অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মেই জিন্দা হুঁ

মেই জিন্দা হুঁ (অনু. মই জীয়াই আছো; Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেই জিন্দা হুঁ ' (অনু. মই জীয়াই আছো; Ladies Only) ১৯৮৮ চনত সুধীৰ মিশ্ৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয়, হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত ৰাজেন্দ্ৰ গুপ্ত, পংকজ কাপুৰ, দীপ্তি নাভাল আৰু আলোক নাথে অভিনয় কৰিছে।১

৩৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।২ ছবিখন ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (NFDC) প্ৰযোজনা কৰিছিল। ২০১২ চনত চলচ্চিত্ৰ পুনৰুদ্ধাৰ প্ৰকল্পত এইখনকো অন্তৰ্ভুক্ত কৰা হৈছিল, য'ত ৮০খন ভাৰতীয় চলচ্চিত্ৰৰ ধ্ৰুপদী ছবি জড়িত আছিল।৩

প্লট

বীনা গাঁৱৰ ছোৱালী। চহৰৰ এটা মধ্যবিত্ত পৰিয়াললৈ তেওঁৰ বিয়া হৈছিল। পিছে বিয়াৰ বেছিদিন নহওতেই গিৰিয়েকে তেওঁক এৰি যায়। তেওঁ কাম আৰম্ভ কৰে আৰু নিজৰ পৰিয়ালটো পোহপাল দিয়ে। অৱশেষত তেওঁ সহকৰ্মী এজনৰ প্ৰেমত পৰে আৰু তেতিয়াই তেওঁৰ স্বামী ঘূৰি আহে।৪৫

তথ্যসূত্ৰ

  1. ↑ Main-Zinda-Hoon Overview (I Am Alive). The New York Times
  2. ↑ 36th National Film Awards. Directorate of Film Festivals
  3. ↑ (12 April 2012). Yesterday Once More. Indian Express
  4. ↑ (12 April 2012). Yesterday Once More. Indian Express
  5. ↑ (12 April 2012). Yesterday Once More. Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৮৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেই জিন্দা হুঁ” প্ৰবন্ধৰ সংশোধন ৪৯৭২২৫ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।