অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পয় পি মাও

পয় পি মাও হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত বসবাস কৰা টাই খামটিসকলে উদযাপন কৰা নৱবৰ্ষ উৎসৱ। টাই খামটি চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি নিৰ্ধাৰিত দিনত প্ৰতি বছৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান দিনপঞ্জী মতে এই উৎসৱৰ দিন নৱেম্বৰ আৰু/বা ডিচেম্বৰ মাহত পৰে।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২১ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পয় পি মাও হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত বসবাস কৰা টাই খামটিসকলে উদযাপন কৰা নৱবৰ্ষ উৎসৱ। টাই খামটি চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি নিৰ্ধাৰিত দিনত প্ৰতি বছৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান দিনপঞ্জী মতে এই উৎসৱৰ দিন নৱেম্বৰ আৰু/বা ডিচেম্বৰ মাহত পৰে। টাই জনগোষ্ঠীয় লোকসকলৰ মাজৰ ঐক্য আৰু বাৰেৰহণীয়া সাংস্কৃতিক ঐতিহ্যৰ উদযাপনক পয় পি মাও উৎসৱৰ তাৎপৰ্য হিচাপে গণ্য কৰা হয়।১

উদযাপন

অৰুণাচল প্ৰদেশ টাই খামটি বা বিশ্বৰ অন্যান্য টাই সম্প্ৰদায়ৰ লোকসকলৰ মাজত পয় পি মাওৰ বৰ্দ্ধিত গুৰুত্বলৈ লক্ষ্য ৰাখি ধাৰণাটো অৰুণাচল প্ৰদেশৰ নামছাইৰ টাই খামটি উন্নয়ন সমাজ চমুকৈ টিকেডিএছে প্ৰাচীন টাই দিনপঞ্জী অনুসৰি নৱবৰ্ষ দিৱস উৎসৱ উদযাপন কৰাৰ ধাৰণাক কাৰ্যকৰী ৰূপ দিয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰ্যটকসকলক ৰাজ্যখনৰ সংস্কৃতি প্ৰদৰ্শন কৰাই এই উদযাপনৰ মূল উদ্দেশ্য।২

তথ্যসূত্ৰ

  1. ↑ TAI-KHAMPTI. Namsai.nic.in. Govt. of Arunachal Pradesh
  2. ↑ Poi Pee Mau Tai Khampti - The New Year of the Tai Khamptis. Taikhamti.blogspot.com

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পয় পি মাও” প্ৰবন্ধৰ সংশোধন ৩০৮৭৬৬ (৫ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।