মানগৰম হৈছে ২০১৭ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন থ্ৰিলাৰ চলচ্চিত্ৰ। লোকেশ কানাগৰাজৰ দ্বাৰা লিখা আৰু পৰিচালিত চলচ্চিত্ৰখনৰ প্ৰযোজক এছ.আৰ. প্ৰভু। চলচ্চিত্ৰখনৰ চাউণ্ডট্ৰেক নিৰ্মাণ কৰিছে জাভেদ ৰিয়াজে। অভিনয় কৰিছে শ্ৰী নটৰাজন, সুদীপ কিষাণ, ৰেজিনা কেছান্দ্ৰা আদিয়ে। ২০১৭ চনৰ ১০ মাৰ্চত মুক্তি লাভ কৰা চলচ্চিত্ৰখনে সমালোচকৰ ইতিবাচক সমালোচনা লাভ কৰিছিল। ইয়াক ২০২৩ চনত মুম্বাইকাৰ নামেৰে হিন্দীত মুক্তি দিয়া হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানগৰম” প্ৰবন্ধৰ সংশোধন ৫২২০৩৭ (৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।