নিৰ্ভয়া (Nirbhoya) সম্বিত মিডিয়া এণ্ড প্ৰডাকচনচৰ বেনাৰত মিলন ভৌমিক পৰিচালনা আৰু সঞ্জীৱ সমাদ্দাৰৰ প্ৰযোজিত ২০১৮ চনৰ এখন বাংলা ছবি। ছবিখন ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা গোচৰৰ আধাৰত নিৰ্মিত।১ পশ্চিম বংগৰ উপৰিও ওড়িশা, অসম আৰু বিহাৰৰ দৰে আন ৰাজ্যতো ছবিখন মুক্তি পোৱাৰ কথা আছিল। সুদেশু শিৱমৰ দ্বাৰা হিন্দীত চিত্ৰনাট্য সম্পাদনা কৰি হিন্দীত ডাব কৰা ছবিখনৰ আন এটা সংস্কৰণো মুক্তি পাবলগীয়া আছিল।২
পৰিচালকজনৰ মতে, ছবিখনৰ উদ্দেশ্য হৈছে ৰাইজক সচেতন কৰা যে কেৱল ধৰ্ষণ বিৰোধী আইন বা ৰাজপথৰ প্ৰতিবাদে এনে বিপদজনক ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিব নোৱাৰে। যদিও এই কাণ্ডৰ পৰিৱেশ দিল্লীত হৈছিল, ছবিখনৰ চৰিত্ৰসমূহ পশ্চিম বংগত আধাৰিত হ'ব। এই ছবিখন প্ৰডাকচন হাউচ সম্বিত মিডিয়া এণ্ড প্ৰডাকচনচৰ প্ৰথম প্ৰকল্প।৩
তথ্যসূত্ৰ
- ↑ "Nirbhoya" Bangla Movie Goes on Floors. Washington Bangla Radio on Internet
- ↑ Film on Delhi rape, Nirbhaya, slams casual mindset: Ashis Vidyarthi. Daily News and Analysis
- ↑ Milan Bhowmik to direct 'Nirbhaya' - a movie on the Delhi gang-rape. NDTV's channel on ইউটিউব
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্ভয়া (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪৭৫৩ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।