অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৱাইয়া আৰু ছতকা গীত

অসমীয়া মৌখিক প্ৰেম-প্ৰণয়মূলক গীতৰ ভিতৰত গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৱাইয়া আৰু ছতকা গীতবোৰ উল্লেখযোগ্য। লিৰিকেল সৌন্দৰ্য এই দুয়োবিধ গীতৰ অন্যতম বৈশিষ্ট্য। আন আন লোকগীতৰ দৰে ভাৱাইয়া আৰু ছতকা কোনো ধৰণৰ ধৰ্মীয় অনুষঙ্গত গোৱা নহয়, হিন্দু-মুছলমান আদি বিভিন্ন ধৰ্মৰ লোকে এই গীতবোৰ অতি আনন্দেৰে শুনে।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অসমীয়া মৌখিক প্ৰেম-প্ৰণয়মূলক গীতৰ ভিতৰত গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৱাইয়া আৰু ছতকা গীতবোৰ উল্লেখযোগ্য। লিৰিকেল সৌন্দৰ্য এই দুয়োবিধ গীতৰ অন্যতম বৈশিষ্ট্য। আন আন লোকগীতৰ দৰে ভাৱাইয়া আৰু ছতকা কোনো ধৰণৰ ধৰ্মীয় অনুষঙ্গত গোৱা নহয়, হিন্দু-মুছলমান আদি বিভিন্ন ধৰ্মৰ লোকে এই গীতবোৰ অতি আনন্দেৰে শুনে। ভাৱাইয়া গীতবোৰ ভাবপ্ৰধান আৰু ছতকা-গীতবোৰ ব্যঙ্গপ্ৰধান। দোতোৰা, মঞ্জিৰা আদি বাদ্যযন্ত্ৰৰ সহায়ত এই গীতবোৰ গোৱা হয়। ভাৱাইয়া গীতত পৰিস্ফুট প্ৰেম ডেকা-গাভৰুৰ ৰোমাণ্টিক প্ৰেম নহয়, বৰং অবিবাহিতা গাভৰুৰ দৈহিক আসক্তি, বিশেষকৈ যৌন জীৱনৰ আকাঙক্ষাৰ বেদনাৰ স্ফুৰণ।১ উদাহৰণস্বৰূপে তলত এটি ভাৱাইয়া গীত দিয়া হ'ল—

কিসেৰ মোৰ ৰান্ধন, কিসেৰ মোৰ বাঢ়ন কিসেৰ মোৰ হলদি বাটা, মোৰ প্ৰাণ ধন অন্যেৰ বাৰী যায় মোৰ অঙ্গিনাই দিয়া ঘাটা। ও সজনী কাৰবা আগে ক'ব মোৰ দুখেৰ কথা॥ মোৰ বন্ধু গান গায় মাথা তুলি না চায়, মই নাৰী যাং জলেৰ ঘাটে॥... চেতন হুয়া দেখং বন্ধু নাই বগলে গাৱখান মোৰ চেংচেঙা কৰে। ও সজনী কাৰ আগে ক'ব মোৰ দুখেৰ কথা॥২

তথ্যসূত্ৰ

  1. ↑ বিশ্বেশ্বৰ হাজৰিকা সম্পাদিত "অসমীয়া সাহিত্যৰ বুৰঞ্জী" (প্ৰথম খণ্ড), প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম, পৃষ্ঠা: ২৫১
  2. ↑ হেমন্ত কুমাৰ শৰ্মাৰদ্বাৰা সংগৃহীত আৰু সম্পাদিত অসমীয়া লোকগীতি সঞ্চয়নৰপৰা উদ্ধৃত, পৃষ্ঠা: ২৭০

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱাইয়া আৰু ছতকা গীত” প্ৰবন্ধৰ সংশোধন ৫৩১৬৬০ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।