মায়াবাজাৰ (Mayabazar; শশীৰেখা পৰিণয়ম নামেৰেও পৰিচিত) ১৯৩৬ চনৰ ভাৰতীয় তেলেগু ভাষাৰ এখন ফেণ্টাচী ছবি, যাৰ পৰিচালনা পি বি দাসে কৰিছে। নিৰ্মাণ বেল পিকচাৰ্ছৰ। ছবিখনত অভিনয় কৰিছে যাদৱল্লী নাগেশ্বৰ ৰাও, এছ পি লক্ষ্মনাস্বামী, ৰামী ৰেড্ডী, আৰু শান্তাকুমাৰী। সংগীত ৰচনা কৰিছিল গলিপেঞ্চল নৰসিংহ ৰাৱে।১
কাহিনীটো মহাকাব্য মহাভাৰতৰ আধাৰত ৰচিত লোককথা শশীৰেখা পৰিণয়মৰ অভিযোজন। ছবিখন যথেষ্ঠ জনপ্ৰিয় হৈছিল। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই পৰিচালক পি.ভি.দাসৰ মৃত্যু হয়।২
নিৰ্মাণ
ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিবলৈ দাসে মঞ্চ অভিনেতা যাদৱল্লী নাগেশ্বৰ ৰাওক বাছি লৈছিল। শ্ৰীকৃষ্ণ লীলালুত (১৯৩৫) অভিষেক হোৱা মাষ্টৰ চালুৰী ৰাজেশ্বৰ ৰাৱে অভিমন্যুৰ সৰুকালৰ চৰিত্ৰটো কৰাৰ বিপৰীতে এছ পি লক্ষ্মণস্বামীয়ে ডাঙৰ কালৰ চৰিত্ৰটো কৰিছিল। ৰায়প্ৰলু সুব্ৰহ্মণ্যম আৰু ৰামী ৰেড্ডীক ক্ৰমে দুৰ্যোধন আৰু ঘটোৎকচৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল।২
শশীৰেখাৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিনেত্ৰী বিচাৰি থাকোঁতে পি. বি. দাসে সুব্বম্মাক এখন স্কুলত সংগীত শিকাই থকা অৱস্থাত দেখিছিল। যদিও প্ৰথম অৱস্থাত তেওঁৰ পিতৃ-মাতৃয়ে অভিনয় কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছিল, পিছলৈ তেওঁলোক সহজ হৈছিল।২ সুব্বম্মাক শান্তাকুমাৰী নামেৰে পুনৰ নামকৰণ কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ (8 November 2006). Copy Cat Crown (Part 5) – Copy Cats Of The Yore. Cinegoer
- ↑ Narasimham, M. L. (26 December 2010). Mayabazaar (1936). দ্য হিন্দু
- ↑ Narasimham, M. L. (20 October 2000). Unforgettable screen mother. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়াবাজাৰ (১৯৩৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৮৭২১ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।