অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য শ্বোলে গাৰ্ল

দ্য শ্বোলে গাৰ্ল ( The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি। ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।

হালনাগাদ: ৩ মে’ ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দ্য শ্বোলে গাৰ্ল ( The Sholay Girl ) আদিত্য সৰ্পোতদাৰ পৰিচালিত আৰু শ্ৰাৱণী দেওধৰ, সাই দেওধৰ আৰু শক্তি আনন্দ প্ৰযোজিত ২০১৯ চনৰ হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্যধৰ্মী ছবি।১ ফৈজল আখতাৰ আৰু শ্ৰবাণী দেওধৰৰ দ্বাৰা ৰচিত এই ছবিখন ভাৰতৰ প্ৰথম ষ্টাণ্ট অ’মেন ৰেশমা পাঠানৰ জীৱনৰ ওপৰত আধাৰিত।২ বিদিতা বেগে পাঠানৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে চন্দন ৰায় সন্যাল, ৰাজকুমাৰ ৰোডে আৰু আদিত্য লখিয়াই সহযোগী চৰিত্ৰত অভিনয় কৰিছে।৩

এই শিৰোনামটোৱে শ্বোলেক বুজায়, যিখন ছবিত পাঠানে হেমা মালিনীৰ বাবে ষ্টাণ্ট ডাবল হিচাপে কাম কৰিছিল।৪ এই ভূমিকাত প্ৰস্তুতি চলাবলৈ বেগে যুদ্ধকলাৰ প্ৰশিক্ষণ লৈছিল।৫ তেওঁ লগতে কয় যে তেওঁ শ্বোলে ছবিখনৰ টংগা দৃশ্যটো "অন্ততঃ ১০০ বাৰ চাইছিল, যাতে এই চৰিত্ৰটো আয়ত্ত কৰিব পাৰে।"৬ ২০১৯ চনৰ ৩ মাৰ্চত অফিচিয়েল ট্ৰেইলাৰ মুক্তি পায় আৰু ছবিখন আন্তৰ্জাতিক মহিলা দিৱসৰ দিনা ৮ মাৰ্চত অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্ম ZEE5 ত মুক্তি পায়।

তথ্যসূত্ৰ

  1. ↑ (3 March 2019). The Sholay Girl trailer: Bidita Bag stars as India's first stuntwoman Reshma Pathan. The Indian Express
  2. ↑ Chakraborty, Rimi. (8 March 2019). Not Jai-Veeru Or Gabbar, Basanti's Stunt Double Reshma Pathan Was The Real Action Star Of 'Sholay'. MensXP.com
  3. ↑ (21 February 2019). Bidita Bag will be seen as Hema Malini's body double in The Sholay Girl. Mid Day
  4. ↑ Sharma, Aayushi. (4 March 2019). All You Need To Know About Reshma Pathan aka The Sholay Girl, India's First Stunt Woman. Zee TV
  5. ↑ Bandyopadhyay, Bohni. (2 March 2019). Streaming Now: Amazon Prime's Made In Heaven, ZEE5's Sholay Girl Queued Up For Women's Day. CNN-News18
  6. ↑ (19 February 2019). Bidita Bag to play Hema Malini's body double Reshma Pathan in web film The Sholay Girl. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ২০১৯ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰজীৱনীমূলক চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য শ্বোলে গাৰ্ল” প্ৰবন্ধৰ সংশোধন ৬০৪১৯৫ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।