ধৰম বীৰ (Dharam-Veer ) ১৯৭৭ চনৰ, মনমোহন দেশাই পৰিচালিত হিন্দী ভাষাৰ এখন পিৰিয়দ একচন-ড্ৰামা ছবি। আৰ.কে. ষ্টুডিঅ’ৰ বেনাৰত মেহবুব ষ্টুডিঅ’ৰ অধীনত সুভাষ দেশায়ে ছবিখন প্ৰযোজনা কৰিছিল। অভিনয় কৰিছিল ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, জীনত আমন, নীতু সিং আৰু প্ৰাণে।
সংগীত ৰচনা লক্ষ্মীকান্ত–প্যাৰেলালৰ। ধৰ্মেন্দ্ৰৰ কনিষ্ঠ পুত্ৰ ববী দেউলে পিতৃৰ চৰিত্ৰৰ শৈশৱৰ সংস্কৰণটোত কম সময়ৰ বাবে ভূমুকি মাৰিছিল।
ছবিখনত এখন পৌৰাণিক ৰাজ্যৰ ধৰম আৰু বীৰ নামৰ এহাল যমজ ভাতৃৰ কাহিনী কোৱা হৈছে। ধৰম আৰু বীৰৰ ভূমিকাত ক্ৰমে ধৰ্মেন্দ্ৰ আৰু জীতেন্দ্ৰই অভিনয় কৰা কৰিছে। জন্মৰ সময়তে তেওঁলোকৰ বিচ্ছেদ ঘটোৱা হয়। শৈশৱত দুয়োজন ভাল বন্ধু হৈ পৰে, অথচ তেওঁলোক যে আপোন ভাই সেই কথা নাজানিছিল। পিছলৈ খলনায়কৰ বিভিন্ন ষড়যন্ত্ৰৰ বাবে ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়ে আৰু শেষত পুনৰ মিলন ঘটে। এই ছবিখন ১৯৭৭ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়।১২৩
তথ্যসূত্ৰ
- ↑ (2006-04-22). BoxOfficeIndia.Com-The complete Hindi film box office site
- ↑ Box Office 1977. Box Office India
- ↑ United Kingdom Evolution - £100k To £4 Million Of Pathaan. Box Office India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰম বীৰ” প্ৰবন্ধৰ সংশোধন ৫০৩৮২৮ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।