দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ।১ গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।
উদযাপন
দেওধনী নৃত্য এই পূজাৰ প্ৰধান অংশ। দেওধনীৰ নিৰ্দ্দেশমতে পূজাৰ কাম-কাজ হয়। সাধাৰণতে ফাগুন মাহৰ দেও আৰু সোমবাৰে এই পূজা হয়। পূজাৰ এক সপ্তাহ আগৰপৰা ৰাইজে গোট-পিত খাই আৰনাম আমোল অৰ্থাৎ ভগৱানৰ মেল পাতে আৰু এজন তালুকদাৰ নিৰ্বাচন কৰে। গাঁৱৰ ঘৰে-ঘৰে পূজাৰ বাবে ভাত আৰু মদৰ চাউল প্ৰস্তুত কৰে আৰু পূজাৰ উদ্যোক্তাই এয়া পূজাৰ বাবে প্ৰতি ঘৰৰপাৰা সংগ্ৰহ কৰে। পূজাৰ বাবে গাঁৱৰ ঘৰসমূহ মচি-কাচি পৰিষ্কাৰ কৰি শুদ্ধি কৰা হয়। এইদৰে ছদিন যোৱাৰ পাছত সোমবাৰে জগানক আমন্ত্ৰণ জনোৱা হয়। জগানক মতাৰ দিনাৰেপৰা দেওধনী, তালুকদাৰ, হজা আদি লঘোণে থাকি পূজাৰ থাপনা পাতে। মঙলবাৰৰ দিনা মূল পূজা ভাগ হয়। সকলোৱে পৱিত্ৰ দেহ-মনেৰে পূজাত অংশ লয় আৰু বুধবাৰে বলিৰ শেষত সকলোৱে সমূহীয়াকৈ ভোজ-ভাত খায়।১
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (২০২১). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃ. ১৮১-৮২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেহাল পূজা” প্ৰবন্ধৰ সংশোধন ২৫৩৪৭৯ (৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।