মায়া মিৰিগ (Maya Miriga) ১৯৮৪ চনৰ নিৰদ মহাপাত্ৰৰ পৰিচালনাত নিৰ্মিত এখন ওডিয়া ছবি। ১ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ছবিখনে সৰ্বভাৰতীয় স্তৰত দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰে। ২
কিশোৰী দেৱী, সম্পদ মহাপাত্ৰ, মনস্বিনী, মণিমালা, বিনোদ মিশ্ৰ, বংশীধৰ সৎপথী, সুজাতা আদি অভিনয় শিল্পীয়ে এই ছবিখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।২
পুনৰুদ্ধাৰ
মায়া মিৰিগক বৈজ্ঞানিক পদ্ধতিৰে পুনৰুদ্ধাৰ কৰি ফিল্ম হেৰিটেজ ফাউণ্ডেছনত ১৬ মিলিমিটাৰৰ মূল কেমেৰা নিগেটিভ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিগমৰ ৰাষ্ট্ৰীয় ফিল্ম আৰ্কাইভত ৩৫ মিলিমিটাৰৰ প্ৰিন্ট এটা সংৰক্ষণ কৰা হয়। ৩
পুনৰুদ্ধাৰ কৰাটো অত্যন্ত প্ৰত্যাহ্বানজনক আছিল, কাৰণ মূল কেমেৰা নিগেটিভটো ফিল্ম হেৰিটেজ ফাউণ্ডেচনে এটা গুদামত অতি বেয়া অৱস্থাত পৰিত্যক্ত ৰূপত পাইছিল আৰু ফিল্মৰ কিছুমান অংশত কোনো ছবি নাছিল। ৩৫ মিলিমিটাৰৰ প্ৰিন্টটোৰ মানো সময়ৰ লগে লগে অৱনতি ঘটিছিল। প্ৰতিচ্ছবিবোৰ কিছু কিছু অংশত ধুসৰ আৰু ৰংচুৱা হৈ পৰিছিল। প্ৰায় তিনি বছৰ সময় লগা এই পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত ফিল্ম মেৰামতি, ডিজিটেল পুনৰুদ্ধাৰ আৰু কালাৰ গ্ৰেডিঙ কৰা হৈছিল। ৩
ছবিখনৰ পুনৰুদ্ধাৰ কৰা সংস্কৰণটোৰ ইল চিনেমা ৰিট্ৰ'ভাটো ২০২৪ত প্ৰিমিয়াৰ হয় ৩ আৰু পিছলৈ এমএএমআই মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত ৰেষ্ট’ৰ্ড ক্লাছিক চেকচনৰ অধীনত প্ৰদৰ্শিত হয়। ৪
বঁটা
৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৩)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)২
উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৮৫)
- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ পৰিচালক- নিৰদ এন মহাপাত্ৰ
বাহ্যিক সংযোগ
- Maya Miriga at Letterboxd
তথ্যসূত্ৰ
- ↑ Eleanor Mannikka. (2011). Maya Miriga (1985). The New York Times
- ↑ 31st Nation Film Film Award Catalouge. Directorate of Film Festivals, Govt. of India. পৃ. 5, 54
- ↑ (2024-01-20). Film Heritage Foundation restores Nirad Mohapatra’s landmark Odia film ‘Māyā Miriga’(1984). Film Heritage Foundation
- ↑ MAMI Mumbai Film Festival Announces its 2024 Official Film Selections. The Hollywood Reporter India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া মিৰিগ” প্ৰবন্ধৰ সংশোধন ৫০৮২৭৪ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।