দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (The Government Servant) ২০২৩ চনত মুক্তিলাভ কৰা অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। ইয়াৰ পৰিচালনা প্ৰদ্যুৎ কুমাৰ ডেকাৰ। জয়ন্ত মাধৱ বৰা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাই যুটীয়াভাৱে ইয়াক ৰচনা কৰিছে। চলচ্চিত্ৰখনত নিকুমণি বৰুৱা, কপিল বৰা, হিৰণ্য ডেকা, উপকূল বৰদলৈ আদি শিল্পীয়ে অভিনয় কৰিছে। ২০২৩ চনৰ ২৪ মাৰ্চত উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰখন মুক্তি দিয়া হয়।১ ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে মায়ঙত।২
কাহিনীৰ পটভূমি
চলচ্চিত্ৰখনৰ কাহিনীৰ পটভূমি হৈছে যাদু-মন্ত্ৰৰ ঠাই বুলি খ্যাত মায়ং। অৰ্ণৱ বৰা নামৰ এজন মধ্যবয়সীয়া যুৱকে (কপিল বৰা) মায়ঙত ৰাজহ বিষয়াৰূপে নিযুক্তি পায়। ঠাইখনৰ সৌন্দৰ্যই অৰ্ণৱৰ মন কাঢ়ি নিয়ে আৰু তেওঁ এজন চহা লোকৰ পত্নী বীণাক লগ পায়। পিছলৈ দুয়োৰে মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। অৰ্ণৱে অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত ঠাইখণ্ডত আধুনিকতাৰ পাতনি মেলিবলৈ যত্ন কৰে কিন্তু গাঁওবাসীয়ে প্ৰাচীন পৰম্পৰা ত্যাগ কৰিবলৈ অপাৰগ হয়। এনেতে এদিন বীণাই ইমানদিনে লুকুৱাই ৰখা অসুখ এটাৰ বাবে তেওঁৰ মৃত্যু হয়। তেতিয়া অৰ্ণৱৰ ঠাইখণ্ডত থকাৰ ইচ্ছা নোহোৱা হয়।১
তথ্যসূত্ৰ
- ↑ The government servant. imdb.com
- ↑ (1 May 2022). New feature film 'The Government Servant' to hit theatres soon. newslivetv.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (২০২৩ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৫৮৭৩৩ (১ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।