নাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱাই (গোপ-গোপী) নাচে। সত্ৰৰ নতুন শিকাৰু সকলে এই নাচ শিকে।১
প্ৰকাৰ
নাদু-ভংগী নাচ দুই প্ৰকাৰৰ: ৰামদানি আৰু গীতৰ নাচ।১
সাজ-পাৰ
নাদু-ভংগী নাচত পূৰ্বতে উল্লেখ কৰি অহা তিনিযোৰ নটুৱাৰ ভিতৰত প্ৰথম যোৰাই কৃষ্ণৰ, দ্বিতীয় যোৰাই গোপীৰ আৰু তৃতীয় যোৰাই ঝুমুৰৰ সাজ পিন্ধি নাচিবলৈ লয়। নাদু-ভংগীৰ সাজ সম্পৰ্কে নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে এনেদৰে কৈছে১
"ককালত ৰঙা বা পাটৰ চুৰিয়া, ভৰিত নূপূৰ গাত চুটি হাতৰ বুকুফুলা ক'লা চোলা।মূৰত ৰঙা, হালধীয়া বা বগা কাপোৰ। তাৰ ওপৰত বনকৰা নটুৱা টুপী, হাতত বাজু।"
পৰিৱেশন শৈলী
নাদু-ভংগী নাচৰ ৰামদানি অংশত দুখনি তাল বজোৱা হয়।এই দুখনি তালেৰেই বাজনা শেষ কৰা হয়।এই নাচত ৰক্ত তাল বজোৱা হয়। শংকৰদেৱৰ কীৰ্ত্তন স্থাপনৰ দিনটোত নাদু-ভংগী নৃত্যৰ বাবে সাৰংগ ৰাগত "অ সখি পেখো মদন গোপাল...." বৰগীতটি গোৱাৰ নিয়ম প্ৰচলিত হৈ আছে।বৰগীতটি গাই শেষ হোৱাৰ লগে লগে নাদু-ভংগী নাচৰো সামৰণি পৰে।১
তথ্যসূত্ৰ
- ↑ অসমীয়া সংস্কৃতি কণিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদু-ভংগী” প্ৰবন্ধৰ সংশোধন ৩৭৭৭৬৯ (১৩ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।