নতুন পাতা (Natun Pata) দীনেন গুপ্ত পৰিচালিত ১৯৬৯ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি।১ ছবিখনৰ মূল চৰিত্ৰত আৰতি গংগোপাধ্যায়, কাজল গুপ্ত, শম্ভু মিত্ৰ আৰু সমিত ভঞ্জই অভিনয় কৰে। এইখন ১৯৬৯ চনৰ ২৮ ফেব্ৰুৱাৰীত মুক্তি পায়।২ নতুন পাতাই ১৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক লাভ কৰে।৩ ৩৩তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এছোচিয়েচন বঁটাত দহখন শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ সপ্তম স্থান লাভ কৰে।৪
অভিনয় শিল্পী
- আৰতি গংগোপাধ্যায় (সাবিত্ৰী)
- কাজল গুপ্ত (উত্তৰা)
- শম্ভু মিত্ৰ (জেঠামশাই)
- সমিত ভঞ্জ (সুনীল)
- উমানাথ ভট্টাচাৰ্য (ৰাজন)
- সুনীল বন্দোপাধ্যায় (ভিকু)
- উমানাথ ভট্টাচাৰ্য (বিনোদবিহাৰী)
- জহৰ ৰায়
- চিন্ময় ৰায় – (হৰু ঘটক)
- গোৰহৰি চক্ৰৱৰ্তী – (মালি)
- অলোক দাস – (নন্তু)
- অশোক দাস – (মন্তু)
বঁটা
সপ্তদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৯)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।৩
৩৩তম বি.জে.এ.এফ. বঁটা (১৯৭০)
- শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ (সপ্তম)৪
তথ্যসূত্ৰ
- ↑ Natun Pata: Dinen Gupta. indiancine.ma
- ↑ Filmography details: Natun Pata. bengalfilmarchive.com
- ↑ 17th National Film Awards. Directorate of Film Festivals
- ↑ 33rd Annual BFJA Awards: Awards For The Year 1969. web.archive.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন পাতা” প্ৰবন্ধৰ সংশোধন ৫০৭৭৩৮ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।