অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দৰ পূজা

দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে।

হালনাগাদ: ১১ জুলাই ২০২৩ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে। দৰ-পূজাৰ জৰিয়তে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী নাইবা ৰণচণ্ডীক শাস্ত্ৰীয় পদ্ধতিৰে পূজা নিবেদন কৰা হয়। ৰজা দিনীয়া অস্ত্ৰ-শস্ত্ৰ, যাঠি-জোং, পতাকা-নিচান আদি পূজাস্থলীলৈ উলিয়াই আনে। দৰঙী ৰজাসকলৰ বংশধৰসকলে সেই অস্ত্ৰ-শস্ত্ৰবোৰ হাতত লৈ শাৰী পাতি ৰণ যাত্ৰা কৰাৰ নিচিনাকৈ থিয় হয় আৰু যুদ্ধত প্ৰবৃত্ত হোৱাৰ ভাও প্ৰদৰ্শন কৰে। যুদ্ধ-বাদ্য ঢেপা ঢোল, বৰতাল, বৰকাঁহ, শিঙা, শংখ, নাগাৰা আদিৰ বাদ্য-বাজনাত সমগ্ৰ পূজাস্থলীখনত যুদ্ধৰ পৰিৱেশ এটাৰ সৃষ্টি হয়।১

তথ্যসূত্ৰ

  1. ↑ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা, ড⁰ নবীন চন্দ্ৰ শৰ্মা

সম্পৰ্কিত শ্ৰেণী

অসমৰ উৎসৱসমূহপৰিবেশ্য কলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰ পূজা” প্ৰবন্ধৰ সংশোধন ৩৭১৩৯৭ (১১ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।