ
ভাৰত কলা ভৱনত ১ম শতিকাৰ পৰা ১৫ শতিকাৰ সময়চোৱাৰ শিল্পকৰ্ম, বৌদ্ধ আৰু হিন্দু ভাস্কৰ্য্য, ছবি, পাণ্ডুলিপি, মোগলৰ ক্ষুদ্ৰ চিত্ৰ, চিত্ৰকলা, ব্ৰ’কেড বস্ত্ৰ, সমসাময়িক শিল্পৰূপ আৰু ব্ৰঞ্জৰ মূৰ্তিৰ সংগ্ৰহ আছে। মৃৎশিল্প, ধাতুৰ শিল্প, হাতীদাঁতৰ সামগ্ৰী, গহনা, টেৰাকোটা আৰু গুজৰাটী, ৰাজস্থানী আৰু পাহাৰী ক্ষুদ্ৰ চিত্ৰৰ বিৰল সংগ্ৰহও সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈছে। ভাৰত কলা ভৱনৰ মুঠ সংগ্ৰহ ১০৪,৩৭৬ টা।৭২
তথ্যসূত্ৰ
- ↑ Museum information. Museum website
- ↑ Bharat Kala Bhavan. Eastern Uttar Pradesh tourism website
- ↑ Museum info. Varanasi district website
- ↑ Info on Varanasi city website. Varanasi city website
- ↑ History. Museum website
- ↑ Milestones. Museum website
- ↑ Collection. Museum website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত কলা ভৱন” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৮৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।