অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পদাতিক (১৯৭৩ চনৰ চিনেমা)

পদাতিক (পদাতিক (১৯৭৩-এর চলচ্চিত্র)) হ'ল মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু মৃণাল সেন পৰিচালিত ১৯৭৩ চনৰ এখন বাংলা ভাষাৰ বোলছবি। এই বোলছবিখনক মৃণাল সেনৰ কলিকতা ট্ৰাইলজীৰ তৃতীয়খন ছবি বুলি গণ্য কৰা হয়, বাকীকেইখন হৈছে ইণ্টাৰভিউ, আৰু কলিকতা ৭১।

হালনাগাদ: ২ জানুৱাৰী ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পদাতিক (পদাতিক (১৯৭৩-এর চলচ্চিত্র)) হ'ল মৃণাল সেন প্ৰডাকচনৰ১ বেনাৰত নিৰ্মিত আৰু মৃণাল সেন পৰিচালিত২ ১৯৭৩ চনৰ এখন বাংলা ভাষাৰ বোলছবি।

এই বোলছবিখনক মৃণাল সেনৰ কলিকতা ট্ৰাইলজীৰ তৃতীয়খন ছবি বুলি গণ্য কৰা হয়, বাকীকেইখন হৈছে ইণ্টাৰভিউ, আৰু কলিকতা ৭১।

কাহিনী

কাৰাগাৰৰ গাড়ীৰপৰা পলায়ন কৰি এগৰাকী ৰাজনৈতিক কৰ্মীয়ে এগৰাকী যুৱতীৰ মালিকানাধীন এটি আড়ম্বৰপূৰ্ণ এপাৰ্টমেণ্টত আশ্ৰয় লয়। দুয়োজনেই বিদ্ৰোহী: এজন ৰাজনৈতিক বিশ্বাসঘাতকতাৰ বিৰুদ্ধে সৰৱ আৰু আনজন সামাজিক পৰ্যায়ৰ কৰ্মী। বেয়াকৈ সংগঠিত অৱস্থাৰ প্ৰতি দুয়োজনেই তিক্ত। একক বন্দিত্বত থকাৰ বাবে পলাতকজনে নিজকে আত্ম-সমালোচনাত কৰিছে‍ আৰু এই প্ৰক্ৰিয়াত নেতৃত্বক প্ৰশ্ন কৰিছে‍। প্ৰশ্নৰ অনুমতি নাই, আজ্ঞা পালন বাধ্যতামূলক। অসন্তুষ্টিৰ ফলত তিক্ততা, তিক্ততাই বিভাজনৰ সৃষ্টি কৰিছে‍। পৃথক হোৱা ৰাজনৈতিক কৰ্মীজন আৰু নিৰ্বাসিত মহিলাগৰাকী - দুয়োৰে‍ বাবে সংগ্ৰাম চলি থাকিব লাগিব।৩৪

অভিনয়ত

  • ধৃতিমান চেটাৰ্জী
  • ছিমি গৰেৱাল
  • বিজন ভট্টাচাৰ্য
  • জোচোন দস্তিদাৰ
  • অশিমা সিনহা
  • ধ্ৰুৱ মিত্ৰ
  • প্ৰভাস সৰকাৰ

বঁটা

  • শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - মৃণাল সেন আৰু আশিস বৰ্মন

তথ্যসূত্ৰ

  1. ↑ PADATIK (1973). BFI
  2. ↑ Padatik (1973) - Review, Star Cast, News, Photos. Cinestaan
  3. ↑ Ishan. (2021-02-23). Padatik (1973) · Art House Cinema. www.arthousecinema.in
  4. ↑ 'Padatik' (1973) - 8 classic Mrinal Sen movies you shouldn't miss. The Times of India

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদাতিক (১৯৭৩ চনৰ চিনেমা)” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৮৬ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।