দুমৌৰ বা দুমীৰ মিচিং জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা গামোচা৷ ইয়াক পুৰুষ মহিলা উভয়েই ব্যৱহাৰ কৰে৷ দুমৌৰ একৰ পৰা দুই মিটাৰ হয়৷ ইয়াৰ দুয়োটা মূৰত ফুল বছা হয় বা যিকোনো ৰঙৰ সূতাৰে পাৰি দি আঁচু বৈ দিয়া হয়৷ দুমৌৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে পৰিধান কৰা হয়৷ কেতিয়াবা কঁকালত, কেতিয়াবা মূৰত বা গাত লোৱা হয়৷১
তথ্যসূত্ৰ
- ↑ অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুমৌৰ” প্ৰবন্ধৰ সংশোধন ৩৭০২৩২ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।