অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ধীৱৰা (সংগীত)

ধীৱৰা (Dhivara; One with Perseverance) হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ২০১৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু চলচ্চিত্ৰ “বাহুবলী: দ্য বিগিনিং”-ৰ এটি গীত। গীতটিত ৰম্য বেহাৰা আৰু দীপুয়ে কণ্ঠদান কৰিছে৷ ৰামযোগায়া শাস্ত্ৰীয়ে লিখা এই গীতটিৰ সুৰ আৰোপ কৰিছে এম এম কীৰাবাণীয়ে৷ গীতটিৰ অধিকাংশ কথা সংস্কৃতত…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ধীৱৰা (Dhivara; One with Perseverance) হৈছে কোদুৰী শ্ৰীশৈলা শ্ৰী ৰাজামৌলীৰ দ্বাৰা পৰিচালিত ২০১৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু চলচ্চিত্ৰ “বাহুবলী: দ্য বিগিনিং”-ৰ এটি গীত। গীতটিত ৰম্য বেহাৰা আৰু দীপুয়ে কণ্ঠদান কৰিছে৷ ৰামযোগায়া শাস্ত্ৰীয়ে লিখা এই গীতটিৰ সুৰ আৰোপ কৰিছে এম এম কীৰাবাণীয়ে৷১২ গীতটিৰ অধিকাংশ কথা সংস্কৃতত লিখা৷৩

গীতটিৰ ভিডিঅ’ত প্ৰভাসে চিভুদু ওৰফে মহেন্দ্ৰ বাহুবলীৰ চৰিত্ৰত আৰু তামান্নাই অৱন্তিকাৰ চৰিত্ৰত অভিনয় কৰিছে। গীতটিত আৱন্তিকাৰ দৃশ্যৰ পৰা অনুপ্ৰাণিত হৈ পূৰ্বতে অসম্ভৱ বুলি ভবা চিভুদুয়ে জলপ্ৰপাত বগাই যোৱা কামটো সম্পূৰ্ণ কৰে।৪৫ অন্ধ্ৰ প্ৰদেশৰ কুৰণুলত অৱস্থিত অৰভাকাল ৰক গাৰ্ডেন, কেৰেলাৰ থ্ৰিছুৰৰ আথিৰাপিল্লী জলপ্ৰপাত আৰু মহাৰাষ্ট্ৰৰ মহাবলেশ্বৰৰ পশ্চিম ঘাটত এই গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।

মুক্তি

গীতটি ২০১৫ চনৰ ৩১ মে’ত এলবামখনত থকা অন্যান্য গীতবোৰৰ লগতে মুক্তি পায়৷৬ গীতটিৰ ভিডিঅ’ ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰত টি-চিৰিজ তেলেগুৰ ইউটিউব চেনেলৰ জৰিয়তে মুক্তি পায়৷৭ এই গীতটিয়ে ইউটিউবত ৫৮ মিলিয়নৰো অধিক দৰ্শন লাভ কৰিছে৷৭ গীতটি তামিল ভাষাত ধীৰানে (Deerane),৮ হিন্দী ভাষাত খয়া হে (Khoya Hain)৯১০ আৰু মালয়ালম ভাষাত নজান চেনদেনা (Njan Chendena)১১ শিৰোনামেৰে মুক্তি পায়।

তথ্যসূত্ৰ

  1. ↑ (30 August 2015). Dheevara Lyrics (English) Baahubali. Lyricsol
  2. ↑ Dheevara Song - Baahubali - The Beginning. filmelon
  3. ↑ What do the Sanskrit lyrics in Dhivara song in Baahubali mean?. Saddahaq
  4. ↑ (4 August 2015). Baahubali song Dheevara: Prabhas and Tamannaah's romance by the waterfall is a visual treat!. Bollywood Life
  5. ↑ Guest Writer Gunnam Gangaraju. Arka Media Works
  6. ↑ (31 May 2015). Dheerava Audio Song
  7. ↑ (25 September 2015). Dheevara Video Song
  8. ↑ M. M. Keeravani. (24 June 2015). Baahubali – The Beginning (Tamil) (Original Motion Picture Soundtrack). iTunes
  9. ↑ Manohari Hindi song. Hungama
  10. ↑ M. M. Keeravani. Baahubali – The Beginning (Hindi) (Original Motion Picture Soundtrack). iTunes
  11. ↑ Manorama Music Songs. (4 July 2015). Baahubali (Malayalam) - All songs audio JukeBox

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৱৰা (সংগীত)” প্ৰবন্ধৰ সংশোধন ৬৩৭২৬১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।